5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

২০২৫ৰ চৰকাৰী বন্ধৰ তালিকাত সাল-সলনি, অধিসূচনা জাৰি সাধাৰণ প্ৰশাসন বিভাগৰ

এই পৰিৱৰ্তনবোৰে যি চৰকাৰী কৰ্মচাৰী আৰু নাগৰিকসকলক চৰকাৰী বন্ধৰ ক্ষেত্ৰত আগতীয়াকৈ স্পষ্টতা প্ৰদান কৰিব। ই ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক সৰল আৰু উন্নত কৰাত সহায়ক হ'ব। সকলো বিভাগৰ বাবে প্ৰযোজ্য হ'ব নতুন বন্ধৰ তাৰিখ। যিয়ে বিদ্যালয়, চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিক প্ৰভাৱিত কৰিব।

২০২৫ৰ চৰকাৰী বন্ধৰ তালিকাত সাল-সলনি, অধিসূচনা জাৰি সাধাৰণ প্ৰশাসন বিভাগৰ
বন্ধ (প্ৰতীকী ফটো)Image Credit source: google
trishna-kalita
Trishna Kalita | Updated On: 28 Dec 2024 16:07 PM

কিছুদিন পূৰ্বে ৰাজ্য চৰকাৰে প্ৰকাশ কৰিছিল চৰকাৰী বন্ধৰ তালিকা৷ য’ত আছিল মুঠ বন্ধ ৩৬ দিন আৰু এদিন অৰ্ধ ছুটী অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এই তালিকাৰ পৰা সাল-সলনি ঘটোৱা হৈছে ৮টাকৈ বন্ধৰ দিন৷ ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগে৷ যিবোৰে বছৰটোৰ বাবে পূৰ্বে নিৰ্ধাৰিত বন্ধৰ স্থান ল’ব। এই সংশোধিত তালিকাখনে বহুতো চৰকাৰী খণ্ড আৰু ৰাজহুৱা ৰীতি-নীতিক প্ৰভাৱিত কৰিব পাৰে।

এই পৰিৱৰ্তনবোৰ ৰাজ্যৰ বন্ধৰ তালিকাক সঠিককৈ তৈয়াৰ কৰাৰ প্ৰচেষ্টাৰ অংশ। যি চৰকাৰী কৰ্মচাৰী আৰু নাগৰিকসকলক চৰকাৰী বন্ধৰ ক্ষেত্ৰত আগতীয়াকৈ স্পষ্টতা প্ৰদান কৰিব। ই ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাক সৰল আৰু উন্নত কৰাত সহায়ক হ’ব। সকলো বিভাগৰ বাবে প্ৰযোজ্য হ’ব নতুন বন্ধৰ তাৰিখ। যিয়ে বিদ্যালয়, চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠান আদিক প্ৰভাৱিত হ’ব।

সাল-সলনি কৰা তাৰিখ

  1.  ১ মে’ৰ মে দিৱস, ২ অক্টোবৰত গান্ধী জয়ন্তী আৰু ২৪ মে’ত মটক ৰজা স্বৰ্গদেৱ সৰ্বানন্দ দিৱস।
  2. ২৬ মে’ত হৰি দেৱৰ তিথি আৰু ২৩ অক্টোবৰত শ্ৰীভূৱনেশ্বৰ সাধু ঠাকুৰৰ আৱিৰ্ভাৱ তিথি।
  3. ১ নৱেম্বৰত কুকি চাৱাং কুট উৎসৱ আৰু ৭ নৱেম্বৰত ৱাংলা উৎসৱ উদযাপন কৰা হ’ব।
  4. শেষত বীৰ ৰাঘৱ মৰাণ দিৱস ১৯ নৱেম্বৰত উদযাপন কৰা হ’ব।
Holiday List

Holiday List

পূৰ্বৰ বন্ধৰ তালিকা

  • ১৪ আৰু ১৫ জানুৱাৰী-মাঘ বিহু আৰু টুছু পূজা, ২৩ জানুৱাৰী- নেতাজীৰ জন্মদিন, ২৬ জানুৱাৰী- গণতন্ত্ৰ দিৱস, ২৮ জানুৱাৰী- বাথৌ পূজা, ৩১ জানুৱাৰী- মেডাম-মে-ফি।
  • ১২ ফেব্ৰুৱাৰী- বীৰ চিলাৰায় দিৱসৰ বন্ধ থাকিব। ১৪ মাৰ্চ-দৌল যাত্ৰা, ৩১ মাৰ্চ- ঈদ-উল-ফিটৰ। ১৪, ১৫ আৰু ১৬ এপ্ৰিল- ব’হাগ বিহু, ১৮ এপ্ৰিল- গুড ফ্ৰাইডে, ২১ এপ্ৰিল-সতী সাধনী দিৱস, ২৮ এপ্ৰিল- দামোদৰ দেৱৰ তিথি।
  • ১ মে’- মে’ দিৱস, ১২ মে’- বুদ্ধ পূৰ্ণিমা, ৭ জুন- ঈদ-উল-জোহা, ১২ জুন- শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ, ১৫ আগষ্ট- স্বাধীনতা দিৱস, ২৫ আগষ্ট- শ্ৰীশ্ৰী শংকৰদেৱৰ তিৰোভাৱ তিথি
  • ৩ ছেপ্টেম্বৰ- কৰম পূজা, ১২ ছেপ্টেম্বৰ- শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি, ১৪ ছেপ্টেম্বৰ- জন্মাষ্টমী, ২৯, ৩০ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰ- দূৰ্গা পূজা
  • ২ অক্টোবৰ- বিজয়া দশমী, শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মোৎসৱ, মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰ- কাতি বিহু, ২০ অক্টোবৰ- কালী পূজা আৰু দিপাৱলী ২৩ অক্টোবৰ- ভাতৃ দ্বিতীয়া, ২৮ অক্টোবৰ- ষট পূজা, আনফালে ৬ অক্টোবৰত লক্ষ্মীপূজা উপলক্ষে অৰ্ধছুটী।
  • ৫ নৱেম্বৰ- গুৰু নানক জয়ন্তী, ২৪ নৱেম্বৰ- লাচিত দিৱস, ২ ডিচেম্বৰ- অসম দিৱস, ২৫ ডিচেম্বৰ- বৰদিন।

Latest News