বঙাইগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত পিতৃ-কন্যা!

ঘটনা অনুসৰি কন্যাক বিদ্যালয়ত বাইকেৰে থ'বলৈ গৈছিল পিতৃ। সেই সময়তে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিখনকৈ বাহনৰ মাজত ট্রেভেলাৰ, বাছ-বাইকৰ মাজত ভয়াৱহ সংঘর্ষ হয়।দুর্ঘটনাত থিতাতে মৃত্যু বাইক আৰোহী পিতৃ-কন্যাৰ। নিহত নাছিৰ আহমেদ পেছাত এগৰাকী শিক্ষক। নিহত কন্যাগৰাকী শাহনাজ আহমেদ।

বঙাইগাঁৱত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত পিতৃ-কন্যা!

বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

Updated On: 

22 Nov 2024 12:01 PM

বঙাইগাঁৱত পুৱাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা।  শোকাৱহ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় পিতৃ-কন্যাৰ। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেভেলাৰ, বাছ-বাইকৰ মাজত ভয়াৱহ সংঘৰ্ষৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । বাছ চালকৰ দৌৰাত্ম্যৰ ফলত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ। বঙাইগাঁৱৰ তালগুৰিৰ নিত্যবজাৰত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পিতৃ নাছিৰ আহমেদ আৰু কন্যা শ্বাহনাজ আহমেদে।

ঘটনা অনুসৰি কন্যাক বিদ্যালয়ত বাইকেৰে থ’বলৈ গৈছিল পিতৃ। সেই সময়তে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত তিনিখনকৈ বাহনৰ মাজত ট্রেভেলাৰ, বাছ-বাইকৰ মাজত ভয়াৱহ সংঘর্ষ হয়।দুর্ঘটনাত থিতাতে মৃত্যু বাইক আৰোহী পিতৃ-কন্যাৰ। নিহত নাছিৰ আহমেদ পেছাত এগৰাকী শিক্ষক। নিহত কন্যাগৰাকী শাহনাজ আহমেদ।

কন্যাক বহলপুৰৰ SFS বিদ্যালয়লৈ থ’বলৈ যোৱা লগতে নিজেও কর্মখলীলৈ বুলি ওলাই অহিছিল পিতৃ। চাপৰৰ পৰা গুৱাহাটী অভিমুখে অহা আল্ট্রা বাছৰ লগত হয়  সংঘর্ষ। বাছৰ দৌৰাত্ম্যৰ বাবে এই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোৰ পাছতে  পথ অৱৰোধ কৰে ক্ষুব্ধ ৰাইজে। ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি  ক্ষোভিত ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।  উত্তেজিত ৰাইজে জ্বলাই দিয়ে আল্ট্রা বাছখন।

কিছুদিন পূৰ্বে বাছৰ দৌৰাত্ম্যৰ বাবে গোৱালপাৰাৰ ৰংজুলিৰ দোসীমাত সংঘটিত হৈছিল এই শোকাৱহ পথ দুৰ্ঘটনা। মৃত্যুদূতৰূপী ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ প্ৰাণ গ’ল তিনিগৰাকীৰ৷ মাতৃ-পুত্ৰসহ তিনিগৰাকী থিতাতে নিহত হৈছিল ভয়ংকৰ দুৰ্ঘটনাত। ফ’ৰ্ড ফিগো বাহন আৰু আলট্ৰা বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছিল এই দুৰ্ঘটনা৷ দুগৰাকী মহিলা আৰু এটি কিশোৰ থিতাতে নিহত হয়৷

দীপাৱলীৰ সময়তো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল এনে এক এই শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা। ৰৈ থকা ট্ৰাকক খুন্দা মৰাৰ ফলত থিতাতে প্ৰাণ হেৰুৱাইছিল দুই পিতৃ- কন্যাই। জানিব পৰা মতে দুয়ো গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ঘৰ অভিমুখে গৈ আছিল। তেনে সময়তে কাল হৈ তেওঁলোকৰ সন্মুখত আহি পৰিল এখন ট্ৰাক। ৰৈ থকা ট্ৰাক খুন্দা মৰাৰ ফল থিতাতে মৃত্যু হয় পিতৃ মথুৰা নাথ আৰু কন্যা নন্দিতা ডেকাৰ।

 

 

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস