জুৱেল ওৰামৰ মন্তব্যক লৈ সৰৱ ছয় জনগোষ্ঠী ! তিনিচুকীয়াত উত্তাল প্ৰতিবাদ মৰাণ-মটক জনগোষ্ঠী সংগঠনৰ…
জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণকলৈ কৰা দায়সৰা মন্তব্যৰ পাছতে উত্তপ্ত হৈ পৰে তিনিচুকীয়া জিলা । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰোধিতা কৰি আজি তিনিচুকীয়া সদৰত প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহে । প্ৰতিবাদৰ সময়ত আৰক্ষীৰে প্ৰতিবাদকাৰী তৰ্কবিতৰ্কত লিপ্ত হোৱা দেখা যায় ।
কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণকলৈ কৰা দায়সৰা মন্তব্যৰ পাছতে উত্তপ্ত হৈ পৰে তিনিচুকীয়া জিলা । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰোধিতা কৰি আজি তিনিচুকীয়া সদৰত প্ৰতিবাদ সাব্যস্ত কৰে মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহে । প্ৰতিবাদৰ সময়ত আৰক্ষীৰে প্ৰতিবাদকাৰী তৰ্কবিতৰ্কত লিপ্ত হোৱা দেখা যায় ।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে সাংবাদিকৰ আগত কৈছিল যে, জনজাতিকৰণ বিষয়টো বিচৰাধীন হৈ আছে । কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পাছতে আজি সমগ্ৰ অসমৰ ছয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আজি তিনিচুকীয়া চহৰৰ মাজমজিয়া থানা চাৰিআলিত সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰে আৰক্ষীয়ে । ইফালে প্ৰতিবাদকাৰীসকলে পুত্তলিকা দাহ কৰাৰ সময়ত আৰক্ষীয়ে জুই নুমুৱাবলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বিশেষ গেছ ব্যৱহাৰ কৰাৰ ফলত পৰিৱেশৰ ধুঁৱলি-কুঁৱলি হৈ পৰে । সমান্তৰালভাৱে এইলৈ আৰক্ষী বিষয়াৰে প্ৰতিবাদকাৰীৰ মাজত তৰ্কবিতৰ্ক হয় ।
যেতিয়া প্ৰতিবাদকাৰীয়ে পুত্তলিকা দাহ কৰিছিল সেই সময়ত এগৰাকী আৰক্ষীৰ বিষয়াই জ্বলি থকা পুত্তলিকাৰ জুই নুমুৱাবলৈ চেষ্টা কৰিছিল । এই সময়ত বিষয়াগৰাকীৰে প্ৰতিবাদকাৰী তৰ্ক যুদ্ধত লিপ্ত হয় । উল্লেখ্য যে, সেই সময়ত এগৰাকী আৰক্ষীৰ বিষয়াই “জুই জ্বলিলে জুই নুমুৱাবই লাগিব” বুলি মন্তব্য প্ৰকাশ কৰিছিল । বিষয়াগৰাকীৰ এই মন্তব্যৰ পাছতে প্ৰতিবাদকাৰী সকলক ক্ষোভিত হৈ পৰে ।
আৰক্ষীৰ বিষয়াগৰাকীৰ এনে মন্তব্যত ক্ষুদ্ধ হৈ প্ৰতিবাদকাৰীসকলে কয় যে,’আমাক যদি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব নিদিয়ে, তেন্তে সশস্ত্ৰ সংগ্ৰাম কৰিব লাগিব নেকি ?’ গণতান্ত্ৰিক প্ৰতিবাদৰ পৰা আঁতৰি বন্দুক ধৰিব লাগিব নেকি বুলিও ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে ৷ আজি তিনিচুকীয়া জিলাৰ প্ৰতিবাদত দুয়োটা সংগঠনৰ নেতৃত্বৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব-বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।