Assam Accident: বজালীত ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত ৫ জন, আহত দুজন
পুৱতি নিশা বজালীৰ ভৱানীপুৰত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাটো। ট্ৰাক আৰু মাৰুটি ভানৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ৫গৰাকীকৈ লোক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ২গৰাকী লোক।
ৰাসৰ আনন্দৰ মাজতে ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক শোকাৱহ পথ দুৰ্ঘটনা। পুৱতি নিশা বজালীৰ ভৱানীপুৰত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাটো। ট্ৰাক আৰু মাৰুটি ভানৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ৫গৰাকীকৈ লোক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ২গৰাকী লোক।
আহত ২গৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ঘটনা অনুসৰি মাজনিশা নলবাৰীত ৰাস চাই ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। ট্ৰাক আৰু মাৰুটি ভানৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে ৫জন লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হয় ২ গৰাকী। নিহত লোক কেইগৰাকী ক্ৰমে আচিচ হাবিব খান, মিজানুৰ ৰহমান, মনিৰুল হক,নাজিবুদ্দিন খান, ৰয়েল খান। আহত কাজি চাকলিন আহমেদ আৰু চাব্বিৰ আলমিন খান।
আহত কাজি চাকলিন আহমেদ আৰু চাব্বিৰ আলমিন খান এতিয়াও বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। জানিব পৰা মতে নলবাৰীৰ পৰা বৰপেটা অভিমুখী আছিল দুৰ্ঘটনাত পতিত মাৰুটি ভানখন। নলবাৰীৰ পৰা ৰাস চাই ঘৰলৈ উভতি গৈ আছিল আটাইকেইজন। দুৰ্ঘটনাটোত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে মাৰুটি ভানখন।
ধুবুৰীৰ গোলকগঞ্জটো ভয়ংকৰ পথ দুৰ্ঘটনা৷ থিতাতে নিহত ৩ জন লোক। দুৰ্ঘটনাটো আহত এজন৷ ৰৈ থকা ট্ৰাকত খুন্দা মাৰে চাৰিচকীয়া বাহনে।যাৰ ফলত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাটো।মাজনিশা ধুবুৰীৰ আগমনীৰ গড়েৰহাটত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।
ইফালে মহানগৰীতো সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। শ্ৰদ্ধাঞ্জলি উৰণ সেতুৰ ওপৰত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত প্ৰচণ্ড সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি বাইক আৰোহীজনক।