অমিত শ্বাহ, শিৱৰাজ সিঙক চেৰ পেলাই অভিলেখ গঢ়িলে ৰকিবুল হুচেইনে…

কংগ্ৰেছৰ ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক ১০,১২.৪৭৬টা ভোটত পৰাস্ত কৰে। আজমলে লাভ কৰে ৪৫,৯৪০৯ টা ভোট।

অমিত শ্বাহ, শিৱৰাজ সিঙক চেৰ পেলাই অভিলেখ গঢ়িলে ৰকিবুল হুচেইনে...

ৰকিবুল হুচেইন

Published: 

05 Jun 2024 12:22 PM

মঙলবাৰে ঘোষণা হয় লোকসভা নিৰ্বাচনৰ ফলাফল। এই নিৰ্বাচনত বহু কেইগৰাকী এনে নেতা আছে যিয়ে বিপুল সংখ্যক ভোটত জয় লাভ কৰিবলৈ সক্ষম হয়। উদাহৰণ স্বৰূপে গান্ধী নগৰৰ পৰা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৭ লাখতকৈ অধিক ভোটত জয় লাভ কৰে। তেওঁৰ বিৰুদ্ধে আছিল কংগ্ৰেছ প্ৰাৰ্থী ৰমন ভাই পেটেল। শ্বাহে লাভ কৰিছিল ১০১০৯৭২টা ভোট।

মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৮.২১ লাখ ভোটত জয়লাভ কৰে। কিন্তু এই দুই নেতাক চেৰ পেলালে অসমৰ এজন নেতাই। তেওঁৰ নাম ৰকিবুল হুচেইন।  অসমৰ ধুবুৰীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছিল তেওঁ। এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক ১০ লাখৰো অধিক ভোটত পৰাস্ত কৰি অভিলেখ সৃষ্টি কৰিছে ৰকিবুল হুচেইনে। ধুবুৰী আসনখন এনেকুৱা এখন আসন য’ত কেৱল মুছলিম প্ৰাৰ্থীহে জয়ী হয়।

কংগ্ৰেছৰ ৰকিবুল হুছেইনে ১৪,৭১,৮৮৫টা ভোট লাভ কৰি এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক ১০,১২.৪৭৬টা ভোটত পৰাস্ত কৰে। আজমলে লাভ কৰে ৪৫,৯৪০৯ টা ভোট। একেৰাহে চতুৰ্থবাৰৰ বাবে ধুবুৰীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল বদৰুদ্দিন আজমলে। এইবাৰ অসমত এখনো আসন ৰক্ষা কৰিবলৈ সক্ষম নহ’ল এ আই ইউ ডি এফ।

ৰাজ্যত এন ডি এয়ে ১১খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৩খন আসনত জয়লাভ কৰিছে । ৰকিবুল হুছেইনে ২০২১ চনৰ পৰা অসম বিধানসভাত বিৰোধী দলৰ উপ-নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। চামগুৰি বিধানসভা সমষ্টিৰ পৰা বিধায়ক হোৱা ৰকিবুল হুচেইন এইবাৰ অৱতীৰ্ণ হৈছিল লোকসভা নিৰ্বাচনত। অৱশ্যে ৰকিবুল হুচেইনৰ ৰেকৰ্ড ভংগ কৰিছে এজন বিজেপি নেতাই। ইন্দোৰৰ পৰা বিজেপিৰ সাংসদ শংকৰ লালৱানী ১১.৭২ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰি এই তালিকাত শীৰ্ষত আছে।

উল্লেখ্য, কালি ঘোষণা হোৱা লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি এন ডি এ লাভ কৰে ২৯২ খন আসন, ইণ্ডিয়া মিত্ৰজোঁটে লাভ কৰে ২৩৩ খন আসন আৰু বাকী আসন লাভ কৰে অন্যান্যই।  কিন্তু কোনে চৰকাৰ গঠন কৰিব এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিয়নো কাৰো ওচৰত নাই সংখ্যাগৰিষ্ঠতা।  ১০ বছৰ পাছত সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই কোনো দলে। এই সময়ত দুই মিত্ৰজোঁটে চৰকাৰ গঠনৰ চেষ্টা চলাই আছে যদিও স্পষ্ট হোৱা নাই ছবি।  কিছু সময় পাছত গম পোৱা যাব কোনে দখল কৰে শাসনৰ গাদী।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস