শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Republic Day 2025: ৰাজ্যত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি, পূৰ্ণগতিত চলিছে পেৰেডৰ আখৰা, অব্যাহত তালাচী অভিযান

গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব গণৰাজ্য দিৱস। খানাপাৰা খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই। পেৰেডত অংশগ্ৰহণ কৰিব ২৩ টাকৈ প্লাটুনে।

Republic Day 2025: ৰাজ্যত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি, পূৰ্ণগতিত চলিছে পেৰেডৰ আখৰা, অব্যাহত তালাচী অভিযান
ৰাজ্যত গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি
trishna-kalita
Trishna Kalita | Updated On: 23 Jan 2025 19:15 PM

সমাগত ৭৬সংখ্যক গণৰাজ্য দিৱস। দেশজুৰি চলিছে গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি। ৭৬সংখ্যক গণৰাজ্য দিৱস পালন কৰিবলৈ সাজু হৈছে সমগ্ৰ দেশবাসী। দেশৰ প্ৰতিটো প্ৰান্ততে এতিয়া চলিছে গণৰাজ্য দিৱস পালনৰ কুচ-কাৱাজ। গণৰাজ্য দিৱসক লৈ ৰাজ্যৰ প্ৰতিখন জিলাতো আৰক্ষী আৰু জিলা প্ৰশাসনৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। ভিন্ন প্ৰান্তত চলিছে গণৰাজ্যৰ দিৱসৰ প্ৰস্তুতি। পেৰেডৰ চূড়ান্ত অনুশীলনত ব্যস্ত হৈ পৰিছে কেডেটসকল।

মহানগৰীত চলিছে প্ৰশাসনৰ গণৰাজ্য দিৱসৰ ব্যাপক আয়োজন। গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ’ব গণৰাজ্য দিৱস। খানাপাৰা খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্যই। পেৰেডত অংশগ্ৰহণ কৰিব ২৩ টাকৈ প্লাটুনে। যাৰ বাবে এতিয়া পুৱাৰে পৰা অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, স্কাউট এণ্ড গাইড, NCCৰ পেৰেডৰ শব্দত মুখৰ হৈ পৰিছে খানাপাৰা। প্ৰতিটো প্লাটুনে নিজৰ নিয়ম অনুসৰি কৰি গৈছে আকৰ্ষণীয় মাৰ্চ-পাষ্টৰ চূড়ান্ত অনুশীলন।

খানাপাৰা খেলপথাৰৰ পেৰেডত অংশগ্ৰহণ কৰিব মুঠ ২৩টা প্লাটুনে। তাৰ ভিতৰত থাকিব অসম আৰক্ষীৰ ১৫টাকৈ বিভাগৰ প্লাটুন। অসম আৰক্ষীৰ বিভিন্ন ১৫টা বিভাগে পেৰেডত প্ৰদৰ্শন কৰিব আকৰ্ষণীয় মাৰ্চ-পাষ্ট। লগতে থাকিব অসম আৰক্ষীৰ বিশেষ কামাণ্ডো বাহিনীও। ইয়াৰ উপৰিও প্ৰথমবাৰৰ বাবে খানাপাৰা পেৰেড গ্ৰাউণ্ডত দেখিবলৈ পোৱা যাব সুদূৰ ত্ৰিপুৰা আৰক্ষীৰ তিনিটা বিশেষ বাহিনীৰ মাৰ্চ-পাষ্ট। থাকিব NSS আৰু ডগ স্কোৱাডৰ আকৰ্ষণীয় মাৰ্চ-পাষ্ট প্ৰদৰ্শন।

ইফালে ডিব্ৰুগড়ত খনিকৰ ৰিজাৰ্ভ খেলপথাৰত অনুষ্ঠিত কাৰ্যসূচী উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। দীঘলীপুখুৰীৰ পাৰত চলিছে পেৰেডৰ অনুশীলন। আৰক্ষীৰ চোকা নজৰত আয়োজন কৰা হৈছে গণৰাজ্য দিৱস। উত্তৰ গুৱাহাটীতো ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰস্তুতি। লগতে শিলচৰতো গণৰাজ্য দিৱস উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি৷ শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত পালন কৰিবলগীয়া গণৰাজ্য দিৱসত শিলচৰত এইবাৰ মুঠ ২৯টা গোটে অংশ ল’ব প্ৰেৰেডত।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথত চলিছে তালাচী।কোনো যাতে অপ্ৰীতিকৰ বা অনাকাংক্ষিত ঘটনা সংঘটিত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি নিবদ্ধ ৰাখিছে অসম আৰক্ষীয়ে। গুৱাহাটীৰ লগতে ৰাজ্যৰ আন আন প্ৰান্তটো চলিছে প্ৰশাসনৰ তালাচী অভিযান। অসম-বংগ সীমান্তত আৰক্ষীৰ চোকা নজৰ। কোকৰাঝাৰৰ গোসাঁইগাঁও মহকুমাত সষ্টম আৰক্ষী। বংগ আৰু ভূটান সীমান্তত চোকা পহৰা আৰক্ষীৰ। নদীৰ সিপাৰৰ জনবসতি এলেকাত সজাগতাৰ চেষ্টা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাৰ লিডুত চলিছে লিডু আৰক্ষীৰ ব্যাপক তালাচী অভিযান।