5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Raas Mahotsav 2024: গুৱাহাটীত ৰামায়ণ ধাৰাবাহিকৰ ‘ৰাম-সীতা’, অংশ ল’ব নলবাৰীৰ ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত!

ৰামৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দিপীকা চিখলিয়া উপস্থিত হৈছে ৰেডিচন ব্লুত। দূৰদৰ্শনৰ এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে অৰুণ গোভিল আৰু দিপীকা চিখলীয়াই। বৰঝাৰ বিমান বন্দৰত নামি পোনে পোনে ৰেডিচন ব্লুত কিছু সময় জিৰণি লৈ সন্ধিয়া নলবাৰী ৰাস মহোৎসৱত অংশ ল'ব দুই অভিনেতা-অভিনেত্ৰীয়ে৷

Raas Mahotsav 2024: গুৱাহাটীত ৰামায়ণ ধাৰাবাহিকৰ ‘ৰাম-সীতা’, অংশ ল’ব নলবাৰীৰ ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত!
গুৱাহাটীত ৰামায়ণ ধাৰাবাহিকৰ ‘ৰাম-সীতা’
trishna-kalita
Trishna Kalita | Updated On: 15 Nov 2024 15:32 PM

Nalbari Raas Mahotsav 2024: গুৱাহাটীত উপস্থিত ৰামায়ণ ধাৰাবাহিকৰ ‘ৰাম আৰু সীতা’৷ নলবাৰীৰ ৰাসত অংশ ল’ব দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীয়ে৷ ৰামৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা দিপীকা চিখলিয়া উপস্থিত হৈছে ৰেডিচন ব্লুত। দূৰদৰ্শনৰ এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণৰ ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰিছিল ক্ৰমে অৰুণ গোভিল আৰু দিপীকা চিখলীয়াই।

বৰঝাৰ বিমান বন্দৰত নামি পোনে পোনে ৰেডিচন ব্লুত কিছু সময় জিৰণি লৈ সন্ধিয়া নলবাৰী ৰাস মহোৎসৱত অংশ ল’ব দুই অভিনেতা-অভিনেত্ৰীয়ে৷ আজি নলবাৰীৰ ৰাসৰ উদ্বোধন কৰিব ‘ৰামায়ণ’ ধাৰাবাহিকত ৰাম চৰিত্ৰত অভিনয় কৰা অভিনেতা অৰুণ গোভিল আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী দীপিকা চিখলীয়াই। এসময়ৰ জনপ্ৰিয় হিন্দী ধাৰাবাহিক ‘ৰামায়ণ’ত অভিনয় কৰা শিল্পীসকলে শুভ উদ্বোধনী অনুষ্ঠানত ‘ৰামায়ণ’ প্ৰদৰ্শন কৰিব। ৰামায়ণৰ ৰাম-সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিল আৰু দীপিকা চিখলিয়াক নলবাৰী পৰিদৰ্শন বঙলাৰ পৰা হৰি মন্দিৰলৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ এক বর্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি অনা হ’ব।

প্ৰতি বছৰৰ দৰে এইবাৰো নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ । ১৫ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈকে ১৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৯১ সংখ্যক শ্ৰীশ্ৰী ৰাস মহোৎসৱ। ৰাজ্যত অনুষ্ঠিত হোৱা অন্যতম ৰাস মহোৎসৱ নলবাৰীৰ ৰাস মহোৎসৱ। এই ৰাসৰ বিশেষত্ব হ’ল মৃন্ময় মূৰ্তি। এইবাৰ নতুন নতুন সংযোজনেৰে মৃন্ময় মূৰ্তিৰ ৰাস অনুষ্ঠিত কৰা হ’ব।ইয়াৰোপৰি নলবাৰী হৰি মন্দিৰৰ সহায়ত আৰু প্ৰজ্ঞাৰ উদ্যোগত স্থানীয় শিল্পীৰ দ্বাৰা জীৱন্ত ৰাস অনুষ্ঠিত কৰা হ’ব। ইতিমধ্যে ইয়াৰ বাবে শিল্পীসকলৰ মাজত প্ৰস্তুতি আৰম্ভ হৈছে। ২০ আৰু ২১ নবেম্বৰত প্ৰদৰ্শন কৰা হ’ব জীৱন্ত ৰাস।

নলবাৰী ৰাসৰ অন্যতম আকৰ্ষণ থিয়েটাৰ। প্ৰায় ১০ খনকৈ ভ্ৰাম্যমান থিয়েটাৰে প্ৰদৰ্শন কৰিব নাট। বৰদৈচিলা থিয়েটাৰে ২১ আৰু ২২ নৱেম্বৰত, কলাগুৰু থিয়েটাৰে ২১-২৩ নৱেম্বৰলৈ, ৰাজতিলক থিয়েটাৰে ২২-২৬ নৱেম্বৰলৈ, ইতিহাস থিয়েটাৰে ২৩-২৭ নৱেম্বৰলৈ, ৰাজমুকুট থিয়েটাৰে ২৩-২৭ নৱেম্বৰলৈ, বৃন্দাবন থিয়েটাৰে ২৩-২৬ নৱেম্বৰলৈ, ৰাজলক্ষ্মী থিয়েটাৰে ২৩-২৬ নৱেম্বৰলৈ, থিয়েটাৰ সূর্যই ২৪-২৭ নৱেম্বৰলৈ, ৰাজধানী থিয়েটাৰে ২৪-২৭ নৱেম্বৰলৈ আৰু হেঙুল থিয়েটাৰে ২৫-২৭ নৱেম্বৰলৈ নাট মঞ্চস্থ কৰিব নাট। প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ টিকট অনলাইন যোগে দিয়াৰ ব্যৱস্থা ৰাস উদযাপন সমিতিৰ। বৃহস্পতিবাৰে Online Ticket ব্যৱস্থাপনা মুকলি কৰে কেবিনেট মন্ত্ৰী তথা ৰাস উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই। ইয়াৰোপৰি থাকিব কণ্ঠশিল্পী জয় বৰুৱাৰ গীতৰ শৰাই।

লগতে অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা, বাণিজ্য মেলা , আত্ম সহায়ক গোটৰ মেলা, দিহা নাম, নাগাৰা নাম, বিভিন্ন অনুষ্ঠান থাকিব এই ৰাস মহোৎসৱত। এই ৰাস মহোৎসৱত থাকিব ভাওনা ৰাস। ইয়াৰ লগতে ভক্ত বা দৰ্শনাৰ্থীক মৃন্ময় মূৰ্তি ৰাসৰ বাখ্যা দাঙি ধৰাৰ ব্যৱস্থাও থাকিব। ৰাসৰ শান্তি-শৃংখলাৰ দিশটো চোৱা-চিতাৰ দায়িত্বত নিয়োজিত থাকিব হাজাৰোধিক স্বেচ্ছাসেৱক আৰু একেলগে ৫হাজাৰ লোক।

Latest News