কাইলৈ অতিৰিক্ত ৩৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব ৰাজ্য চৰকাৰে…
সোমবাৰে ৰাজ্যৰ চৰকাৰে পুনৰ ৩৮৫ গৰাকী অতিৰিক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব । ইতিমধ্যে এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্রী ড০ ৰানোজ পেগুকে ধৰি বিশিষ্ট ব্যক্তিসকল ৷
অহা ৭ অক্টোবৰ সোমবাৰে ৰাজ্যৰ চৰকাৰে পুনৰ ৩৮৫ গৰাকী অতিৰিক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব । ইতিমধ্যে এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে । মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে সদৰী কৰিছে যে, অহা ৭ অক্টোবৰ সোমবাৰে পুৱা ১০:৩০ বজাত জি এম চি এইচৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে ৩৮৫ গৰাকী অতিৰিক্ত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।
উল্লেখ্য যে, এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্রী ড০ ৰানোজ পেগুকে ধৰি বিশিষ্ট ব্যক্তিসকল ৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি, শেহতীয়াকৈ দিয়া এই নিযুক্তিত বিভিন্ন বিভাগৰ পদ অন্তৰ্ভুক্ত কৰা হৈছে । পলিটেকনিকৰ ১৩৬ জন প্ৰবক্তা, পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৪৭ জন জ্যেষ্ঠ প্ৰশিক্ষক আৰু ৭৮ জন সহকাৰী অধ্যাপকক নিযুক্তি প্ৰদান কৰা হ’ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগতো মুঠ ১০১ গৰাকী প্ৰাৰ্থীক চিকিৎসা বিষয়া হিচাপে নিযুক্তি দিয়া হ’ব।
Fulfilling and surpassing its commitment of 1 lakh jobs, the State Government led by HCM Dr. @himantabiswa has ensured transparency and merit-based recruitment in every step.
As part of this ongoing effort, appointment letters will be distributed to 385 more candidates tomorrow,… pic.twitter.com/K5hQV4zBrK
— Chief Minister Assam (@CMOfficeAssam) October 6, 2024
মনকৰিবলগীয়া যে, অসম চৰকাৰে ২০২৪ চনৰ ২৬ ছেপ্টেম্বৰলৈকে মুঠ ১,২৫,০৩০ জন প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিছে । ইয়াৰ লগে লগে ৰাজ্যই ১ লাখ চাকৰি সৃষ্টিৰ প্ৰতিশ্ৰুতি অতিক্ৰম কৰিছে ।
শেহতীয়াকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে মুঠ ১২,৬০০ টা পদৰ বাবে প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিছে ৰাজ্য চৰকাৰে । তৃতীয় বৰ্গৰ ৭,৬০০ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে চতুৰ্থ বৰ্গৰ বাবে ৫০০০ টা পদৰ বাবে প্ৰত্যক্ষ নিযুক্ত পৰীক্ষা অনুষ্ঠিত কৰিছে অসম চৰকাৰে । ইতিমধ্যে তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা সমাপ্ত হৈছে । অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা ।