পিকনিক খাবলৈ যোৱা ধৰ্মেন্দ্ৰৰ লগত কি হৈছিল? পশ্চিম বংগত আটক ৪ অভিযুক্ত

সোমবাৰে উদ্ধাৰ হয় ৰঙিয়াৰ যুৱক ধৰ্মেন্দ্ৰ নাথৰ মৃতদেহ। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে ৪ জনক। পলাতক হৈ থকা ৪ অভিযুক্তক আৰক্ষীয়ে পশ্চিমবংগৰ পৰা আটক কৰি তদন্ত অব্যাহত ৰাখে।

পিকনিক খাবলৈ যোৱা ধৰ্মেন্দ্ৰৰ লগত কি হৈছিল? পশ্চিম বংগত আটক ৪ অভিযুক্ত

Rangia Case

Updated On: 

31 Dec 2024 11:24 AM

বিগত ৬ টা দিন নিৰুদ্দেশ হৈ থকাৰ পাছত ২৯ ডিচেম্বৰত উদ্ধাৰ হয় ৰঙিয়াৰ যুৱক ধৰ্মেন্দ্ৰ বৰ্মনৰ মৃতদেহ। এটা পুখুৰীত গোজ মাৰি থোৱা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদহে। এই ঘটনা সন্দৰ্ভতে পলাতক অৱস্থাত থকা ৪ অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে। আটক কৰা আটাইকেইজন- মনি কাকতি, অনুষ্ময় কলিতা, বিকি লহকৰ আৰু নিতু কলিতাক ৷ কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ তত্বাৱধানত পশ্চিমবংগৰ পৰা আটক কৰা হৈছে ধৰ্মেন্দ্ৰ নাথ হত্যাকাণ্ডৰ আটাইকেইজন অভিযুক্তক।

উল্লেখ্য যে, বনভোজ খাবলৈ বুলি ওলাই যোৱা ধৰ্মেন্দ্ৰ নাথ নামৰ যুৱকজন বিগত ৬ টা দিন ধৰি নিৰুদ্দেশ হৈ আছিল। যুৱকজনক উদ্ধাৰ কৰাৰ বাবে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে যোৱা কেইটাদিন থানা ঘেৰাও কৰি দাবী উত্থাপন কৰি আছিল। তাৰ পাছতেই কালি দিনৰ ভাগত ৰঙিয়াৰ মালধাপাৰাৰ আশ্ৰমৰ সমীপৰ এটা পুখুৰীত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ। যি পৰিস্থিতিত ধৰ্মেন্দ্ৰৰ মৃতদেহ উদ্ধাৰ হয়, সেয়া দেখি স্থানীয় ৰাইজে সন্দেহ কৰে যে এয়া এক হত্যাকাণ্ডৰ ঘটনা।

লক্ষণীয় যে,  এই ঘটনাৰ অভিযুক্ত কেইজন বিজেপিৰ পালিনেতা। এই ঘটনা সন্দৰ্ভত পৰিয়ালৰলোকে এজাহাৰ দাখিল কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় বৰ্মনক শাস্তিমূলক বদলি কৰে। এই অজয় বৰ্মনে লোৱা নাছিল ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালৰ গোচৰ।

জানিব পৰা মতে, ধৰ্মেন্দ্ৰ নাথ প্ৰায় ৬ দিন পূৰ্বে পিকনিক খাবলৈ গৈছিল। পিকনিকৰ পৰা উভতি অহাৰ সময়তে হিমাংশু কাকতি নামৰ এজনৰ গাড়ীত খুন্দিয়াই আৰু পাছত তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। এই কাজিয়া পৰিণতিতেই একাধিক যুৱকে মিলি ধৰ্মেন্দ্ৰক হত্যা কৰে। পৰিয়ালে কৰা অভিযোগ অনুসৰি, ধৰ্মেন্দ্ৰ সো-শৰীৰে পিকনিক খাবলৈ বুলি ওলাই গৈছিল। ঘূৰি আহিবৰ সময়ত তেওঁ হিমাংশু কাকতি নামৰ এজনৰ গাড়ীত খুন্দিয়ায়। তাৰ পাছতে তেওঁলোকৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। কাজিয়াৰ পৰিণতি ইমানেই বিষম হৈ পৰে যে হিমাংশু কাকতি ,অমূল্য লহকৰ,মণি কাকতিকে ধৰি কেইবাজনো যুৱকে ধৰ্মেন্দ্ৰক মাৰপিট কৰি পুখুৰীত দলিয়াই দিয়ে। যাৰ ফলত মৃত্যু হয় ধৰ্মেন্দ্ৰৰ।

এই ঘটনা সন্দৰ্ভত কিছুদিন পূৰ্বে আৰক্ষীয়ে হিমাংশু কাকতি আৰু অমূল্য কাকতিক গ্ৰেপ্তাৰ কৰি জেৰা চলাইছিল। অৱশ্যে তদন্তত কি তথ্য পোহৰলৈ আহিছিল সেয়া তেওঁলোকে উল্লেখ কৰা নাছিল। তাৰ পাছতেই কালি আৰক্ষীয়ে পুখুৰীত উদ্ধাৰ কৰে ধৰ্মেন্দ্ৰৰ মৃতদেহ। যদিও ঘটনা সন্দৰ্ভত দুজন যুৱক গ্ৰেপ্তাৰ হৈছিল বাকী কেইজন পলাতক অৱস্থাত আছিল। অৱশেষত বাকী কেইজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পশ্চিমবংগৰ পৰা। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান সময়ত আৰক্ষীে তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ অন্তত জানিব পৰা যাব কোনে, কেনেকৈ হত্যা কৰিলে ধৰ্মেন্দ্ৰ নাথক।

 

অন্য খবৰ পঢ়কঃ কৰুণ! পিকনিক খাবলৈ গৈ ঘূৰি নাহিল ঘৰলৈ, কোনো নৃশংসভাৱে প্ৰাণ ল’লে ধৰ্মেন্দ্ৰৰ?

শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে
উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...