প্ৰায় ৭ লাখ হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ মুখ্যমন্ত্ৰীৰ…
২০২১-২২ চনতে এই বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছিল। পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল যে কংগ্ৰেছৰ দিনত ৬০ লাখ ভুৱা ৰেচন কাৰ্ড বিতৰণ কৰা হৈছিল। কোনোবাই পাবলগীয়া চাউলখিনি কোনোবাই কাঢ়ি লৈছিল।
নতুন বিধানসভা সমষ্টি ভিত্তিত নতুন ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুঠ ৬,৫২,২১৫ গৰাকী হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰিলে নতুন ৰেচন কাৰ্ড। দেওবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আৰু জালুকবাৰী সমষ্টি আৰু চেন্ট্ৰেল গুৱাহাটী সমষ্টিৰ হিতাধিকাৰীসকলক কাৰ্ড বিতৰণ কৰে। খাদ্য সুৰক্ষা আইনৰ অধীনত ৰাজ্যৰ ৪৯ টা নতুন বিধানসভা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কৰা হয়।
জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গাঁৱৰ ৮৫ শতাংশ আৰু চহৰৰ ৬০ শতাংশ ৰাইজৰ মাজত ৰেচন কাৰ্ড থাকিব লাগে। কিন্তু ২০২০ চনত তামুলপুৰ, বাক্সা আদিলৈ যোৱাৰ সময়ত গম পাইছিলো যে ৫০ শতাংশলোকে ৰেচন কাৰ্ড লাভ কৰা নাছিল। মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত বহু পদক্ষেপ গ্ৰহণ কৰা হল। আধাৰক ৰেচন কাৰ্ডৰ লগত সংযোগ কৰা হল আৰু দেখা গল অতিৰিক্ত ৬০ লাখ ভুৱা ৰেচন কাৰ্ড। ইয়াৰ অৰ্থ এয়াই যে দৰিদ্ৰ মানুহৰ নামত কোনোৱে ৬০ লাখ ভুৱা ৰেচন কাৰ্ডৰ টকা আত্মসাৎ কৰিছিল।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ২০২১-২২ চনতে এই বিষয়টো আমাৰ দৃষ্টিগোচৰ হৈছিল। পৰৱৰ্তী সময়ত পোহৰলৈ আহিছিল যে কংগ্ৰেছৰ দিনত ৬০ লাখ ভুৱা ৰেচন কাৰ্ড বিতৰণ কৰা হৈছিল। কোনোবাই পাবলগীয়া চাউলখিনি কোনোবাই কাঢ়ি লৈছিল। কিন্তু এতিয়া তেনে নহয়। এতিয়া দৰিদ্ৰজনে পাব বিনামূলীয়া চাউল, বিনামূলীয়া স্বাস্থ্য সেৱা আদি সকলো। ইয়াৰোপৰি চাউলৰ লগতে দাইল আৰু চেনীও কম দামত দিয়াৰ চিন্তা চৰ্চা কৰি আছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই।
শৰ্মাই লগতে কয় যে, এই মাহৰ ২২ তাৰিখে পুনৰ ৭৬ টা সমষ্টিত ৰেচন কাৰ্ড বিতৰণ কৰা হ’ব আৰু এই মাহৰ ভিতৰত ৯২ হাজাৰ ১৬৭ গৰাকী নতুন লোকে নতুন ৰেচন কাৰ্ড লাভ কৰিব। এই এখন ৰেচন কাৰ্ডৰ দ্বাৰাই মানুহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ সুবিধা পাব বুলি কয়।
কোনে ৰেচন কাৰ্ডৰ যোগ্য
পৰিয়ালৰ জ্যেষ্ঠ মহিলাৰ আয় ১,০০০,০০.০০ ( এক লাখ) টকাতকৈ কম তেওঁ NFSA ‘১৩ৰ অধীনত ৰেচন কাৰ্ড পাব পাৰে। ইয়াৰোপৰি এই ক্ষেত্ৰত NFSA ‘১৩ য়ে নিৰ্ধাৰণ কৰি দিয়া যোগ্যতাও থাকিব লাগিব। জ্যেষ্ঠ মহিলা সদস্যৰ অনুপস্থিতিত জ্যেষ্ঠ পুৰুষে আবেদন কৰিব পাৰে। এই ক্ষেত্ৰত ব্যক্তিজনে গাওঁবুঢ়া/ গাওঁ পঞ্চায়ত সভাপতি/ ৱাৰ্ড কমিছনাৰ / FCS&CA ৰ পৰিদৰ্শক অথবা কোনো নিৰ্ধাৰিত কৰ্তৃপক্ষৰ পৰা তেওঁৰ নামত কোনো ধৰণৰ ৰেচন কাৰ্ড নাই বুলি লিখা থকা প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।
ৰেচন কাৰ্ডৰ বাবে আপুনি sewasetu.assam.gov.in ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰে। ইয়াৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যৰ সবিশেষ ,ভোটৰ তালিকা, কৰ আদায়ৰ প্ৰ-পত্ৰ বা ৰাজহ আদায়ৰ চালান, ৰেচন কাৰ্ডৰ চাৰেন্দাৰ প্ৰমাণ পত্ৰ / পৰিয়াল পৰিচয় বা FCS&CA কৰ্তৃপক্ষৰ পৰা পূৰ্বৰ ঠাইত নথকা ৰ প্ৰ-পত্ৰ আদিৰ প্ৰয়োজন হয়।