5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

গাড়ী চলাওতে সাৱধান! পথ সুৰক্ষাক লৈ কঠোৰ হৈছে চৰকাৰ, বহু সিদ্ধান্ত গ্ৰহণ…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতি আজি ডিব্ৰুগড়ত পথ সুৰক্ষা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শৰ্মাই কয় যে, পূৰ্বতকৈ অসমত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। কিন্তু আহি থকা নতুন বছৰ আৰু মাঘ বিহুৰ সময়ত পথ সুৰক্ষাক লৈ অধিক সজাগ হোৱা প্ৰয়োজন।

গাড়ী চলাওতে সাৱধান! পথ সুৰক্ষাক লৈ কঠোৰ হৈছে চৰকাৰ, বহু সিদ্ধান্ত গ্ৰহণ…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: Facebook (himanta biswa sarma)
barasha-sarma
Barasha Sarma | Published: 24 Dec 2024 14:54 PM

পথ সুৰক্ষাক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মঙলবাৰে ডিব্ৰুগড়ত পথ সুৰক্ষা সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, বিভিন্ন বিভাগৰ বিষয়া উপস্থিত থাকে। শৰ্মাই কয় যে, পূৰ্বতকৈ অসমত হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ সংখ্যা। পথ দুৰ্ঘটনাত মৃত্যু হ্ৰাস হোৱা অসম হৈছে একমাত্ৰ ৰাজ্য। সামগ্ৰিকভাৱে দুৰ্ঘটনা আৰু মৃত্যুৰ হাৰ ১৫ শতাংশ হ্ৰাস পাইছে। বিগত পর্যালোচনা সভাৰ নিৰ্দেশনা বলবৎ কৰাৰ পাছত বহুকেইখন জিলাত দুর্ঘটনা হ্রাস পাইছে বুলি কয় শৰ্মাই।

আজিৰ এই সভাত তলত দিয়া বিষয়সমূহৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰে-

ভৱিষ্যৎ কার্যপন্থা

  • ন’ ড্রিংক এণ্ড ড্রাইভৰ নিয়ম কঠোৰভাৱে প্ৰৱৰ্তন। নিশা ১০ বজাৰ পাছত সুৰাপান কৰি গাড়ী চলোৱা চিনাক্ত কৰিবলৈ কঠোৰ পৰীক্ষা চকীৰ বলবৎ কৰা হ’ব। গুৱাহাটীত এই ব্যবস্থা বিশেষভাৱে ৰূপায়ণ কৰা হ’ব
  • মাঘ বিহুলৈকে এক বলিষ্ঠ পথ সুৰক্ষা অভিযান আৰু নিৰীক্ষণ বলবৎ কৰা হ’ব
  • আৰকাৰী বিভাগে বাৰ বন্ধ কৰাৰ সময় সম্পর্কীয় নীতি সম্পর্কে অন্বেষণ কৰি ঋতু অনুসৰি ইয়াক বলবৎ কৰাৰ ব্যৱস্থা কৰিব
  • বনভোজস্থলীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ সকলো অংশীদাৰকে সামৰি এক এছ অপি প্রকাশ কৰা হ’ব
  •  দুর্ঘটনা নিয়ন্ত্রণ কৰাৰ বাবে গুৱাহাটী বাইপাছৰ ষ্ট্ৰীটলাইট, ফুট অভাৰব্ৰীজ, ৰ্ফ্লেক্সন পেটচ আদি স্থাপনৰ কাম ত্বৰান্বিত  কৰা হ’ব।
  • লোক নির্মাণ বিভাগৰ পথ নিৰ্মাণৰ কাৰ্যপ্ৰণালীত স্পীড ব্ৰেকাৰ নিৰ্মাণ, গ্রেছ বেৰিয়াৰ, ছাইনেজ, ফ্ল’ৰ’চেন্ট লাইটৰ অন্তভূক্তিকৰণৰ ব্যবস্থা
  • বাণিজ্যিক ট্রাক আৰু বাহনৰ পিছফালে ৰিফ্লেক্টিভ পেটচ্ লগোৱাটো কার্যকৰী কৰিবলৈ সীমান্ত জিলাৰ আৰক্ষী অধীক্ষকসকললৈ বিশেষ নির্দেশনা প্রদান
  •  আৰক্ষী আৰু জিলা প্রশাসনে সাধাৰণ ৰাইজৰ মাজত সজাগতা আনিবলৈ সামাজিক মাধ্যমত ব্যাপক পথ সুৰক্ষা অভিমান চলাব
  •  বাণিজ্যিক বাহনৰ চালকসকলৰ দৃষ্টি পৰীক্ষা কৰিব লাগিব আৰু চিকিৎসাৰ সুবিধাৰ লগতে সংশোধনমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব
  • সকলো মুখ্য চহৰত ষ্ট্ৰীটলাইট স্থাপন মিছন মোডত সম্পন্ন কৰিব লাগিব
  • যিকোনো ৰাজহুৱা অনুষ্ঠান আৰম্ভ হোৱাৰ পূর্বে পথ সুৰক্ষা ভিডিঅ’/নাটক প্রদর্শন কৰিব লাগিব
  • চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহ দুর্ঘটনাত পতিত লোকসকলক যথা সম্ভৱ যত্ন প্রদান কৰিবলৈ সাজু থাকিব
  •  অপ্রীতিকৰ পৰিস্থিতিত চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চিকিৎসা মহাবিদ্যালয়/চিকিৎসালয়ত সুৰক্ষা বৃদ্ধি কৰা হ’ব
  • নাগৰিকসকলে আৰক্ষীৰ সৈতে সহযোগিতা কৰিব লাগিব আৰু পথ সুৰক্ষা নিয়মসমূহ পালন কৰিব লাগিব।

 

ইয়াৰোপৰি আজিৰ সভাত শৰ্মাই ষ্ট্ৰীটলাইট সন্দৰ্ভতো সৰৱ হৈ পৰে। শৰ্মাই কয় যে, দোকান-পোহাৰৰ লাইটৰ চলিছে ৰাজ্যৰ ১০ খন চহৰ। এই অন্ধকাৰ চহৰৰ তালিকাত নাম আছে- শিলচৰ, ডিব্ৰুগড়, নগাঁও, বঙাইগাঁও, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, তিনিচুকীয়া, গোলাঘাট, যোৰহাট, তেজপুৰ, শিৱসাগৰ আৰু উত্তৰ লখিমপুৰ। এই ঠাইসমূহত নাই ষ্ট্ৰীট লাইটৰ ব্যৱস্থা। উল্লেখ কৰা প্ৰয়োজন যে, ২০২২-২৩ চনৰ বাজেটত ষ্ট্ৰীট লাইটৰ বাবদ বহু কোটি টকা ধাৰ্য কৰিছিল। কিন্তু আজিলৈ এই ষ্ট্ৰীট লাইটৰ কাম সম্পূৰ্ণ হৈ নুঠিল।

 

অন্য খবৰ পঢ়কঃ শিক্ষাৰ্থীৰ পৰা গাঁও প্ৰধানৰ দৰমহালৈ, ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…

Latest News