5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হাজোত তীব্ৰবেগী বাহনৰ খুন্দাত চূর্ণ-বিচূর্ণ হ’ল শিক্ষাৰ্থী কঢ়িয়াই অনা টেম্পো! আহত চালকসহ ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰী

বিদ্যালয়ৰ ছুটিৰ পাছত এখন টেম্পোত শিক্ষাৰ্থীসকল গৈ থকাৰ সময়তে নলবাৰী দিশৰ পৰা অহা AS01 DZ 1817 নম্বৰৰ তীব্ৰ বেগী চেন্ট্ৰ বাহনখনে খুন্দা মাৰে। ফলত ৮গৰাকী শিক্ষাৰ্থীৰ লগতে চালকগৰাকীও আহত হয়। আহতসকলক হাজো এফ আৰ ইউত ভৰ্তি কৰোৱা হৈছে।

হাজোত তীব্ৰবেগী বাহনৰ খুন্দাত চূর্ণ-বিচূর্ণ হ’ল শিক্ষাৰ্থী কঢ়িয়াই অনা টেম্পো! আহত চালকসহ ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰী
হাজোত তীব্ৰবেগী বাহনৰ খুন্দাত বিচূৰ্ণ হ’ল শিক্ষাৰ্থী কঢ়িয়াই অনা টেম্পো!
trishna-kalita
Trishna Kalita | Published: 18 Oct 2024 18:56 PM

হাজোৰ ধূপগুৰিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। শিক্ষাৰ্থী কঢ়িয়াই অনা টেম্পোত খুন্দা তীব্ৰবেগী চেনট্ৰো বাহনৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰী। ৮গৰাকী শিক্ষাৰ্থীসহ আঘাতপ্ৰাপ্ত টেম্পোৰ চালক। বিদ্যালয়ৰ ছুটিৰ পাছত  টেম্পোত শিক্ষাৰ্থীসকল গৈ থকাৰ সময়তে নলবাৰী দিশৰ পৰা অহা AS01 DZ 1817 নম্বৰৰ তীব্ৰ বেগী চেনট্ৰো বাহনখনে খুন্দা মাৰে। ফলত শিক্ষাৰ্থী ৮ গৰাকীৰ লগতে চালকগৰাকীও আহত হয়।

দুৰ্ঘটনাত আহত শিক্ষাৰ্থীসকল হাজোৰ মডাৰ্ণ স্কুলৰ শিক্ষাৰ্থী। বিদ্যালয়ৰ ছুটিৰ পাছত এখন টেম্পোত শিক্ষাৰ্থীসকল গৈ থকাৰ সময়তে নলবাৰী দিশৰ পৰা অহা AS01 DZ 1817 নম্বৰৰ তীব্ৰ বেগী চেন্ট্ৰ বাহনখনে খুন্দা মাৰে। ফলত ৮ গৰাকী শিক্ষাৰ্থীৰ লগতে চালকগৰাকীও আহত হয়। আহতসকলক হাজো এফ আৰ ইউত ভৰ্তি কৰোৱা হৈছে। এফ আৰ ইউখনত শিক্ষাৰ্থীসকলৰ অভিভাৱক সকলো উপস্থিত হোৱাত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়।

চেনট্ৰোখনৰ খুন্দাত সম্পূৰ্ণ চূর্ণ-বিচূর্ণ হৈ পৰে টেম্পোখনৰ সন্মুখভাগ। যাৰ বাবে টেম্পোখনৰ ভিতৰত আবদ্ধ হৈ পৰে  ছাত্ৰ-ছাত্ৰী। উপস্থিত ৰাইজে তৎপৰতাৰে উদ্ধাৰ কৰে শিক্ষাৰ্থীসকলক। আহত আঠগৰাকী শিক্ষাৰ্থীৰ ভিতৰত চাৰি গৰাকীৰ আঘাত গুৰুতৰ হোৱাত তেওঁলোকক জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে অতি তৎপৰতাৰে টেম্পোখনৰ পৰা শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰে। ইফালে ঘটনা সংঘটিত কৰিয়েই চেণ্ট্ৰ বাহনখনৰ চালকগৰাকীয়ে পলায়ন কৰিছে। আৰক্ষীয়ে বাহনখন জব্দ কৰিছে। ঘটনাৰ পাছতে হুৱাদুৱা লাগে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মাজত। সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

নিশা কৰিমগঞ্জৰ পাথাৰকান্দিৰ বাইপাছত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷ ৰাজপথত ৰখাই থোৱা ট্ৰাকত খুন্দা বাইক চালকৰ৷ থিতাতে নিহত অসম আৰক্ষীৰ দুজন জোৱান৷ আৰক্ষী জোৱান দুজন ৰাজীৱ বৰ্মন আৰু বুধন বৰ্মন৷ ট্ৰাকখনত জ্বলাই থোৱা নাছিল কোনো পাৰ্কিং লাইট৷ মৃত্যু হোৱা ৰাজীৱ বৰ্মন আছিল কৰিমগঞ্জৰ খিলৰবন্দ এলেকাৰ বাসিন্দা। বুধন বৰ্মনৰ ঘৰ হৈছে দুৰ্লভচেৰা অঞ্চলত।

 

Latest News