5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

পৰীক্ষা দিয়া নহ’ল, চাকৰিৰ আশা বুকুত লৈ ADRE পৰীক্ষালৈ যাওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল মিলনৰ

আজি অনুষ্ঠিত হোৱা ADREৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে যাত্ৰা কৰাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এজন যুৱকে। নিজ বাইকেৰে পৰীক্ষা কেন্দ্ৰলৈ গৈ থকাৰ সময়তে এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে যুৱকজন। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ডিব্রুগড়ত।

পৰীক্ষা দিয়া নহ’ল, চাকৰিৰ আশা বুকুত লৈ ADRE পৰীক্ষালৈ যাওঁতেই দুৰ্ঘটনাত প্ৰাণ গ’ল মিলনৰ
ADRE পৰীক্ষা দিবলৈ যাওঁতেই দুৰ্ঘটনাত মৃত্যু যুৱকৰ
monjit-dutta
Monjit Dutta | Published: 27 Oct 2024 16:39 PM

অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, চমুকৈ ADREৰ দ্বিতীয়টো পৰ্যায় আজি অন্ত পৰিল। আজি ৰাজ্যৰ ২৮ খন জিলাত ADREৰ অধীনত চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়। দুটা শ্বিফ্টত অনুষ্ঠিত হোৱা আজিৰ এই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে মুঠ ১৩,৭৯,১৩২ গৰাকী পৰীক্ষাৰ্থীয়ে আবেদন জনাইছিল। ইতমধ্যে যোৱা ১৫ আৰু ২৯ ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত আজি চতুৰ্থ বৰ্গৰ পৰীক্ষাও সুকলমে হৈ যোৱাৰ লগে লগে সামৰণি পৰে ADRE 2.0।

এই পৰীক্ষাৰ বাবে আজি সমগ্ৰ ৰাজ্যতে পুৱা ৮.৩০ বজাৰ পৰা ৮ বজালৈ কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা। পৰীক্ষাৰ সময়ত সংঘটিত হ’ব পৰা যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি ৰোধৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পূৰ্বে অনুষ্ঠিত হৈ যোৱা তৃতীয় বৰ্গৰ পৰীক্ষাৰ দিনটোৰ দৰেই আজিও ৰাজ্যত ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰাখে। পৰীক্ষা সূচাৰুৰূপে অনুষ্ঠিত হ’লেও আজি সংঘটিত হোৱা এক শোকাৱহ ঘটনাই সকলোকে শোকাহত কৰি তুলিছে।

এটা চাকৰিৰ আশাত নিযুক্তি পৰীক্ষাৰ বাবে কৰি অহা দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তত আজি নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছে চাকৰি প্ৰত্যাশী প্ৰতিগৰাকী প্ৰাৰ্থী। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম হৈ ৰ’ল এজন দুৰ্ভগীয়া যুৱক। পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্যে যাত্ৰা কৰাৰ সময়তে এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এজন যুৱকে। নিজ বাইকেৰে পৰীক্ষা কেন্দ্ৰলৈ গৈ থকাৰ সময়তে এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে যুৱকজন।

এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ডিব্রুগড়ত। নিহত যুৱকজনক মিলন গগৈ  বুলি চিনাক্ত কৰা হৈছে। চাকৰিৰ আশা বুকুত বান্ধি পৰীক্ষালৈ বুলি ওলাই যোৱা টিংখাঙৰ বাসিন্দা মিলন ভয়াৱহ দুৰ্ঘটনাত পতিত হোৱাৰ পিছত আৰু জীৱিত অৱস্থাত ঘৰলৈ উভতি নাহিল। দুৰ্ঘটনাৰ ফলত চাকৰিৰ আশা মনতে কঢ়িয়াই চিৰদিনৰ বাবে চকু মুদে যুৱকজনে। ডিব্ৰুগড়ৰ ঠাকুৰথানৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা

দুৰ্ঘটনাৰ পিছতে যুৱকজনক লগে লগে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। এই হৃদয় বিদাৰক ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। লক্ষণীয়ভাৱে যোৱা ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ADREৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ সময়তো এনে এক অনুৰূপ দুৰ্ঘটনা সংঘটিত হৈছিল ডিব্ৰুগড়ত। পৰীক্ষা দিবলৈ যোৱাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল চাচনীৰ এগৰাকী যুৱতীয়ে।

ইফালে আজি চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃ্হৎ ঘোষণা কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল যোগে অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ADRE 2.0ৰ ফলাফল ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে। ফলাফল ঘোষণাৰ পিছতে ১০ মে’ত ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি দিয়া হ’ব বুলিও তেওঁ লগতে ঘোষণা কৰে।

Latest News