ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ক’ত হেৰাই গ’ল ৰমেন বৰুৱা? ভৰা লুইতৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত

দ্বীপেন বৰুৱাই জনাই যে ৰমেন বৰুৱা কিছু মানসিক অশান্তিত ভুগি আছিল।  বৰুৱাই তেওঁক জনাইছিল সমস্যাৰ কথা। প্ৰয়োজনত সকলো কথা খুলি কব বুলি জনাই দ্বীপেন বৰুৱাই

ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা কত হেৰাই গল ৰমেন বৰুৱা?  ভৰা লুইতৰ বুকুত উদ্ধাৰ অভিযান অব্যাহত

ৰমেন বৰুৱা

Updated On: 

24 Jul 2024 09:29 AM

প্ৰায় ২ দিন উকলিল। সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ।  ২২ জুলাই, ২০২৪ ৰ দিনা ঘৰৰ পৰা লতাশিলৰ গনেশ মন্দিৰলৈ ওলাই গৈছিল বৰুৱা। সেই যি ওলাই গ’ল, আজিলৈ ঘূৰি অহা নাই বৰুৱাই। নিৰুদ্দেশৰ খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। আৰক্ষীৰ তদন্তত এটা চিচিটিভি ফুটেজ পোহৰলৈ আহে য’ত বৰুৱাক দেখা  পোৱা গৈছে।  সেই সময়ত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখৰে গৈ আছিল।

হাতত এটা আমলখি লৈ বৰুৱা গৈ আছিল ভৰা ব্ৰহ্মপুত্ৰৰ দিশে। সেই সময়ত বৰুৱাক প্ৰত্যক্ষ কৰা  অঞ্চলটোৰ এগৰাকী পাচলি বিক্ৰেতাৰ মতে বৰুৱা সেই সময়ত বেচ চিন্তিত আছিল।  কিন্তু তেওঁ মাত লগোৱা নাছিল।  আৰক্ষীয়ে বৰুৱাৰ লোকেশ্যন ট্ৰেক কৰি ফোনৰ অৱস্থান ধৰা পেলাইছে উচ্চ ন্যায়ালয়ৰ পাছফালে থকা ব্ৰহ্মপুত্ৰৰ পাৰ।

তাৰ পাছতে আৰক্ষীৰ লগতে বৰুৱাৰ উদ্ধাৰ অভিযানত লগ দিয়ে এছডিআৰএফ, এনডিআৰএফ বাহিনীয়ে। দিনে নিশাই ব্ৰহ্মপুত্ৰত চলোৱা উদ্ধাৰ অভিযানৰ পাছতো বৰুৱাৰ কোনো সন্ধান পোৱা নাই। মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে স্নিফাৰ ড’গৰ দ্বাৰা চলাই অভিযান। স্নিফাৰ ড’গেও বৰুৱাৰ শেষ অৱস্থান ব্ৰহ্মপুত্ৰৰ পাৰ বুলি দেখুৱায়। এতিয়া প্ৰশ্ন হয়, ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ক’ত হেৰাল ৰমেন বৰুৱা?

বৰুৱাৰ নিৰুদ্দেশ হোৱা খবৰে তেওঁৰ অজস্ৰ গুণমুগ্ধক শোকস্তব্ধ কৰি পেলাইছে। শিল্পী দ্বীপেন বৰুৱাই জনাই যে ৰমেন বৰুৱা কিছু মানসিক অশান্তিত ভুগি আছিল।  বৰুৱাই তেওঁক জনাইছিল সমস্যাৰ কথা। প্ৰয়োজনত সকলো কথা খুলি কব বুলি জনাই দ্বীপেন বৰুৱাই। আনহাতে বৰুৱা কন্যাই জনোৱা অনুসৰি কোনো ধৰণৰ অসুস্থতা নাছিল পিতৃৰ। তেওঁ কেৱল পিতৃক বজাৰলৈ যোৱাত বাধা প্ৰদান কৰিছিল। বৰুৱা কিছু আৰ্থিক সংকটত ভুগি থকা বুলিও জনাই কন্যাই।  ২০১০ চনতে মৃত্যু হৈছে ৰমেন বৰুৱাৰ পত্নীৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক সকলো ধৰণৰ প্ৰয়াস কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত দিগন্ত বৰাই কয় যে আৰক্ষীয়ে সকলো ধৰণৰ প্ৰয়াসে চলাব বৰুৱাক বিচাৰিবলৈ।  বুধবাৰৰ দিনাও ব্ৰহ্মপুত্ৰত এছ ডি আৰ এফ, এন ডি আৰ এফে অভিযান চলাব। জানিব পৰা মতে আজি বৰুৱাক বিচাৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ধুবুৰীলৈ চলিব এই অভিযান।

বৰুৱাৰ নিৰুদ্দেশ, ব্ৰহ্মপুত্ৰৰ পাৰৰ শেষ লোকেশ্যনে বিভিন্নজনৰ মনত এক ভয়ে বিৰাজ কৰিছে। সকলোৱে আশা কৰিছে, ভবা ধৰণৰ দুৰ্ঘটনা সংঘটিত নহওক। কন্ঠশিল্পী জুবিন গাৰ্গেও আৰক্ষীৰ লগত যোগ দিছে উদ্ধাৰ অভিযান। এতিয়া সকলোৰে মাঁথো এটায়ে প্ৰশ্ন, ক’ত হেৰাল ৰমেন বৰুৱা?  উভতি আহিবনে তেওঁ…

ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?
ওলাইছে নেকি শালমইনা? এই ঘৰুৱা পদ্ধতিৰে লাভ কৰিব পৰিত্ৰাণ!