5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ধৰ্মেন্দ্ৰ নাথ কাণ্ডঃ প্ৰায় ১১ জনীয়া যুৱকৰ দলে লৈছিল প্ৰাণ, গ্ৰেপ্তাৰ ৭ জন…

ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডই সমগ্ৰ অসমত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এতিয়ালৈক এই ঘটনা সন্দৰ্ভত বিজেপি নেতাসহ প্ৰায় ৭ জনলোক গ্ৰেপ্তাৰ হৈছে। এতিয়াও পলাতক অৱস্থাত আছে কেইবাজন।

ধৰ্মেন্দ্ৰ নাথ কাণ্ডঃ প্ৰায় ১১ জনীয়া যুৱকৰ দলে লৈছিল প্ৰাণ, গ্ৰেপ্তাৰ ৭ জন…
ৰঙিয়া কাণ্ডImage Credit source: local source
barasha-sarma
Barasha Sarma | Published: 01 Jan 2025 11:05 AM

গ্ৰেপ্তাৰ হৈছে ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ এজনৰ পাছত আনজন অভিযুক্ত। এই হত্যাকাণ্ড সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষীয়ে কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ হোৱা অভিযুক্তসকলৰ ভিতৰত আছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰঙিয়া টাউন মণ্ডলৰ সভাপতি অনুষ্ময় কলিতা, মণি কাকতি, বিকি লহকৰ, নিতু কলিতা, হিমাংশু কাকতি, অমূল্য লহকৰ আৰু ধ্ৰুৱ মহন্ত। ইয়াৰ লগতে ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডত জড়িত থকা অভিযুক্তক পলায়ন আৰু ৰক্ষণাবেক্ষণ দিয়াত সহায় কৰা বিহালীৰ পংকজ শৰ্মা আৰু সঞ্জয় সৰকাৰকো আৰক্ষীয়ে আটক কৰে।

গ্ৰেপ্তাৰ হোৱা হিমাংশু কাকতি আৰু অমূল্য লহকৰক ঢেকিয়াজুলিৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰে মনি কাকতি, অনুষ্ময় কলিতা, বিকি লহকৰ আৰু নিতু কলিতাক। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ গৃহ সমষ্টিত সংঘটিত হোৱা এই কাণ্ডই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, এই হত্যাকাণ্ডৰ অভিযুক্ত মণি কাকতি সমাজ কল্যান বিভাগৰ কমলপুৰ-ৰঙিয়া সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত তথা বিজেপি নেতা। এই কেইগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে দলটোৱে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

উল্লেখ্য যে, প্ৰায় ৬ দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ পাছত ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ এটা পুখুৰীত উদ্ধাৰ হৈছিল। দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া ধৰ্মেন্দ্ৰৰ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলায়। পৰিয়ালৰ লগতে স্থানীয় ৰাইজেও ধৰ্মেন্দ্ৰ হত্যাকাণ্ডৰ উচিত ন্যায় বিচাৰিছে। অভিযোগ অনুসৰি ধৰ্মেন্দ্ৰ নিৰুদ্দেশ হোৱাৰ পাছত পৰিয়ালৰ গোচৰ লোৱা নাছিল ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় বৰ্মনে। যাৰ বাবে তেওঁক ৰঙিয়াৰ পৰা হাজোলৈ শাস্তিমূলক বদলি কৰে।

জানিব পৰা মতে, যোৱা বুধবাৰে ধৰ্মেন্দ্ৰই হিমাংশু নামৰ অভিযুক্তৰ গাড়ীখনত খুন্দিয়াইছিল। এই সৰু কথাতে ২১ বছৰীয়া ধৰ্মেন্দ্ৰৰ ওপৰত জঁপিয়াই পৰিছিল বিজেপি নেতাসহ প্ৰায় ১১-১২ জনীয়া এটা যুৱকৰ দল। অভিযোগ অনুসৰি এই যুৱককেইজনে মাৰপিট কৰি ধৰ্মেন্দ্ৰ নাথক পানীত দলিয়াই দিছিল। এই মাৰপিটৰ ঘটনাৰ পাছতেই নিৰুদ্দেশ হৈ আছিল ধৰ্মেন্দ্ৰ আৰু পৰৱৰ্তী সময়ত পুখুৰীত উদ্ধাৰ হয় ৰঙিয়াৰ দক্ষিণ বৰদলৰ ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। এই ঘটনাৰ পাছতেই এই হত্যাকাণ্ডৰ কেইবাজনো অভিযুক্ত বহিঃৰাজ্যত গৈ আশ্ৰয় লৈ আছিল আৰু প্ৰায় ৭ জন অভিযুক্ত বৰ্তমান সময়লৈকে গ্ৰেপ্তাৰ হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য পঢ়কঃ  পিকনিক খাবলৈ যোৱা ধৰ্মেন্দ্ৰৰ লগত কি হৈছিল? পশ্চিম বংগত আটক ৪ অভিযুক্ত

Latest News