কিছুদিন পূৰ্বে ক্ৰয় কৰিছিল সপোনৰ গাড়ীখন, ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ২২ বছৰীয়া দীপিতে!
৬ অক্টোবৰত ক্ৰয় কৰিছিল সপোনৰ গাড়ীখন। ৩১ অক্টোবৰত খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দীপিত দে'। পৰিয়ালৰ একমাত্ৰ সন্তান আছিল দীপিত দে'। বৃহস্পতিবাৰে প্রথমে দিনত পিতৃৰ সৈতে ওলাই গৈছিল দীপিত।
দীপাৱলীৰ নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে যুৱক-যুৱতীয়ে। মহানগৰীৰ হোটেল ভিভাণ্টাৰ সন্মুখৰ ফুটব্ৰীজৰ তলত সংঘটিত হয় এই দুৰ্ঘটনা। এখন ক’লা আৰু এখন বগা ৰঙৰ স্ক’ৰপিঅ’ৰ মাজত সংঘৰ্ষ হয়। ৰেলিং ভাঙি ফুটব্ৰীজৰ ওপৰলৈ উঠি গৈছিল ক’লা স্কৰপিঅ’খন। ফুটব্ৰীজৰ ওপৰত খুন্দা মাৰি পুনৰ তলত পৰে বাহনখন। মাত্ৰ তিনিদিন পূৰ্বে ক্ৰয় কৰিছিল ক’লা ৰঙৰ স্কৰপিঅ’খন। খানাপাৰাৰ দিশৰ পৰা আহিছিল ক’লা ৰঙৰ স্কৰপিঅ’খন। দুৰ্ঘটনাটোত যুৱক-যুৱতী নিহত হোৱাৰ লগতে হাস্পতালত মৃত্যুৰে যুঁজি আছে আনগৰাকী যুৱতী।
এই দুৰ্ঘটনাত এজন ২২ বছৰীয়া যুৱক আৰু এগৰাকী ১৯ বছৰীয়া যুৱতীৰ থিতাতে মৃত্যু হয়। মৃত্যু হোৱা যুৱকজনৰ নাম দীপিত দে’ আৰু যুৱতীগৰাকীৰ নাম কনামিকা নাৰ্জাৰী।দুৰ্ঘটনাত নিহত দীপিত দে’ ঘৰ গুৱাহাটীৰ শ্ৰীনগৰত৷ গুৱাহাটীৰ ছয়মাইলত থাকে নিহত কনামিকা নাৰ্জাৰী৷ কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত। নিহত কনামিকাই গুৱাহাটীত কোচিং কৰি আছিল।
৬ অক্টোবৰত ক্ৰয় কৰিছিল সপোনৰ গাড়ীখন। ৩১ অক্টোবৰত খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দীপিত দে। পৰিয়ালৰ একমাত্ৰ সন্তান আছিল দীপিত দে’ ।৬ অক্টোবৰত পিতৃ শামন্ত দে’ই ক্ৰয় কৰিছিল নতুন স্কৰপিঅ’ বাহনখন। বৃহস্পতিবাৰে প্রথমে দিনত পিতৃৰ সৈতে ওলাই গৈছিল দীপিত। সন্ধিয়া দেউতাকৰ আগৰ গাড়ীখন লৈ বন্ধুক লগ কৰিবলৈ ওলাই গৈছিল নিশা ২.৩০ মান বজাত ছুইফট গাড়ীখন লৈ ঘৰলৈ উভতিছিল। নিশা দিপিতক ঘৰত থ’বলৈ আহিছিল এগৰাকী যুবতী। নিশা প্রায় ৩ বজাত পৰিয়ালৰ অজ্ঞাতে নতুন বাহনখন লৈ ওলাই গৈছিল দীপিত। নিৰাপত্তাৰক্ষীয়ে নতুন গাড়ীখন নিবলৈ বাধা দিয়াৰ পিছতো গাড়ীখন লৈ গৈছিল
খানাপাৰা উৰণ সেতুৰ তলত দুর্ঘটনাগ্রস্ত হৈ পূৱতি নিশা মৃত্যু ঘটে দীপিতৰ। গুৱাহাটীৰ ডাউন টাউন বিশ্ববিদ্যালয়ত BBAত অধ্যয়ন কৰি আছিল দীপিতে। পূর্বে বেংগালুৰুত অধ্যয়নৰত আছিল ১৯ বছৰীয়া দীপিতে। পুত্ৰৰ হেঁচাত পিতৃয়ে গুৱাহাটীত পঢ়োৱাৰ বাবে লৈ আহিছিল দীপিতক।
দুৰ্ঘটনাত আন এগৰাকী যুৱতী নেহা বসুমতাৰী আহত হয়। জিএমচিএইচত ভৰ্তি কৰোৱা নেহা বৰ্তমান সুস্থ। নেহাৰ ঘৰ গহপুৰত।নিশা বাৰৰ পৰা ওলাই আহিছিল ক’লা স্কৰপিঅ’খনত থকা তিনি যুৱক-যুৱতী। তিনি যুৱক-যুৱতীৰ হাতত আছিল বাৰৰ এণ্ট্ৰী টেগ। ইউ-টাৰ্ণ লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বগা ৰঙৰ স্কৰপিঅ’খনত প্ৰচণ্ড খুন্দা মাৰে ক’লা স্কৰপিঅ’খনে। এই দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ক’লা স্কৰপিঅ’খন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। দ্ৰুতবেগী স্কৰপিঅ’ৰ খুন্দাত ভাঙি চূৰমাৰ হয় খানাপাৰাৰ ফুটব্ৰীজ। এই দুৰ্ঘটনাই শোকাহত কৰি তুলিছে সকলোকে।