চুৰি হোৱা বাইকখন উত্তৰাখণ্ডৰ বাইকাৰ্ছ ননীৰ নহয়, প্ৰকৃত সত্য জনালে DCP মৃণাল ডেকাই

অসমলৈ আহিয়েই যেন বিপদত পৰিল ৰাইডাৰ! গুৱাহাটী আহি পোৱাৰ পাছতেই চুৰি হ'ল বহিঃৰাজ্যৰ ৰাইডাৰ ননীৰ বাইক। ননীৰ বাইক চুৰি হোৱা বিষয় সন্দৰ্ভত সংবাদমেলত কি ক’লে জানক DCP মৃণাল ডেকাই।

চুৰি হোৱা বাইকখন উত্তৰাখণ্ডৰ বাইকাৰ্ছ ননীৰ নহয়, প্ৰকৃত সত্য জনালে DCP মৃণাল ডেকাই

চুৰি হোৱা বাইকখন উত্তৰাখণ্ডৰ বাইকাৰ্ছ ননীৰ নহয়

Published: 

06 Mar 2025 15:33 PM

অসমলৈ আহি গুৱাহাটীত বাইক চোৰৰ কবলত উত্তৰাখণ্ডৰ জনপ্ৰিয় মহিলা বাইক ৰাইডাৰ। ভাৰতৰ বহু ঠাইত এগৰাকী মহিলা হিচাপে কোনো অসুবিধা নোহোৱাকৈ ভ্ৰমণ কৰি অহাৰ পিছত উত্তৰ পূৰ্বাঞ্চললৈ আহি সমস্যাৰ সন্মুখীন হয় বাইক ৰাইডাৰ ননী। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত সন্মুখীন হোৱা এই পৰিস্থিতিৰ বিষয়ে জনাই সামাজিক মাধ্যমত পোষ্ট কৰিছিল এটা ভিডিঅ’। য’ত ননীয়ে অসম আৰক্ষী DGP সকলোকে টেগ কৰি দিছিল।

সামাজিক মাধ্যমত ননীয়ে কয়, “মই গুৱাহাটীত আছো আৰু ইয়াৰ পৰা আমাৰ বাইক চুৰি হৈছে। যিসকলে নাযানে তেওঁলোকক জনাও যে, মই ৰাইডাৰ ননী। প্ৰায় ৬ মাহ পূৰ্বে মই ঘৰৰ পৰা ওলাই আহিছোঁ,ভাৰতৰ বিভিন্ন স্থানলৈ প্ৰায় ৩০ হাজাৰ কিলোমিটাৰ পথ বাইক চলাই অতিক্ৰম কৰিছোঁ, ইয়াৰ লক্ষ্য হৈছে নাৰী সৱলীকৰণ। মোৰ এইটো আচৰিত লাগিছে মই ভাৰতৰ আধাতকৈ বেছি স্থানত বাইক চলাই আহিছোঁ, কিন্তু অসম গুৱাহাটীত অহাৰ পিছত আমাৰ বাইকে চুৰি হৈ গ’ল। উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰাৰ লগে লগে মোৰ সৈতে আন বহুলোকে যোগ দিছিল আৰু আমি কেম্পেইনিং কৰাৰ পৰিকল্পনা কৰিছিলোঁ আৰু নিশা কটাবলৈ গুৱাহাটীৰ সৰুসজাইৰ কালী মন্দিৰ পথৰ সমীপৰ মেডীজ গেষ্ট হাউছত আছিলোঁ। এই চুৰিৰ বাবে মোৰ এই বাইক ৰাইডৰ ওপৰত বহুত প্ৰভাৱ পৰিব। কেনেকৈ এই যাত্ৰা আৰম্ভ কৰিছোঁ, কেনেকৈ ধন সংগ্ৰহ কৰি চলি আছোঁ সেয়া মাথোঁ মই জানো। গতিকে মোক আপোনালোকৰ সহায়ৰ বহু প্ৰয়োজন। মই হাত জোৰ কৰি আপোনালোকক মিনতি কৰিছোঁ মোৰ এই মেছেজ অসম আৰক্ষী, গুৱাহাটী আৰক্ষী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ নিয়াত সহায় কৰক।”

ইয়াৰ পিছতে অসম আৰক্ষীয়ে চোৰক কৰায়ত্ব কৰিবলৈ অভিযানত নামে। কেমেৰাত বন্দী হৈছে বাইক চুৰিৰ দৃশ্য৷ সমগ্ৰ ঘটনা তন্ন তন্নকৈ চোৱা হৈছে বুলি জনায় DCP মৃণাল ডেকাই।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এই সম্পৰ্কে কয় DCP মৃণাল ডেকাই। তেওঁ কয়- “কালি দুপৰীয়া বশিষ্ঠ থানাত বাইক চুৰি হোৱা গোচৰ এটা আহে আৰু সেইটো সন্দৰ্ভত তদন্ত কৰি থকাও হৈছে। যিগৰাকী মহিলাই বাইক চুৰি সন্দৰ্ভত সামাজিক মাধ্যমত কৈছে, তেখেত সেই গাড়ীখনৰ মুৰব্বী নহয়। সেই গাড়ীখনৰ মুৰব্বী আছিল মোহিত কুমাৰ নামৰ এজন যুৱক। গতিকে সেই মহিলাজনীৰ লগতে তেওঁ আহিছিলে, কিন্তু মহিলাজনী মুৰব্বী নহয়। গাড়ীখন চুৰি হৈছিল পুৱতি নিশা আৰু আমাক খবৰ দিয়ে দুপৰীয়া। যুৱতী গৰাকী আমাৰ সৈতে যোগাযোগত আছে, মই কিছুসময় পূৰ্বে কথা পাতিছোঁ। তেওঁলোকেও আমাক সহযোগ কৰিছে আৰু আমিও তদন্ত সঠিক দিশত আগুৱাই নিব পাৰিছোঁ। আশা কৰিছোঁ আমি ভাল ফলাফল পাম বুলি।”

দেশৰ জনপ্ৰিয় বাইক ৰাইডাৰ ননীৰ বাইক গুৱাহাটীত চুৰি হোৱাৰ ঘটনাই সকলোকে লাজত পেলাইছে। ইয়াৰ মাজে শাসকীয় বিজেপি চৰকাৰৰ সমালোচনা কৰিবলৈ নেৰিলে বিৰোধীয়ে। দেবব্ৰত শইকীয়াই প্ৰশ্ন উত্থাপন কৰে যে, “মহানগৰীৰ ভিন্ন স্থানত CCTV সংস্থাপনৰ কথা কৈছিল চৰকাৰে৷ CCTV থকাৰ পাছতো কেনেকৈ চুৰি হ’ল ৰাইডাৰগৰাকীৰ বাইক?” এতিয়া এই ক্ষেত্ৰত চৰকাৰ আৰু অসম আৰক্ষী কিমান সফল হয়, সেয়া সময়ত লক্ষণীয় হ’ব।

 

গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?