হোটেল লিলিৰ পৰা আঞ্চলিক শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা ! গঠন হ’ল চাৰিটা দলেৰে ‘অসম আঞ্চলিক মৰ্চা’

আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ’ল হিল লীডাৰ্ছ কনফাৰেন্সৰ নেতৃত্বত শনিবাৰে গঠন কৰা হয় ‘অসম আঞ্চলিক মৰ্চা’(Assam Regional Front) । এই উদ্দেশ্যে শনিবাৰে গুৱাহাটীৰ হোটেল লিলিত চাৰিটা আঞ্চলিক দলৰ যৌথ সভা অনুষ্ঠিত হয় । সভাৰ প্ৰস্তাৱ অনুসৰি অসমৰ আঞ্চলিক দলৰ এই উমৈহতীয়া মঞ্চ গঠন কৰা হয় ।

হোটেল লিলিৰ পৰা আঞ্চলিক শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টা ! গঠন হল চাৰিটা দলেৰে ‘অসম আঞ্চলিক মৰ্চা’

অসমৰ চাৰি আঞ্চলিক দলৰ বৈঠক

Published: 

04 Aug 2024 07:26 AM

অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে জাতীয় দল অসম, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু অল পিপ’ল হিল লীডাৰ্ছ কনফাৰেন্সৰ নেতৃত্বত শনিবাৰে গঠন কৰা হয় ‘অসম আঞ্চলিক মৰ্চা’(Assam Regional Front) । এই উদ্দেশ্যে শনিবাৰে গুৱাহাটীৰ হোটেল লিলিত চাৰিটা আঞ্চলিক দলৰ যৌথ সভা অনুষ্ঠিত হয় । সভাৰ প্ৰস্তাৱ অনুসৰি অসমৰ আঞ্চলিক দলৰ এই উমৈহতীয়া মঞ্চ গঠন কৰা হয় । এই বৈঠকতে অহা ছেপ্টেম্বৰত গুৱাহাটীত এখন জাতীয় ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলিও জানিব পৰা গৈছে ৷

এই বৈঠকত চাৰিটা দলৰ সভাপতিক আহ্বায়ক আৰু ভাস্কো ডি শইকীয়াক সমন্বয়ক হিচাপে লৈ এখন সমিতি গঠন কৰা হয় ৷ এই বৈঠকত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ ভাস্কো ডি শইকীয়া আৰু অল পিপ’ল হিল লীডাৰ্ছ কনফাৰেন্সৰ সভাপতি জন ইংতি কাথাৰকে ধৰি দল কেইটাৰ আন নেতৃত্বই অংশগ্ৰহণ কৰে ৷

এই বৈঠকৰ সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়,’চাৰিটা আঞ্চলিক দলৰ এইখন তৃতীয় বৈঠক ৷ ইয়াৰ পূৰ্বে আমি অনানুষ্ঠানিকভাৱে মিলিত হৈছিলো যদিও আজি এটা আনুষ্ঠানিক ৰূপ লাভ কৰিছে ৷ সকলো একত্ৰিত হৈ এখন ফ’ৰাম গঠন কৰিব খুজিছো ৷ বহু ৰাজনৈতিক আৰু অৰাজনৈতিক শক্তিয়ে আমাৰ লগত যোগ দিব ৷ এই সন্মিলিত আঞ্চলিক শক্তিৰ নাম ‘অসম আঞ্চলিক মৰ্চা’ ৷’ ইয়াৰ লগতে আঞ্চলিক দলসমূহৰ এখন জাতীয় অভিৱৰ্তন ছেপ্টেম্বৰ মাহৰ মাজভাগত গুৱাহাটীত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ কথাও জানিবলৈ দিছে সাংসদ ভূঞাই ।

‘অসম আঞ্চলিক মৰ্চা’ৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ কয়,’এই মৰ্চাত কেৱল চাৰিটা আঞ্চলিক দলেই নহয়, আগন্তুক দিনত আৰু কাক কাক চামিল কৰিব পাৰি সেই বিষয়ে আলোচনা হৈছে ৷ আমি আমাৰ জাতীয় দায়িত্ব পালন কৰিব বাবে এই কাৰ্যপন্থা হাতত লৈছো ৷ শক্তিশালী সকলো জাতীয়তাবাদী কণ্ঠ আমাৰ লগত চামিল হ’ব৷’ ইফালে ‘অসম আঞ্চলিক মৰ্চা’ত বি পি এফকে ধৰি আন সকলো আঞ্চলিক দলৰ বাবে দুৱাৰ খোলা আছে বুলি উল্লেখ কৰে লুৰীণজ্যোতি গগৈয়ে ।

উল্লেখ্য যে, দেওবাৰে বিৰোধী ঐক্য মঞ্চৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ আগতে অসমৰ চাৰি আঞ্চলিক দলে মিলিত হৈ ‘অসম আঞ্চলিক মৰ্চা’ গঠন কৰিছে । এই লৈ এতিয়া ৰাজনৈতিক মহলত বিভিন্ন ধৰণে চৰ্চা আৰম্ভ হৈছে ।

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!