Raas Mahotsav 2024: কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ৰাস মহোৎসৱ, উজনিৰ পৰা নামনিলৈ কেনেদৰে চলিছে ৰাসৰ প্ৰস্তুতি?

Raas Mahotsav 2024: ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব এই ৰাস মহোৎসৱ । ক'ৰবাত যদি জীৱন্ত ৰাস, ক'ৰবাত আকৌ মৃণ্ময় মূৰ্তিৰে কৃষ্ণলীলাৰ কাহিনী প্ৰকাশৰ বাবে বৰ্ণাঢ্য আয়োজন । উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। এফালে যেনেদৰে সত্ৰনগৰী মাজুলীত পৰম্পৰাগত ৰাসৰ উলহ-মালহ, একেদৰে নামনি অসমৰ অন্যতম শ্ৰেষ্ঠ ৰাস উৎসৱ বৰপেটাতো মৃণ্ময় মূৰ্তিৰ চকুত চমকলগা প্ৰস্তুতি ।

Raas Mahotsav 2024: কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হব ৰাস মহোৎসৱ, উজনিৰ পৰা নামনিলৈ কেনেদৰে চলিছে ৰাসৰ প্ৰস্তুতি?

উজনিৰ পৰা নামনিলৈ কেনেদৰে চলিছে ৰাসৰ প্ৰস্তুতি?

Updated On: 

14 Nov 2024 13:56 PM

‘শৰত কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্রীড়া কৰিতে কৃষ্ণৰ ভৈলা মন..’। কাইলৈৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ৰাস মহোৎসৱ। বৈকুণ্ঠপুৰীত পৰিণত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। ৰাজ্যৰ বিভিন্ন স্থানত উলহ-মালহেৰে উদযাপন কৰা হয় ৰাস মহোৎসৱ। এই উৎসৱ আৰম্ভ হয় অসমীয়াৰ আঘোণ মাহৰ পূৰ্ণিমাৰ দিনাখনৰ পৰা। ইংৰাজী কেলেণ্ডাৰৰ নৱেম্বৰ-ডিচেম্বৰ মাহত ৰাস মহোৎসৱ অনুষ্ঠিত হয়।

ৰাজ্যৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ । ক’ৰবাত যদি জীৱন্ত ৰাস, ক’ৰবাত আকৌ মৃণ্ময় মূৰ্তিৰে কৃষ্ণলীলাৰ কাহিনী প্ৰকাশৰ বাবে বৰ্ণাঢ্য আয়োজন । উজনিৰ ৰাস অভিনয়কেন্দ্ৰিক আৰু নামনিৰ ৰাস মূৰ্তিকেন্দ্ৰিক। এফালে যেনেদৰে সত্ৰনগৰী মাজুলীত পৰম্পৰাগত ৰাসৰ উলহ-মালহ, একেদৰে নামনি অসমৰ অন্যতম শ্ৰেষ্ঠ ৰাস উৎসৱ বৰপেটাতো মৃণ্ময় মূৰ্তিৰ চকুত চমকলগা প্ৰস্তুতি । মাজুলীৰ দক্ষিণপাট সত্ৰত পোন প্ৰথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈহে ৰাসোৎসৱৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ঘটে।

প্ৰতিবছৰৰ দৰে এইবছৰ ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৰাস মহোৎসৱ । ১৫০ৰো অধিক বছৰ ধৰি ৰাসলীলা বা ৰাস মহোৎসৱ উদযাপন হৈ আহিছে সত্ৰনগৰী মাজুলীত । যাক লৈ ব্যাপক প্ৰস্তুতি চলিছে । প্ৰতিখন সত্ৰতে ৰাসৰ প্ৰস্তুতিৰ সমান্তৰালকৈ ৰাসলীলাৰ আখৰাও চলি আছে । মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰই এইবাৰ ৰাস মহোৎসৱ উদযাপনৰ ১৮৫ বছৰ পূৰ্ণ কৰিব । যিয়ে মাজুলীবাসীৰ ভক্তি আৰু সাংস্কৃতিক অনুষ্ঠানৰ স্থায়ী উত্তৰাধিকাৰৰ প্ৰমাণ হিচাপে কাম কৰিছে ।

এই সন্দৰ্ভত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱ গোস্বামীয়ে কয়, “আমি ‘ৰাস’ শব্দটো শুনাৰ লগে লগে গোপীসকলৰ সৈতে নৃত্য কৰা ভগৱান কৃষ্ণক কল্পনা কৰো । ৰাসৰ আৰম্ভ বৃন্দাবনৰ পৰা আহিছিল । পিছলৈ ‘কেলি গোপাল’ নাটকৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰাসক নৱ-বৈষ্ণৱী ধৰ্মত পৰিচয় কৰাই দিয়ে । দক্ষিণপাট সত্ৰৰ দশম সত্ৰাধিকাৰ বাসুদেৱ প্ৰভুৱে ভগৱান কৃষ্ণৰ জন্মৰ পৰা শংখচূড়ৰ মৃত্যুলৈকে সমগ্ৰ জীৱন ৰচনা কৰা এখন নাটক অন্তৰ্ভুক্ত কৰিছিল । এই পৰম্পৰা অব্যাহত আছে আৰু আমি এতিয়া ১৮৫ বছৰত ভৰি দিছোঁ”।

মাজুলীৰ ৰাসৰ লগতে আন এক পৰিচিত বস্তু হৈছে মুখাশিল্প । মাজুলীৰ চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত । ৰাস প্ৰদৰ্শনৰ বাবে ইয়াত মুখাসমূহ নিৰ্মাণ কৰা হয় । বাণিজ্যিক উদ্দেশ্য পূৰণৰ বাবেও মাজুলীত মুখা নিৰ্মাণৰ পৰম্পৰা অব্যাহত আছে । যাৰ বাবে শিল্পীসকলে উৎসৱৰ বাহিৰেও আন সময়তো শিল্পকৰ্মক ধৰি ৰাখিব পাৰে ।

এইবাৰ মাজুলীৰ ৰাস মহোৎসৱত প্ৰায় ৫০,০০০ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন হ’ব বুলি আশা কৰা হৈছে । যাৰ বাবে জিলা প্ৰশাসনে দৰ্শনাৰ্থীৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক প্ৰস্তুতি চলাইছে । সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাজুলীৰ বাহিৰৰ পৰাও অতিৰিক্ত বাহিনী মোতায়েন কৰা হৈছে ।

উজনি অসমৰ দৰে নামনি অসমতো এই ৰাস মহোৎসৱৰ প্ৰাধান্য দেখা পোৱা যায়। নলবাৰী, শুৱালকুছি, ৰামদিয়া, হাউলী, টিহু, পলাশবাৰী আদি অঞ্চলত ৰাস মহোৎসৱ পালন কৰে। কিন্তু উজনি আৰু নামনিৰ ৰাসৰ মাজত বহু পাৰ্থক্য দেখিবলৈ পোৱা যায়।

বৰপেটা জিলাৰ ঐতিহাসিক চহৰ হাউলীত অহা ১৫ নবেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে ১৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব হাউলী ৰাস মহোৎসৱ ৷ এইবেলি ৯৭তম বৰ্ষত ভৰি দিয়া হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে ৷ হাউলী ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কত উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়া মতে, “প্ৰায় শতাধিক শিল্পীয়ে এমাহ পূৰ্বৰে পৰা ৰামায়ণ, মহাভাৰত, বেদ, উপনিষদৰ আখ্যান-উপাখ্যানৰ লগতে শ্ৰীকৃষ্ণৰ লীলাসমূহৰ ওপৰত মৃন্ময় প্ৰতিমা নিৰ্মাণ কৰি আছে ৷” ইয়াৰ লগতে ৰাস মহোৎসৱৰ ১৫ দিনীয়া কাৰ্যসূচী অনুসৰি প্ৰতিদিনে বিভিন্ন সাংস্কৃতিক সমল পৰিবেশন কৰা হ’ব ।

 

কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস
বৃহস্পতিবাৰৰ দিনটোত হালধীৰ দ্বাৰা কৰক এনে বিধান, দূৰ হ’ব ধনৰ অভাৱ