5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত অসম আৰক্ষীৰ দুই জোৱান

মাণিকপাৰা এলেকাত ৰৈ থকা ট্ৰাকখনৰ পাছফালে প্ৰচণ্ড খুন্দা মাৰে বাইকখনে। যাৰ ফলত ঘটনাস্থলীয়ে নিহত হয় আৰক্ষীৰ দুই জোৱান। মৃত্যু হোৱা ৰাজীৱ বৰ্মন আছিল কৰিমগঞ্জৰ খিলৰবন্দ এলেকাৰ বাসিন্দা। বুধন বৰ্মনৰ ঘৰ হৈছে দুৰ্লভচেৰা অঞ্চলত। এই ঘটনাই জোকাৰি গৈছে ৰাজ্য।

ভয়ংকৰ পথ দুৰ্ঘটনা! থিতাতে নিহত অসম আৰক্ষীৰ দুই জোৱান
কৰিমগঞ্জৰ পাথাৰকান্দিত ভয়ংকৰ পথ দুৰ্ঘটনা!
trishna-kalita
Trishna Kalita | Updated On: 18 Oct 2024 13:08 PM

কাতি বিহুৰ দিনাই ৰাজ্যত শোকাৱহ ঘটনা! কৰিমগঞ্জৰ পাথাৰকান্দিৰ বাইপাছত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷ ৰাজপথত ৰখাই থোৱা ট্ৰাকত খুন্দা বাইক চালকৰ৷ থিতাতে নিহত অসম আৰক্ষীৰ দুজন জোৱান৷ আৰক্ষী জোৱান দুজন ৰাজীৱ বৰ্মন আৰু বুধন বৰ্মন৷ ট্ৰাকখনত জ্বলাই থোৱা নাছিল কোনো পাৰ্কিং লাইট৷

15 APBNৰ জোৱান আছিল দুয়োজন। ৰৈ থকা বালি কঢ়িওৱা ট্ৰাকত বাইকেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত অসম আৰক্ষীৰ দুজন জোৱান। AS 10 6464 নম্বৰৰ বালি কঢ়িওৱা ট্ৰাকখন বাইপাছ পথৰ মাণিকপাৰা এলেকাত অবৈধভাৱে পাৰ্কিং কৰা অৱস্থাত আছিল। ট্ৰাকখনত জ্বলাই থোৱা নাছিল কোনো পাৰ্কিং লাইট। AS 01E 4042 নম্বৰৰ ৰয়েল এনফিল্ড বাহনত আহিছিল দুয়োগৰাকী আৰক্ষীৰ জোৱান।

মাণিকপাৰা এলেকাত ৰৈ থকা ট্ৰাকখনৰ পাছফালে প্ৰচণ্ড খুন্দা মাৰে তেওঁলোকৰ বাইকখনে। যাৰ ফলত ঘটনাস্থলীয়ে নিহত হয় আৰক্ষীৰ দুই জোৱান। মৃত্যু হোৱা ৰাজীৱ বৰ্মন আছিল কৰিমগঞ্জৰ খিলৰবন্দ এলেকাৰ বাসিন্দা। বুধন বৰ্মনৰ ঘৰ হৈছে দুৰ্লভচেৰা অঞ্চলত। এই ঘটনাই জোকাৰি গৈছে ৰাজ্য।

ডিমা হাছাও জিলাতো কাতি বিহুৰ দিনাটোত সংঘটিত হৈছিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা৷ ইঞ্জিনসহ লাইনচ্যুত হৈছিল লোকমান্য তিলক এক্সপ্ৰেছ৷ বিয়লি প্ৰায় ৪ বজাত এই ৰে’ল দুৰ্ঘটনা৷ সংঘটিত হৈছিল।আগৰতলাৰ পৰা মুম্বাই অভিমুখী আছিল ৰে’লখন৷ লাইনচ্যুত হ’ল লোকমান্য তিলক এক্সপ্ৰেছৰ ৮টাকৈ দবা৷ দুৰ্ঘটনাৰ পিছতে পথচোৱাৰে স্তব্ধ হৈ পৰিছে ৰে’লসেৱা।

মঙলদৈত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত বাইক চালক। দুৰ্ঘটনাত থিতাতে নিহত বাইক চালকজন মিনহাজ দেৱান।অৰুণাচললৈ ফুৰিবলৈ যোৱাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা। নিশা কামপুৰৰ বগলাজানত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা তীব্রবেগী বাইকৰ। দুৰ্ঘটনাত নিহত উত্তৰ বগলাজান গাঁৱৰ বিকাশ হীৰা নামৰ যুৱকজন। কাজিৰঙাত তীব্ৰবেগী বাহনে মহটিয়ালে এজন লোকক । আহত লোকজন কঁহৰাৰ মনোজ আলী বুলি জানিব পৰা গৈছে। ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হয় বন্দী চিচিটিভি কেমেৰাত ।

Latest News