5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বান প্ৰসংগত বাজেটে উদঙালে কেন্দ্ৰৰ অসমৰ প্রতি মাহী আইৰ দৃষ্টিঃ অভিযোগ ৰাইজৰ দলৰ

কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেটক এক গাদী ৰক্ষাৰ বাজেট আখ্যা দিছে ৰাইজৰ দলে। এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে বুলিও ৰাইজৰ দলে অভিযোগ কৰে। দলটোৰ দাবী, বান প্ৰসংগত অসমক কেৱল আশ্বাস দি বিহাৰক ১১,৫০০ কোটি টকাৰ বাজেট ঘোষণাৰে মোদী চৰকাৰে পুনৰ কেন্দ্ৰই অসমৰ প্রতি দেখুৱাই অহা মাহী আইৰ দৃষ্টি উদঙাই দিছে।

বান প্ৰসংগত বাজেটে উদঙালে কেন্দ্ৰৰ অসমৰ প্রতি মাহী আইৰ দৃষ্টিঃ অভিযোগ ৰাইজৰ দলৰ
বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ
Follow Us
monjit-dutta
Monjit Dutta | Published: 23 Jul 2024 19:37 PM

আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ বাজেট। কেন্দ্ৰৰ এই বাজেট প্ৰসঙ্গত বিৰোধীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। বিৰোধীৰ INDIA মিত্ৰজোঁটৰ অংশীদাৰ ৰাইজৰ দলেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেটক এক গাদী ৰক্ষাৰ বাজেট আখ্যা দিছে ৰাইজৰ দলে। এই বাজেটেৰে মোদী চৰকাৰে সহযোগী দলক উপঢৌকন দিছে বুলিও ৰাইজৰ দলে অভিযোগ কৰে। দলটোৰ দাবী, বান প্ৰসংগত অসমক কেৱল আশ্বাস দি বিহাৰক ১১,৫০০ কোটি টকাৰ বাজেট ঘোষণাৰে মোদী চৰকাৰে পুনৰ কেন্দ্ৰই অসমৰ প্রতি দেখুৱাই অহা মাহী আইৰ দৃষ্টি উদঙাই দিছে।

এক প্ৰেছ বিবৃতি যোগে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, কাৰ্যকৰী সভাপতি কৱীন্দ্ৰ চেতিয়া ফুকন আৰু ভাস্কো ডি শইকীয়াই বানত বিধ্বস্ত হোৱা অসমৰ বান সমস্যা মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় বাজেটত এক বিশেষ পুঁজি অসমৰ প্রাপ্য আছিল বুলি আঙুলিয়াই দিয়ে। কিন্তু ডাবল ইঞ্জিনৰ চৰকাৰৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই অসমৰ কাৰণে কেৱল আশ্বাসহে আনিবলৈ সক্ষম হ’ল বুলি ক্ষোভ কৰে ৰাইজৰ দলে।

দলটোৱে লগতে একেখন বাজেটতে বিহাৰৰ বান সমস্যা মোকাবিলা কৰিবলৈ মোদী চৰকাৰে ১১,৫০০ কোটি টকাৰ বাজেট ঘোষণা কৰিলে বুলিও আঙুলিয়াই দিয়ে। ৰাইজৰ দলৰ দাবী, কেন্দ্ৰত চৰকাৰ বৰ্তাই ৰাখিবলৈ মোদীক নীতিশ কুমাৰৰ সমৰ্থনৰ প্ৰয়োজন৷ তাৰ বাবেই বিহাৰৰ বাবে বিশেষ ঘোষণা আৰু অসমৰ বাবে কেৱল আশ্বাস।

প্ৰেছ বিবৃতিত ৰাইজৰ দলে লগতে এয়া কেৱল গাদী ৰক্ষাৰ বাজেট বুলি অভিযোগ কৰি বাজেটৰ জৰিয়তে সহযোগী দলৰ চৰকাৰ থকা বিহাৰ আৰু অন্ত্ৰপ্ৰদেশে বিশেষ সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰে৷ অন্যান্য নিয়মীয়া অনুদানৰ লগতে বান সমস্যাৰ বাবে ১১,৫০০ কোটি টকাৰ উপৰিও বিহাৰে গয়াত ওদ্যোগিক পাৰ্ক, বিহাৰৰ পথ নিৰ্মাণ, পাটনা-পুনিয়া এক্সপ্ৰেছ ৱে’, বক্সাৰ-ভাগলপুৰ ঘাইপথৰ নিৰ্মাণকে ধৰি সৰ্বমুঠ ২৬,০০০ কোটি টকাৰ বাজেট অনুদান লাভ কৰিছে।

তদুপৰি গংগা নদীৰ ওপৰত নিৰ্মাণ কৰা হ’ব দলং। পৰ্যটন ক্ষেত্ৰতো বিহাৰৰ বাবে কৰা হৈছে বহু ঘোষণা। একেদৰে অন্ত্ৰপ্ৰদেশৰ অমৰাৱতীৰ বাবে ১৫,০০০ কোটি টকা, তিনিখন জিলাৰ বাবে পিছপৰা অঞ্চলৰ অনুদান, পোলাভৰম জলসিঞ্চন প্রকল্পৰ বাবে আৰ্থিক অনুদান এই বাজেটত ঘোষণা কৰা হৈছে।

এনে দিশসমূহ আঙুলিয়াই দি ৰাইজৰ দলে এয়া সহযোগী দলক উপঢৌকন দিয়া মোদী চৰকাৰৰ গাদী ৰক্ষাৰ বাজেট নহয় কি বুলি প্ৰশ্ন উত্থাপন কৰে। লগতে দুখন ৰাজ্যৰ বাবে বিশেষ ঘোষণা কৰি বাকী ৰাজ্যসমূহক বঞ্চনা কৰি বাজেটৰ ফেডাৰেল বৈশিষ্ট্যও মোদী চৰকাৰে ভংগ কৰিছে বুলি ৰাইজৰ দলে অভিযোগ কৰে।

Latest News