Assam Budget 2025: ২০০৬ বা তাৰ পূৰ্বে স্থাপিত বিদ্যালয়ৰ প্রাদেশিকীকৰণৰ প্ৰস্তাৱ, শিক্ষকলৈ উন্নীতকৰণ কৰা হ’ব টিউটৰক
মহিলাৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীলৈ, দৰিদ্ৰৰ পৰা আৰম্ভ কৰি মধ্যবিত্তলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয় বাজেটত। বিদ্যালয় প্রাদেশিকীকৰণক লৈও বাজেটত লোৱা হৈছে বহু ডাঙৰ সিদ্ধান্ত।

Assam Budget 2025 (1)
অসম বিধানসভাত দাখিল কৰা হৈছে ২০২৫-২৬ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম কাৰ্যকালৰ অন্তিম বাজেট। বাজেটৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিছে অসমবাসীয়ে। পুৱা ১১.৩০ বজাৰ লগে লগে সদনত বাজেট ভাষণ আৰম্ভ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। কেবিনেট বৈঠক৷ কেবিনেটত বাজেট পাছ কৰাৰ পিছতে সদনত বাজেট দাখিল কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে।
প্ৰথমে ঝুমইৰ বিনন্দিনী আৰু এডভাণ্টেজ আছাম ২.০ৰ অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। বিত্ত মন্ত্ৰীয়ে কয়, “এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ৰ দৰে যুগান্তকাৰী পদক্ষেপসমূহক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিছে। তেখেতে সদায় অসমৰ কাষত থিয় হোৱাৰ বাবে তেওঁক মই অন্তৰৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।”
অসমৰ বাজেট ব্যয় ২৫০% বৃদ্ধি পোৱাৰ লগতে ২০২৪-২৫ বৰ্ষত মূলধনী ব্যয় ২৪,৯৬৪ কোটি টকালৈ বৃদ্ধি পাইছে। বাজেট উল্লেখ থকা তথ্য অনুসৰি ৰাজ্যৰ ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৯ শতাংশ আৰু জনমুৰি আয় ১৭ শতাংশ বৃদ্ধিৰে দ্ৰুতগতিত বিকাশ হোৱা ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। লগতে অসমত প্ৰায় ৪৬.৮৭ লাখ লোক ভিন্ন স্তৰৰ দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে। শ্ৰমিকৰ অংশগ্ৰহণৰ হাৰ ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ ৩৫.৬ শতাংশৰ পৰা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ৪২.৭ শতাংশলৈ বৃদ্ধি পাইছে।
ইয়াৰ উপৰিও মহিলাৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীলৈ, দৰিদ্ৰৰ পৰা আৰম্ভ কৰি মধ্যবিত্তলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয় বাজেটত। বিদ্যালয় প্রাদেশিকীকৰণক লৈও বাজেটত লোৱা হৈছে বহু ডাঙৰ সিদ্ধান্ত। বাজেটৰ যোগেদি মঞ্জুৰী নথকাৰ বাবে অসম শিক্ষা (শিক্ষকৰ সেৱাৰ প্রাদেশিকীকৰণ আৰু শিক্ষা প্রতিষ্ঠান পুনৰ গঠন) আইন ২০১৭ৰ ২০১৮ চনত হোৱা সংশোধনীৰ অধীনত প্রাদেশিকীকৰণ কৰিব নোৱাৰা ১ জানুৱাৰী, ২০০৬ বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্রতিষ্ঠানৰ প্রাদেশিকীকৰণৰ মই প্রস্তাৱ আগবঢ়াই বিত্ত মন্ত্ৰীয়ে। ইয়াৰ বাবে আপত্তি বিহীন প্রমাণপত্র/অনুমতি/স্বীকৃতি/অন্তর্ভুক্তি/মঞ্জুৰী আৰু শিক্ষা অনুষ্ঠানখনৰ নামত ১ জানুৱাৰী, ২০০৬ বা তাৰ পূৰ্বে মাটি থকা বুলি উপযুক্ত কর্তৃপক্ষই দিয়া প্রমাণপত্র গ্রহণ কৰাৰ বাবে আগবঢ়োৱা হয় প্রস্তাৱ।
লগতে প্রাদেশিকীকৰণ প্ৰক্ৰিয়াৰ সময়ত শিক্ষানুষ্ঠান বাছনিৰ বাবে শৈক্ষিকভাবে পিছপৰা খণ্ড আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত কিছু যোগ্যতাৰ মাপকাঠি শিখিল কৰা হ’ব। ইয়াৰ বাবে আইন প্রণয়ন কৰিবলৈ প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব শিক্ষা বিভাগে। ইয়াৰ উপৰিও বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰ যে, যিসকল টিউটৰে সংশোধিত অসম শিক্ষা (শিক্ষকৰ সেৱাৰ প্ৰাদেশিকীকৰণ আৰু শিক্ষা অনুষ্ঠানৰ পুনৰ গঠন) আইন, ২০১৭ অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব।