গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ ! পুৱতি নিশা যুৱ নেতাসহ চিত্ৰশিল্পীক আটক…
অভিযোগ অনুসৰি, গছ কটাৰ বিৰোধিতা কৰাৰ বাবে পুৱতি নিশা জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ অংকুমান বৰদৈলক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । কেৱল অংকুৰনে নহয়, তেওঁৰ লগতে মাৰ্শ্বেল বৰুৱা নামৰ এগৰাকী চিত্ৰশিল্পী আৰু ভৰলুমুখৰ স্থানীয় বাসিন্দা কমল কুমাৰ নামৰ আন এজন লোককো আৰক্ষীয়ে পুৱতি নিশা আটক কৰিছে বুলি জানিব পৰা গৈছে ।
গছ কটাৰ বিৰুদ্ধে গুৱাহাটীবাসীৰ প্ৰতিবাদ অব্যাহত আছে । অভিযোগ অনুসৰি, গছ কটাৰ বিৰোধিতা কৰাৰ বাবে পুৱতি নিশা জাতীয় যুৱ বাহিনীৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ অংকুমান বৰদৈলক আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে । যুৱ নেতা গৰাকীক পুৱতি নিশা শোৱাপাটীৰ পৰা আৰক্ষীয়ে আটক কৰাক লৈ এতিয়া সচেতন মহলৰ লগতে সমাজিক মাধ্যমত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
কেৱল অংকুৰনে নহয়, তেওঁৰ লগতে মাৰ্শ্বেল বৰুৱা নামৰ এগৰাকী চিত্ৰশিল্পী আৰু ভৰলুমুখৰ স্থানীয় বাসিন্দা কমল কুমাৰ নামৰ আন এজন লোককো আৰক্ষীয়ে পুৱতি নিশা আটক কৰিছে বুলি জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, গছ কটা বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে এই আটাইকেইজনক আটক কৰিছে বুলি অভিযোগ উত্থাপন হৈছে । প্ৰকৃততে তেওঁলোকক আৰক্ষীয়ে কিয় আটক কৰিছে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই ।
উল্লেখ্য যে,উৰণীয়া সেতু নিৰ্মাণৰ নামত দীঘলীপুখুৰী পাৰৰ প্ৰায় ২৫ জোপা গছ কাটি পেলোৱা হ’ব বুলি খবৰ প্ৰকাশ পোৱাৰ পাছতে গছৰ কটাৰ বিৰুদ্ধে ৰাজপথলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল গুৱাহাটীবাসীয়ে । একেদৰে যোৱা কালিও ৰাজপথলৈ ওলাই আহি মহানগৰীৰ ভৰলুমুখ অঞ্চলত ৰে’লপথৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে গছ কটাৰ কথিত পৰিকল্পনাৰ প্ৰতিবাদ সাব্যস্ত কৰে ভৰলুমুখবাসীৰ লগতে সচেতন লোকসকলে ।
এই দুয়োটা প্ৰতিবাদী কাৰ্যসূচীতে অংশগ্ৰহণ কৰিছিল আটকাধীন আটাইকেইজন যুৱকে । যাৰ পৰিপ্ৰেক্ষতিত গছ কটাৰ বাবেই অংকুৰন বৰদলৈসহ আটাইকেইজনক আটক কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে । ইফালে শিল্প মাৰ্শ্বেল বৰুৱাক আৰক্ষীয়ে আটক কৰাৰ পাছতে এখন বিশেষ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ছবিখনত লিখা আছিল ‘Kick Himanta, Save Nature’। এই ছবিখনৰ বাবেও মাৰ্শ্বেল আটক কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে ।
উল্লেখ্য যে, যোৱা শনিবাৰে পুনৰ ৰাজপথলৈ ওলাই আহি মহানগৰীৰ ভৰলুমুখ অঞ্চলত ৰে’লপথৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে গছ কটাৰ কথিত পৰিকল্পনাৰ প্ৰতিবাদ সাব্যস্ত কৰে ভৰলুমুখবাসীৰ লগতে সচেতন লোকে । জ্যেষ্ঠ নাগৰিককে ধৰি ভৰলুমুখ অঞ্চলটোৰ প্ৰায় ১০০ জন লোকে গছৰ কাষে কাষে মানৱ শৃংখল গঢ়ি তুলি প্লেকাৰ্ড প্ৰদৰ্শনেৰে গছ কটাৰ বিৰুদ্ধে শ্লোগান দিয়ে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এগৰাকী জ্যেষ্ঠ নাগৰিকে কয় যে,”এই গছবোৰ ভৰালুমুখ অঞ্চলৰ এটা চিহ্ন হৈ আহিছে। আমাৰ শৈশৱত ভৰলু নদীৰ পানীও পৰিষ্কাৰ আছিল, কিন্তু এতিয়া তেনেকুৱা নহয়। গছবোৰো যদি কাটি দিয়া হয়, তেন্তে ঠাইখনৰ ইতিহাসৰ কোনো লেখ-জোখ নাথাকিব।” অঞ্চলটোৰ আন এজন জ্যেষ্ঠ বাসিন্দাই লগতে কয়,”আমি দলং বা উন্নয়নৰ বিৰোধী নহয়। কিন্তু নিৰ্মাণৰ স্বাৰ্থত যাতে এই অঞ্চলৰ সৌন্দৰ্য্য আৰু সেউজীয়া ধ্বংস নহয় তাৰ বাবে নিশ্চয় বিকল্প উপায় থাকিব পাৰে।”
যোৱা মাহত দীঘলীপুখুৰী অঞ্চলৰ আশে-পাশে থকা শতিকা পুৰণি গছবোৰক সুৰক্ষা দিবলৈও চহৰখনৰ জনসাধাৰণ একত্ৰিত হৈছিল । চহৰখনৰ ভিতৰতে আটাইতকৈ দীঘল ৫.০৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে দীঘলীপুখুৰী পাৰৰ প্ৰায় ২৫ জোপা গছ কাটি পেলোৱা হ’ব বুলি খবৰ প্ৰকাশ পাইছিল । এই বিষয়টো গুৱাহাটী উচ্চ ন্যায়ালয়লৈকে গৈছিল ।
ইফালে,অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰী অঞ্চলত উপস্থিত হৈ চৰকাৰৰ উন্নয়নমূলক কাম-কাজক লক্ষ্য কৰি একাংশ লোকে “অপ্ৰয়োজনীয় বিতৰ্ক” সৃষ্টি কৰা বুলি দাবী কৰে। লগতে গছবোৰ ৰক্ষা কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰে উৰণীয়া সেতুৰ আৰ্হি সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।