5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Remal: স্কুললৈ যোৱাৰ পথতেই ধুমুহাৰ ফলত মৃত্যু এজন ছাত্ৰৰ,মাতৃৰ অৱস্থা সংকটজনক

মঙলবাৰৰ দিনা ৰিমলৰ প্ৰভাৱৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, বতাহ হয়। যাৰ ফলত পৃথক দুটা ঘটনাত ২জনৰ মৃত্যু হয়। মৃত্যু হোৱা দুজনৰ ভিতৰত এজন আছিল ১৭ বছৰীয়া ছাত্ৰও। 

Remal: স্কুললৈ যোৱাৰ পথতেই ধুমুহাৰ ফলত মৃত্যু এজন ছাত্ৰৰ,মাতৃৰ অৱস্থা সংকটজনক
ৰিমল
barasha-sarma
Barasha Sarma | Updated On: 29 May 2024 11:49 AM

বতৰে ধৰিছে কালৰূপ। তাৰমাজতে পুনৰ এগৰাকী ছাত্ৰৰ প্ৰাণ ল’লে ৰিমলে। বুধবাৰে পুৱা এই ঘটনা সংঘটিত হৈছে বিলাসীপাৰাৰ বাণিয়াপাৰাত । স্কুললৈ যোৱাৰ পথতেই ধুমুহাৰ ফলত  বাগৰি পৰে এখন টেম্পো। এই টেম্পোখনত স্কুললৈ গৈ আছিল ছাত্ৰ-ছাত্ৰীসকল। লগে লগে টেম্পোৰ তলত পৰি যায় ছাত্ৰসহ মাতৃ।  যাৰ ফলত শিৱম বৰ্মন নামৰ এগৰাকী ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত হয়। বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ আছিল শিৱম। ঘটনাত ছাত্ৰগৰাকীৰ মাতৃও গুৰুতৰভাৱে আহত হৈছে। মাতৃক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হৈছে।

যোৱা ২৬ মে’ৰ পৰা অসমত প্ৰভাৱ পৰিছে ঘূৰ্ণী বতাহ ৰিমলৰ।মঙলবাৰৰ দিনা ৰিমলৰ প্ৰভাৱৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, বতাহ হয়। যাৰ ফলত পৃথক দুটা ঘটনাত ২জনৰ মৃত্যু হয়। মৃত্যু হোৱা দুজনৰ ভিতৰত এজন আছিল ১৭ বছৰীয়া ছাত্ৰও।  স্কুললৈ হৈ থকা অৱস্থাতে ছাত্ৰজনৰ ওপৰত গছ বাগৰি পৰিছিল যাৰ ফলত থিতাতে মৃত্যু হৈছিল তেওঁৰ। আনহাতে পৃথক পৃথক স্থানত আহত হৈছিল প্ৰায় ১৭ জন।

ৰিমলক লৈ বতৰ বিজ্ঞান বিভাগ বা ৰাজ্য চৰকাৰে বিভিন্ন সময়ত সতৰ্কমূলক বাণী জাৰি কৰি আহিছে। নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ জিলাৰ শিক্ষানুষ্ঠান ২৯ মে’ত বন্ধ ৰখাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বাকী জিলাৰ স্কুলসমূহত গৰমৰ বাবে দিয়া সময়সূচী অনুসৰি পাঠদান চলি আছে।

আজি বতৰ বিজ্ঞান কেন্দ্ৰই ১০খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আনহাতে  ২৪ খন জিলাত জাৰি কৰিছে য়ালো এলাৰ্ট। অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলা কেইখন- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি,  ডিব্ৰুগড় আৰু তিনিচুকীয়া। আনহাতে য়ালো এলাৰ্ট জাৰি কৰা জিলা কেইখন- দক্ষিণ শালমৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা, ওদালগুৰি, দৰং, কামৰূপ(ম), কামৰূপ, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, মাজুলী, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আদি।

এই এলাৰ্ট জাৰি কৰাৰ পাছতো যেন নাগৰিকসকল সচেতন হোৱা নাই।  জানিব পৰা মতে এই ৰিমলৰ প্ৰভাৱ আৰু কেইদিনমান থাকিব অসমত। ৰিমলৰ প্ৰভাৱৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত ফেৰী সেৱা বন্ধ কৰা হৈছে। কেইবাখনো জিলাৰ নদী সমূহৰ পানী উফন্দি অহাৰ লগে লগে বানপানীৰ আশংকাই দেখা দিছে।  বিভিন্ন ঠাইত গৰাখহনীয়াৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ৰেমল এক ঘূৰ্ণী বতাহ যি বংগোপসাগৰত আৰম্ভ হৈছে। ইয়াৰ প্ৰভাৱ পশ্চিম বংগ, বাংলাদেশ আদিপ লগতে উত্তৰ-পূৱৰ ৰাজ্যসমূহতো পৰিছে।

Latest News