ভৰা ব্ৰহ্মপুত্ৰৰ পাৰলৈ নামি গৈছিল ৰমেন বৰুৱা, আৰক্ষীয়ে ক’লে কি কি হৈছিল সেইদিনা..
বৰুৱাক ১০.০৮ বজাত চিচিটিভিত দেখা পোৱা গৈছিল আৰু ১০.০৯ বজাত তেওঁৰ ফোন অফ হৈছিল। চিচিটিভিত দেখা স্থানৰ পৰা নদীৰ গৰালৈ নামি যাবলৈ ১ মিনিট সময়ো নালাগে বুলি কয় বৰাই।
এতিয়ালৈকে সন্ধান নাই বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ। সোমবাৰে পুৱা প্ৰায় ১০ মান বজাত ঘৰৰ পৰা লতাশিল গনেশ মন্দিৰলৈ বুলি ওলাই যোৱা বৰুৱাই আজিলৈ ঘৰলৈ ঘূৰি অহা নাই। আৰক্ষী, এছ ডি আৰ এফ, এন ডি আৰ এফ বাহিনীয়ে বৰুৱাক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও তেওঁৰ কোনো শুং সূত্ৰ পোৱা নাই। এই সন্দৰ্ভত বুধবাৰে এক সংবাদ মেল সম্বোধন কৰে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।
বৰাই কয় যে, প্ৰাথমিক অনুসন্ধানত গ’ম পোৱা গ’ল যে সোমবাৰে পুৱা অনুমানিক ১০ মান বজাত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পাছত ঘূৰি অহা নাই। আৰক্ষীয়ে ঘটনাৰ তদন্তত চিচিটিভি ফুটেজ পৰীক্ষা কৰি গ’ম পাইছে যে বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদৰ কাষেৰে নদীৰ পাৰলৈ যোৱা ৰাস্তাৰে তেওঁ গৈ আছিল। পুৱা ১০.০৮ বজাৰ চিচিটিভি ফুটেজ অনুসৰি তেওঁ সুস্থ শৰীৰেৰে পায়জামা, কুৰ্টা আৰু হাতত এটা পলিথিন লৈ গৈ আছিল। সেই ৰাস্তাটোৰ আগত এখন গেট আছে। সেই গেটখন সোঁফালে গ’লে পাচলি বজাৰ আৰু পোনে পোনে গ’লে নদীৰ পাৰ পায়। তেওঁ সোঁফালে পাচলি বজাৰৰ পিনে গৈছিল। আমি পাচলি বিক্ৰেতাসকলৰ সৈতে কথা পাতি গ’ম পালো যে তেওঁ সেইফালে যোৱাতো সঁচা।
বৰাই কয়, পাচলি বজাৰৰ পৰা ঘূৰি আহিছিল যদিও ওপৰলৈ উঠি অহা বা লতাশিলৰ ফিল্ডলৈ উঠি অহাৰ প্ৰমাণ এতিয়ালৈকে লাভ কৰা নাই। বৰুৱাৰ পৰিয়ালৰ বিভিন্ন লোক, প্ৰতিবেশীৰ সৈতে কথা পাতি এটা সিদ্ধান্তত উপনীত হ’লো যে ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ ঘটনাত বাহিৰৰ কোনোলোক জড়িত নাই বা তেওঁৰ লগত কোনোৱে অপৰাধ সংঘটিত কৰা নাই। স্ব- ইচ্ছাই তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। শেষৰটো চিচিটিভি ফুটেজত দেখা অনুসৰি নদীৰ পাৰলৈ তেওঁ খোজকাঢ়ি গৈ আছিল।
লগতে কয়, আমি স্নিফাৰ ডগৰ দ্বাৰাও অনুসন্ধান চলাইছো। স্নিফাৰ ডগৰ দ্বাৰা গ’ম পোৱা গ’ল যে তেওঁ গেটখন খুলি পাচলি বজাৰলৈ গৈছিল। তাৰ পৰা ঘূৰি আহি তেওঁ নদীৰ পাৰলৈ নামি গৈছিল। পানী য’ৰ পৰা আৰম্ভ হয় স্নিফাৰ ডগেও তাতেই বৰুৱাই শেষ অৱস্থান দেখুৱাইছে। গতিকে এটা কথা স্পষ্ট যে বৰুৱা সেই স্থানলৈ গৈছিল।
আমি যিমান কথা পাতিলো তাৰ পৰা জানিব পাৰিলো বৰুৱা কিছু অসন্তুষ্ট আছিল। সেই কাৰণ পৰিয়ালকেন্দ্ৰিক বা ব্যক্তিগত হ’ব পাৰে। তেওঁ অলপ মুডি আছিল। যাৰ বাবে পৰিয়ালৰ পৰা কিবা কথাত আঘাত পাই স্ব- ইচ্ছাই ঘৰৰ পৰা গুচি গৈছিল। সেই সময়ত বৰুৱাৰ মানসিক স্থিতি বুজাটো টান হ’ব। হয়তো বৰুৱা পানীত পিছলি পৰিবও পাৰে। কিন্তু পানীত পিছলি পৰাৰ কোনো প্ৰমাণ লাভ কৰা নাই। যাৰ বাবে ইয়াক ঠিৰাঙকৈ কোৱা টান। এতিয়াও আশা কৰিছো বৰুৱা সুস্থ শৰীৰেৰে ঘূৰি আহক।
বৰাই কয় যে, বৰুৱাক ১০.০৮ বজাত চিচিটিভিত দেখা পোৱা গৈছিল আৰু ১০.০৯ বজাত তেওঁৰ ফোন অফ হৈছিল। চিচিটিভিত দেখা স্থানৰ পৰা নদীৰ গৰালৈ নামি যাবলৈ ১ মিনিট সময়ো নালাগে বুলি কয় বৰাই।