“অসমত বিহাৰ দিৱস পতাৰ কোনো যুক্তি নাই”, মুখ্য়মন্ত্ৰীৰ ভাষ্যৰ পাছতে সমালোচনামূলক প্ৰতিক্ৰিয়া অখিল গগৈৰ
অসমত বিহাৰ দিৱস পতা পদক্ষেপক ৰাজনৈতিক উদ্দেশ্য-প্ৰণোদিত আৰু অসমীয়া আৱেগক অপমান কৰা বুলি অভিহিত কৰি এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে । তেওঁ প্ৰশ্ন কৰে যে, বিহাৰত কেতিয়াও অসম দিৱস পালন নোহোৱাৰ সময়ত অসমত কিয় বিহাৰ দিৱস পালন কৰিবলৈ লোৱা হৈছে ?

অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা কৰিছে ৰাইলৰ দলে । ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “অসমত বিহাৰ দিৱস পতাৰ কোনো যুক্তি নাই । বিহাৰত অসম দিৱস জিলাই জিলাই পতাৰ খবৰো কাৰো হাতত নাই।” লগতে অসমত বিহাৰ দিৱস উদযাপন কৰাৰ এই কাৰ্যক উৎসাহিত নকৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে অখিল গগৈয়ে ।
তদুপৰি অসমত বিহাৰ দিৱস পতা এই পদক্ষেপক ৰাজনৈতিক উদ্দেশ্য-প্ৰণোদিত আৰু অসমীয়া আৱেগক অপমান কৰা বুলি অভিহিত কৰি এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে । তেওঁ প্ৰশ্ন কৰে যে,বিহাৰত কেতিয়াও অসম দিৱস পালন নোহোৱাৰ সময়ত অসমত কিয় বিহাৰ দিৱস পালন কৰিবলৈ লোৱা হৈছে ?
নিৰ্বাচনী লাভ আৰু আগন্তুক নিৰ্বাচনৰ পূৰ্বে এক নিৰ্দিষ্ট ভোটাৰক সন্তুষ্ট কৰিবলৈ বিজেপিয়ে এনেধৰণৰ অনুষ্ঠানক উৎসাহিত কৰিছে বুলি অভিযোগ কৰে দলটোৰ সভাপতিগৰাকীয়ে। এক প্ৰকাৰে অসমত বিহাৰ দিৱস উদযাপন কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায় অখিল গগৈয়ে ।
অসমত বিহাৰ দিৱস উদযাপনৰ বিৰোধিতা ৰাইজৰ দলৰ pic.twitter.com/D7BdJvivu5
— Akhil Gogoi (@AkhilGogoiAG) March 19, 2025
“বিহাৰে যেনেকৈ অসম দিৱস উদযাপন নকৰে, তেনেদৰে অসমত বিহাৰ দিৱস উদযাপনৰ কোনো কাৰণ নাই। ৰাজনৈতিক সুবিধাৰ বাবে আৱেগক হেতালি খেলাৰ এয়া বিজেপিৰ স্পষ্ট প্ৰয়াস।” সামাজিক মাধ্যমত এইদৰে কয় ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ।
দলটোৰ সভাপতিগৰাকীয়ে যুক্তি দিয়ে যে, এনে অনুষ্ঠান উদযাপন অপ্ৰয়োজনীয় আৰু ইয়াৰ ফলত সামাজিক আৰু ৰাজনৈতিক বিবাদৰ সৃষ্টি হ’ব পাৰে। ৰাজ্যৰ পৰিচয়ৰ প্ৰতি অসন্মানজনক বুলি ভৱা অনুষ্ঠানৰ প্ৰচাৰৰ পৰিৱৰ্তে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক লৈ সমস্যা সমাধানত গুৰুত্ব দিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰক আহ্বান জনাইছে অখিল গগৈয়ে ।
উল্লেখ্য যে, তিনিচুকীয়াত বিহাৰ দিৱস পালন কৰিবলৈ লোৱা কাৰ্যই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বহু লোকে এই কাৰ্যক সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে । লগতে অসমৰ বিভিন্ন দল-সংগঠনেও এই কাৰ্য বিৰোধিতা কৰা দেখা গৈছে ।
কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক প্ৰকাৰে অসমত বিহাৰ দিৱস পালন কৰাত কোনো বাধা থাকিব নালাগে বুলি উল্লেখ কৰিছে । তেওঁ কয়, “অসমত বিহাৰ দিৱস পালন কৰাত বিৰোধিতা কৰাৰ কোনো যুক্তি আছে বুলি নাভাবো। কাৰণ বিহাৰৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অসম দিৱস পালন কৰা হয় ।”
যদি অসম দিৱস বিহাৰ, উত্তৰ প্ৰদেশত পালন কৰে, তেন্তে অসমতো বিহাৰ দিৱস পালন কৰাত বাধা থাকিব নালাগে । কাৰণ তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।
লগতে : “অসমত বিহাৰ দিৱস পালনত বিৰোধিতা কৰাৰ নাই কোনো যুক্তি”, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া…