5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

নিৰ্মীয়মান যোৰহাট-ডিব্ৰুগড় ঘাইপথক লৈ পৰ্যালোচনা বৈঠক ! কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই ?

ঘাইপথ পুনৰ নিৰ্মাণ প্ৰকল্পৰ সন্দৰ্ভত আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সভাপতিত্বত আয়োজিত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই বৈঠকত ৰাজ্যৰ ৫৭ টা জটিল ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণ প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাৰ ওপৰত সামূহিকভাৱে গুৰুত্ব দিয়া হয় ।

নিৰ্মীয়মান যোৰহাট-ডিব্ৰুগড় ঘাইপথক লৈ পৰ্যালোচনা বৈঠক ! কি ক’লে মুখ্যমন্ত্ৰী শৰ্মাই ?
নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথক লৈ পৰ্যালোচনা বৈঠক
manas-borah
Manas Borah | Updated On: 22 Oct 2024 16:25 PM

ৰাজ্যৰ ১০০১ কিলোমিটা ঘাইপথ পুনৰ নিৰ্মাণ প্ৰকল্পৰ সন্দৰ্ভত আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ সভাপতিত্বত আয়োজিত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই বৈঠকত ৰাজ্যৰ ৫৭ টা জটিল ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণ প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাৰ ওপৰত সামূহিকভাৱে গুৰুত্ব দিয়া হয় ।

এই বৈঠকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, এই বৈঠকত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় । এই বৈঠকত আলোচনা কৰা প্ৰকল্প সমূহৰ ভিতৰত যোৰহাট-ডিব্ৰুগড় ঘাইপথ পুনৰ নিৰ্মাণ প্ৰকল্প । এই বৈঠকত বিশেষভাৱে যোৰহাট-ডিব্ৰুগড় ঘাইপথ পুনৰ নিৰ্মাণ প্ৰকল্প সোনকালে সম্পূৰ্ণ কৰাৰ ওপৰত আলোচনা কৰা হয় ।

বৈঠকৰ শেষত মুখ্যমন্ত্ৰী শৰ্মাই এই কথাও উল্লেখ কৰিছে যে,কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক এই ঘাইপথটো নিৰ্মাণ কাৰ্য সোনকালে সম্পূৰ্ণ কৰাৰ বাবে অনুৰোধ জনাইছিল । ঘাইপথটো নিৰ্মাণৰ লগত জড়িত সকলো পক্ষই এই প্ৰকল্পটোৰ কাম ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত আশ্বাস দিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইয়াৰ সমান্তৰালভাৱে বৈঠকত প্ৰস্তাৱিত কাজিৰঙা ইলেভেটেড কৰিড প্ৰকল্পৰ বিষয়েও আলোচনা কৰা হৈছিল বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, কাজিৰঙা ইলেভেটেড কৰিডৰ এলাইনমেণ্টে ইতিমধ্যে অনুমোদন লাভ কৰিছে। লগতে ৫৫০০ কোটি টকাৰ এই প্ৰকল্পটো কেন্দ্ৰীয়ে চৰকাৰে কম সময়ৰ ভিতৰত অনুমোদন জনাব বুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আশ্বাস দিছে বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ।

বৈঠকত গহপুৰ-নুমলীগড় সুৰংগৰ নিৰ্মাণৰ ওপৰতো আলোচনা কৰা হয় । মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, এই সুৰংগৰ ডিপিআৰ নিৰ্মাণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । ডিপিআৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব বুলি নীতিন গাডকাৰীয়ে আশ্বাস দিছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই ।

ইয়াৰ উপৰিও বৈঠকত নীতিন গাডকাৰী সৈতে বাইহাটা চাৰিআলি-তেজপুৰ ঘাইপথৰ পুনৰ নিৰ্মাণৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে কমলাবাৰী আৰু নিমাতী ঘাট সংযোগী মাজুলী দলংখনৰ পুনৰ নিবিদাৰো আহ্বান জনাই বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ দিলীপ শইকীয়া উপস্থিত আছিল ।

Latest News