কাইলৈ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ, কিমান সংখ্যক ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ?
কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আনহাতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ৪ এপ্ৰিলত ।

২ এপ্ৰিল, বুধবাৰে অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ৩৬ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব এই নিৰ্বাচন । এটা পৰ্যায়তে স্বায়ত্ত শাসিত পৰিষদটোৰ আটাইকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ।
নিৰ্বাচন আয়োগে জনোৱা অনুসৰি, কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আনহাতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব ৪ এপ্ৰিলত । যদি কোনো সমষ্টিত পুনৰ ভোটগ্ৰহণৰ কোনো প্ৰয়োজনীয়তা আহে তেন্তে সেই ভোটগ্ৰহণ ৩ এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে নিৰ্বাচন আয়োগে ।
নিৰ্বাচন আয়োগে জনোৱা মতে, ৬৩০টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ । হাছং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত সমষ্টিসমূহৰ মুঠ ভোটাৰৰ সংখ্যা ৪,৪৫,৫৮৬ গৰাকী । ইয়াৰে ২,২৯,৩৯৪ গৰাকী মহিলা আৰু ২,১৬,১৭৭ জন পুৰুষ ভোটাৰ । অন্য়ান্য ভোটাৰ সংখ্যা হৈছে ১১ গৰাকী।
ইফালে, এই নিৰ্বাচনটোৰ ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা দেখা গৈছে । আজি তথা মঙলবাৰৰ দিনটোত পুৱা ভাগৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় নিয়োজিত বিষয়া-কৰ্মচাৰী সকল। ইতিমধ্যে নিদিষ্ট ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে প্ৰিজাইডিং আৰু ভোটগ্ৰহণ বিষয়াসকল ।
মনকৰিবলগীয়া যে, পৰিষদটোৰ মুঠ ৩৬ টা সমষ্টিৰ ভিতৰত ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ অন্তৰ্গত হোৱাৰ বিপৰীতে ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত। একেদৰে ইয়াৰে ২৫ টা সমষ্টি জনজাতি লোকৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে ৬ টা সমষ্টি মহিলাৰ বাবে সংৰক্ষিত । সমান্তৰালভাৱে ১১ টা সমষ্টি সংৰক্ষণমুক্ত।