Republic Day 2025: গণৰাজ্য দিৱস উপলক্ষে কৰ্তব্য পথত উজলিব ভিন্ন ৰাজ্যৰ কলা-সংস্কৃতি, কি কি থাকিব অসমৰ প্ৰতীকপটত?
গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে এতিয়া দিল্লীত পূৰ্ণগতিত প্ৰস্তুতি চলিছে। দিল্লীৰ ৰাজপথত অনুশীলন কৰিছে শিল্পী, কলা-কুশলীসকলে। প্ৰতিবছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসত প্ৰদৰ্শন হ’ব ভিন্ন ৰাজ্যৰ প্ৰতীকপট৷ প্ৰদৰ্শন হ’ব দিল্লীৰ কৰ্তব্য পথত অসমৰ প্ৰতীকপটো ৷ প্ৰতীকপটত উজলিব অসমৰ কৃষ্টি-সংস্কৃতি৷
কাইলৈ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস৷ ইতিমধ্য়ে সম্পন্ন হৈছে সকলো প্ৰস্তুতি। গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে এতিয়া দিল্লীত পূৰ্ণগতিত প্ৰস্তুতি চলিছে। দিল্লীৰ ৰাজপথত অনুশীলন কৰিছে শিল্পী, কলা-কুশলীসকলে। কৰ্তব্য পথত উজ্বলিব দেশৰ ১৫খন ৰাজ্যৰ কলা-সংস্কৃতি। এইবাৰ গণৰাজ্য দিৱসৰ মূল থীম ‘স্বৰ্ণিম ভাৰতৰ ঐতিহ্য আৰু বিকাশ’।
প্ৰতিবছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱসত প্ৰদৰ্শন হ’ব ভিন্ন ৰাজ্যৰ প্ৰতীকপট৷ প্ৰদৰ্শন হ’ব দিল্লীৰ কৰ্তব্য পথত অসমৰ প্ৰতীকপটো ৷ যাৰ বাবে দিল্লীৰ ৰাজপথত অনুশীলনত ব্যস্ত হৈ পৰিছে অসমৰ শিল্পী, কলা-কুশলী। প্ৰতীকপটত উজলিব অসমৰ কৃষ্টি-সংস্কৃতি৷ প্ৰতীকপটত উজলিব ঐতিহাসিক চৰাইদেউ মৈদাম৷ প্ৰদৰ্শিত হ’ব অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য, জাপি, গঁড় আদিৰ দৰে চহকী সংস্কৃতি।
এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “কাইলৈ গণৰাজ্য দিৱসৰ পুৱা আমাৰ অসমৰ চৰাইদেউ মৈদাম, আমাৰ গৌৰৱৰ নৃত্য, জাপি, গঁড় আদি আমাৰ চহকী সংস্কৃতি লালকিল্লাত প্ৰদৰ্শিত হ’ব। যদি আপুনি দিল্লীত আছে আৰু এই অনুষ্ঠানত উপস্থিত থকাৰ পৰিকল্পনা কৰিছে আমাক জনাব।”
A look at the Assam Tableau for #RepublicDay2025
Representing our rich culture through Charaideo Moidam, traditional dance forms, Japi, Xorai and our pride Rhino, it will be on display at the Red Fort.
If you’re in Delhi and at the exhibition, share pictures in the comments. pic.twitter.com/X0PvA0gAHE
— Himanta Biswa Sarma (@himantabiswa) January 25, 2025
কিদৰে বাছনি কৰা হয় প্ৰতীকপট
গণৰাজ্য দিৱসত আমি বিভিন্ন ৰাজ্যৰ প্ৰতীকপট দেখিবলৈ পাওঁ। কিছুমান ৰাজ্যৰ প্ৰতীকপট নাকচ কৰা হয়। প্ৰদৰ্শিত হ’ব লগা প্ৰতীকপটসমূহ বাছনি কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে। তেওঁলোকে প্ৰথমে প্ৰতিখন ৰাজ্যৰ পৰা প্ৰতীকপটৰ বাবে আবেদন বিচাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰস্তুতি কেইমাহমান আগতে আৰম্ভ হয়। প্ৰতীকপট নিৰ্বাচন কৰাব বাবে এখন সমিতি গঠন কৰা হয়। প্ৰথমে প্ৰতীকপটৰ থীম, ডিজাইন আৰু ধাৰণা আৰু লগতে আন বহুতো বস্তু পৰীক্ষা কৰা হয়। এয়া বাছনি প্ৰক্ৰিয়া প্ৰথম পৰ্যায়, য’ত প্ৰতীকপটক এখন স্কেচ্ছৰ ৰূপত উপস্থাপন কৰা হয়। ইয়াৰ জৰিয়তে ইয়াৰ গুণাগুণবোৰ কোৱা হয়।
প্ৰক্ৰিয়াটোৰ প্ৰথম পৰ্যায়ৰ পিছত, আবেদনকাৰীসকলক প্ৰতীকপটৰ 3D মডেল দাখিল কৰিবলৈ কোৱা হয়। এই দ্বিতীয় পৰ্যায়ত, যেতিয়া দাখিল কৰা মডেটোৱে সেউজ সংকেত লাভ কৰে, তাৰ পাছত ৰাজ্যখনত প্ৰতীকপট নিৰ্মাণ আৰম্ভ হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, প্ৰতীকপটৰ বাছনি কেইবাটাও মাপকাঠিৰ ওপৰত নিৰ্ভৰ কৰে। যেনে দেখাত কেনেকুৱা? মানুহক কিমান প্ৰভাৱিত কৰিব? ইয়াত কেনে ধৰণৰ সংগীত ব্যৱহাৰ কৰা হ’ব? যি বিষয়ৰ লৈ ইয়াক সৃষ্টি কৰা হৈছে সেইটো ইমান গভীৰতাৰে দেখুওৱা হৈছে? এই বাছনি প্ৰক্ৰিয়াটো ৬ ৰ পৰা ৭টা পৰ্যায়ত সম্পূৰ্ণ হয়।
ইয়াৰ পাছত প্ৰতীকপট নিৰ্মাণত যদি ত্ৰুটি থাকে, চূড়ান্ত অনুমোদন দিয়াৰ সময়ত পৰিৱৰ্তন কৰিবলৈ ক’ব পাৰি। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হৈছে, দুখন ৰাজ্যৰ প্ৰতীকপট একে ধৰণৰ হ’ব নালাগে। ইয়াৰ বাহিৰেও একে ধৰণৰ লিখা বা ডিজাইন থাকিব নালাগে। ৰাজ্যখনৰ নাম হিন্দী বা ইংৰাজীত হ’ব লাগে। কাষত অন্যান্য ভাষাৰ নাম লিখিব পাৰি।