Ratan tata: সমাজৰ এক বৃহৎ ক্ষতি! হিয়া উজাৰি অসমক ভাল পাইছিল ৰতন টাটাই, ইয়াতে গঢ় দি আছিল তেওঁৰ সপোন... | Ratan tata dead Assam has lost a well-wisher know ratan tata journey with assam Assam news - Assam Tv9

Ratan tata: সমাজৰ এক বৃহৎ ক্ষতি! হিয়া উজাৰি অসমক ভাল পাইছিল ৰতন টাটাই, ইয়াতে গঢ় দি আছিল তেওঁৰ সপোন…

Ratan tata assam: ৰতন টাটাদেৱৰ মৃত্যুৱে এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে, যাক কাহানিও পূৰণ কৰিব পৰা নাযাব৷ এনে এগৰাকী বৰেণ্য ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিসত্তাক হেৰুৱাই আজি ভাৰতবৰ্ষ ব্যথিত হৈছে৷

Ratan tata: সমাজৰ এক বৃহৎ ক্ষতি! হিয়া উজাৰি অসমক ভাল পাইছিল ৰতন টাটাই, ইয়াতে গঢ় দি আছিল তেওঁৰ সপোন...

ৰতন টাটা

Published: 

10 Oct 2024 14:13 PM

৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট উদ্যোগপতি ৰতন টাটাই। এইগৰাকী মহান ব্যক্তিক দেশবাসীয়ে উদ্যোগপতিৰ লগতে সৰল মনৰ, দয়ালু এগৰাকী ব্যক্তি বুলিও চিনি পায়। উদ্যোগ জগতত সফলতাৰ উচ্চ শিখৰত উপনীত হোৱা ৰতন টাটাই সমাজৰ হৈ অশেষ বৰঙণি আগবঢ়াই থৈ গৈছে। অসমৰ লগতো আছে ৰতন টাটাৰ মধুৰ সম্পৰ্ক।   অসমৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা আবেদনৰ কৃতজ্ঞতা স্বৰূপে ২০২১ চনত ৰতন টাটাক প্ৰদান কৰা হৈছিল অসম বৈভৱ বঁটা। এই বঁটা গ্ৰহণ কৰিবলৈ টাটা অসমলৈ আহিব পৰা নাছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ ঘৰত উপস্থিত হৈ এই বঁটা প্ৰদান কৰিছিল।

স্বাস্থ্য খণ্ডৰ পৰা আৰম্ভ কৰি চেমিকণ্ডাক্টৰ, চাহ বাগিচা আদি সকলো ক্ষেত্ৰতে টাটাই অসমৰ বাবে যথেষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে। অসমত কেন্সাৰ হাস্পাতাল নিৰ্মাণ কৰিবলৈ টাটা আৰু অসম চৰকাৰে ২০১৮ চনত যৌথভাৱে ১৯ খন কেন্সাৰ হাস্পাতাল নিৰ্মাণৰ চুক্তি স্বাক্ষৰ কৰিছিল। ২০২২ চনৰ ২৮ এপ্ৰিলত অসমত মুকলি হৈছিল টাটা ন্যাসৰ উদ্যোগত গঢ় লৈ উঠা ৭ খন কেন্সাৰ হাস্পাতাল। এতিয়াও কেইবাখনো কৰ্কট প্ৰতিষ্ঠান নিৰ্মাণৰ কাম ৰাজ্যত চলি আছে।

অসমত ৩৪ খন পলিটেকনিক খোলাৰ দায়িত্ব গ্ৰহণ কৰিছিল টাটাই। ৪৩ খন আই টি আইক বিশেষ ৰূপ দিয়াৰ দায়িত্ব লৈছিল এইগৰাকী মহান ব্যক্তিয়ে। কাৰিকৰী শিক্ষাৰ বাবে তেওঁ অসমত ২৩৯০ কোটি টকাৰ ৮৭ শতাংশ বিনিয়োগ কৰিছিল। এই সন্দৰ্ভত ২০২২ চনৰ ৩ মে’ত অসম চৰকাৰৰ লগত চুক্তি স্বাক্ষৰ কৰিছিল। ৰতন টাটাৰ লক্ষ্য আছিল, অসমত প্ৰতি বছৰে ২০ হাজাৰৰ অধিক নিবনুৱা যুৱক- যুৱতীক কৰ্ম সংস্থাপন দিয়া।

এইগৰাকী মহান ব্যক্তিৰ উদ্যোগতে জাগীৰোডত গঢ় লৈ উঠিব ছেমিকণ্ডাক্টৰ প্ৰকল্প। প্ৰায় ২৭০০০ কোটি টকাৰে সম্পূৰ্ণ হ’বলগীয়া এই প্ৰকল্পৰ বাবে টাটাই অসমৰ ১৫০০ যুৱক- যুৱতীক প্ৰশিক্ষণ দি আছে। ২০২৫ চনত কাৰ্যক্ষম হৈ উঠিবলগীয়া এই প্ৰকল্পত সংস্থাপন লাভ কৰিব হাজাৰ হাজাৰ অসমীয়াই। এই প্ৰকল্পত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট প্ৰাইভেট লিমিটেডে (TSAT) এই ছেমি কণ্ডাক্টৰ ইউনিট কেইটা স্থাপন কৰিব। ই অটোমোটিভ, ইলেক্ট্ৰিক বাহন, কনজিউমাৰ ইলেক্ট্ৰনিকছ, টেলিকম, আৰু মোবাইল ফোন, লেপটপ আদিৰ বাবে প্ৰয়োজন হোৱা বহুমূলীয়া চিপ (chips) প্ৰস্তুত কৰিব। এই প্ৰকল্পৰ জৰিয়তে প্ৰতিদিনে প্ৰায় ৪.৮ কোটি চিপ প্ৰস্তুত হ’ব। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প আছিল ৰতন টাটাৰ সপোনৰ প্ৰকল্প।

ইয়াৰোপৰি অসমৰ বিভিন্ন ক্ষেত্ৰত ৰতন টাটাৰ অৱদান অতুলনীয়। অসমৰ দৰে ঠাইখনত এই বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ সাহস কৰিছিল ৰতন টাটাই। সেয়ে ৰতন টাটা অনন্য। হয়তো ৰতন টাটাৰ দৰে মানুহ বহু কম ওলাব, কিন্তু তেওঁ অসমক যি অৱদান দি গ’ল সেই অৱদানে ভৱিষ্যত অসমক উন্নতিৰ শিখৰত প্ৰতিষ্ঠা কৰাত সহায় কৰিব।

ৰতন টাটাৰ মৃত্যুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে- “বিকশিত ভাৰতৰ নতুন অধ্যায়ত ৰতন টাটাদেৱৰ উত্তৰাধিকাৰ হৈছে তেখেতৰ সহানুভূতি, মানৱীয়তা আৰু সমাজহিতৈষী চিন্তা৷ তেখেতৰ মহাজীৱনটোক উদ্যোগ নিৰ্মাণ আৰু সমাজৰ প্ৰতি উৎসৰ্গীকৃত মনোভাবেৰে সংজ্ঞায়িত কৰা হয়। টাটাদেৱৰ মৃত্যুত অসমবাসীয়ে এগৰাকী অসমহিতৈষী শুভাকাংক্ষীক হেৰুৱালে।

অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ লাভ কৰা টাটাদেৱে অসমৰ জনসাধাৰণৰ মন আৰু হৃদয়ত এক বিশেষ স্থান দখল কৰিছিল। তেখেতে অসমৰ কল্যাণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল৷ অসমখন আছিল তেখেতৰ নিজৰ ঘৰৰ দৰেই৷
তেখেত আমাৰ ৰাজ্যখনত স্বাস্থ্যসেৱা উন্নীত কৰাৰ বাবে গভীৰভাৱে উৎসাহী আছিল আৰু তেখেতৰ দৃষ্টিভংগীৰেই আমি অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জন্ম দিছিলোঁ। তেখেতে জাগীৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন আৰু আমাৰ যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
তেখেতৰ মহাপ্ৰয়াণ মোৰ বাবে ব্যক্তিগত ক্ষতিৰ দৰে। তেখেতৰ সৈতে হোৱা মোৰ প্ৰতিটো বাৰ্তালাপে মোক সদায়ে উজ্জীৱিত কৰি তুলিছিল৷ শেহতীয়াকৈ মই তেখেতক মুম্বাইলৈ গৈ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ বাবে ধন্যবাদ জনাইছিলোঁ আৰু ঔদ্যোগিক আধাৰ হিচাপে অসমৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰখা বাবে তেখেতলৈ কৃতজ্ঞতা যাচিছিলোঁ। তেওঁৰ সৰলতা আৰু নম্ৰতা তেখেতৰ ব্যক্তিত্বৰ অলংকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। ৰতন টাটাদেৱৰ মৃত্যুৱে এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰিলে, যাক কাহানিও পূৰণ কৰিব পৰা নাযাব৷ এনে এগৰাকী বৰেণ্য ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিসত্তাক হেৰুৱাই আজি ভাৰতবৰ্ষ ব্যথিত হৈছে৷ অন্তৰৰ নিভৃততম কোণৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ৷ টাটা পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ” ৷

 

দেশে এজন ভাল মানুহ হেৰুৱাল! সঁচা অন্তৰৰ, মানৱ দৰদী এই মহান আত্মাৰ বিয়োগ সমাজ জীৱনৰ বাবে এক ডাঙৰ ক্ষতি। ৰতন টাটাৰ মৃত্যু হল, কিন্তু প্ৰতিগৰাকী দেশবাসীৰ বাবে তেওঁ সদায় অমৰ হৈ হ’ব। ৰতন টাটাৰ মৃত্যুত হয়তো একাংশই অনুভৱ কৰিছে- দেশৰ লগতে অসমে এজন শুভাকাংশী হেৰুৱালে…

 

 

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?