শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাংসদ ৰকিবুল হুছেইনক কোনে দিলে প্ৰাণে মৰাৰ ভাবুকি? এজাহাৰ দাখিল…

ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি এজন যুৱকৰ। সামাজিক মাধ্যমযোগে কেইবাবাৰো ভাবুকি দিয়াৰ পাছত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে সাংসদগৰাকীয়ে।

সাংসদ ৰকিবুল হুছেইনক কোনে দিলে প্ৰাণে মৰাৰ ভাবুকি? এজাহাৰ দাখিল…
ৰকিবুল হুচেইনImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Updated On: 18 Mar 2025 12:04 PM

ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে সামাজিক মাধ্যমযোগে এজন ব্যক্তিয়ে সাংসদগৰাকীক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছে। এই সন্দৰ্ভত সোমবাৰে সাংসদগৰাকীয়ে ধুবুৰী সদন থানাত এখন লিখিত এজাহাৰ দাখিল কৰিছে। অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও সাংসদগৰাকীয়ে কেইবাবাৰো এনে ভাবুকিৰ সন্মুখীন হৈছে।

সাংসদগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি ধুবুৰী জিলাৰ সোনাখুলি গাঁৱৰ মোস্তফা আলীৰ পুত্ৰ আনছাৰ আলীয়ে সামাজিক মাধ্যম ফেচবুকত তেওঁক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ কথা উল্লেখ কৰে। এজাহাৰখনত সাংসদগৰাকীয়ে লগতে উল্লেখ কৰে যে সাংসদ ৰকিবুল হুছেইনে চলিত বছৰৰ জানুৱাৰী মাহৰ ৪ তাৰিখে ফেচবুক লাইভ কৰাৰ সময়ত আনছাৰ আলীয়ে তেওঁক গুলীয়াই হত্যা কৰিব বুলি মন্তব্য প্ৰদান কৰিছিল।

যোৱা ১৬ মাৰ্চৰ দিনা সাংসদগৰাকীয়ে ফেচবুক লাইভ কৰাৰ সময়ত সেই একেজন ব্যক্তি আনছাৰ আলীয়ে কৈছিল যে আগৰবাৰ তুমি বাছি গ’লা। গতিকে এইবাৰ তেওঁক হত্যা কৰা হব বুলি ৰাজহুৱাভাৱে সামাজিক মাধ্যমত ভাবুকি প্ৰদান কৰিছিল। বাৰে বাৰে সাংসদগৰাকীক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰাৰ বাবে ধুবুৰী জিলা কংগ্ৰেছে প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে। সামাজিক মাধ্যমযোগে বাৰে বাৰে সাংসদগৰাকীক হত্যাৰ ভাবুকি দিয়া কাৰ্যত তীব্ৰ গৰিহনা যোগাইছে ধুবুৰী জিলা কংগ্ৰেছে, লগতে দোষীক শীঘ্ৰই শাস্তি দিয়াৰ দাবী জনাইছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰূপহীহাটত একাংশলোকে মুকলিকৈ আক্ৰমণ কৰিছিল ৰকিবুল হুচেইনক। সাংসদগৰাকীৰ লগতে পুত্ৰ তানজিল হুচেইন আৰু দেহাৰক্ষীকো লক্ষ্য কৰি লৈছিল দুৰ্বৃত্তই। সেই সময়ত কথমপি প্ৰাণ ৰক্ষা পৰিছিল ৰকিবুলৰ আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে এই সন্দৰ্ভত কেইবাজনো যুৱকক চিনাক্ত কৰি আটক কৰিছিল।  সাংসদগৰাকীৰ আক্ৰমণৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ প্ৰাণে মৰাৰ ভাবুকি দিয়া কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।