দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে মহানগৰ প্ৰশাসনৰ নতুন পথ নিৰ্দেশনা! কোন কেইটা পথত বাহন চলাচলৰ ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা?

প্ৰতিমা বিসৰ্জনৰ বাবে সাজু হৈছে পূজা কমিটীসমূহ। সাজু হৈছে প্ৰশাসনো। বিজয়া দশমীত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। দেৱী বিসৰ্জনৰ বাবে ১২ আৰু ১৩ অক্টোবৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে। ১২ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা বলৱৎ হৈছে এই নিৰ্দেশনা।

দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে মহানগৰ প্ৰশাসনৰ নতুন পথ নিৰ্দেশনা! কোন কেইটা পথত বাহন চলাচলৰ ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা?

বিজয়া দশমীত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা

Updated On: 

12 Oct 2024 13:30 PM

আজি বিজয়া দশমী। ধৰাৰ পৰা বিদায় লব মা-দুৰ্গাই । দেৱী দুৰ্গাৰ আশিস ল’বলৈ মণ্ডপত ভিৰ ভক্তৰ। প্ৰতিমা বিসৰ্জনৰ বাবে সাজু হৈছে পূজা কমিটীসমূহ। সাজু হৈছে প্ৰশাসনো। বিজয়া দশমীত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। দেৱী বিসৰ্জনৰ বাবে ১২ আৰু ১৩ অক্টোবৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে। ১২ অক্টোবৰৰ পুৱা ১০ বজাৰ পৰা বলৱৎ হৈছে এই নিৰ্দেশনা।

মহানগৰীৰ কোন কেইটা পথেৰে চলাব পাৰিব বাহন? কোন কেইটা পথত থাকিব NO ENTRY? জানক…

১. চানমাৰি দিশৰ পৰা জালুকবাৰীলৈ যোৱা বাহন এম চি ৰোড, জি এম বি ৰোড, কে এল বি ৰোড আৰু এম জি ৰোডেৰে প্ৰৱেশ কৰিব নোৱাৰিব। বাহনসমূহত গুৱাহাটী ক্লাৱৰ টি চি পইণ্টেৰে ঘূৰাই বি বৰুৱা ৰোড হৈ উলুবাৰী দিশে যাব লাগিব।
২. জালুকবাৰী আৰু ভৰলুমুখ দিশৰ পৰা অহা সকলো বাহন মাছখোৱা পুলিচ পইণ্টৰ এলিভেটেড কৰিড’ৰত ঘূৰাই এফ এ ৰোড আৰু এ টি ৰোডেৰে ঘূৰাই আনিব লাগিব।
৩. উজানবজাৰ, খাৰঘূলি আৰু নুনমাটিৰ পৰা অহা সকলো যান-বাহন প্লেনেটেৰিয়াম পইণ্টত ঘূৰাই লেম্ব ৰোড, জি এন বি ৰোড, টি চি পইণ্টৰে যাব পাৰিব।

লাচিত ঘাটলৈ দেৱী বিসৰ্জনৰ বাবে যাবলগীয়া বাহনৰ ক্ষেত্ৰত নিৰ্দেশনা:

১. চানমাৰিৰ দিশৰ পৰা অহা মূৰ্তি কঢ়িওৱা বাহনসমূহ গুৱাহাটী ক্লাবত ঘূৰাই বাৰোৱাৰী এম চি ৰোড, এফ চি ৰোড আৰু এম জি ৰোড হৈ লাচিত ঘাটলৈ যাব পাৰিব।
২. টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, ৰিহাবাৰী, বিৰুবাৰী, ছাত্ৰীবাৰী, বিষ্ণুপুৰ, আঠগাঁও আৰু ফটাশিল অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ আৰ্য নগৰ এ কে আজাদ ৰোড, নেপালী মন্দিৰ, গধূলি বজাৰ, বিশাল পইণ্ট, পাণবজাৰ, জি এন বি ৰোড, কে এল বি ৰোড আৰু এম জি পথ হৈ লাচিত ঘাটলৈ যাব লাগিব।
৩. কুমাৰপাৰা আৰু লালগনেশ অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ বিষ্ণুপুৰ পথ, চাবিপুল, এ কে আজাদ ৰোড, নেপালী মন্দিৰ, পাণবজাৰ ROB- GNB ৰোড, KLB ৰোড হৈ লাচিত ঘাটলৈ যাব লাগিব।
৪. উলুবাৰী আৰু দক্ষিণ শৰণীয়া অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ জি এছ ৰোড, অপ্সৰা জনতা পইণ্ট হৈ সন্দিকৈ কলেজৰ সন্মুখেৰে লাচিত ঘাটলৈ যাব লাগিব।
৫. ৰাজগড়, ভঙাগড় আৰু খ্ৰীষ্টানবস্তি অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহ জি এছ ৰোড, ভঙাগড়, ৰাজগড় ৰোড. কমাৰ্চ কলেজ পইণ্ট, চানমাৰি, গুৱাহাটী ক্লাব, এম চি ৰোড হৈ লাচিত ঘাটলৈ যাব পাৰিব।

চুলি হৈ পৰিব দীঘল, ক'লা, ঘন আৰু মজবুত! মাত্ৰ ব্যৱহাৰ কৰক এই সামগ্ৰী
নতুন বছৰত গ্ৰাহকলৈ সুখৰ বতৰা আনিছে Jioই, নানা সুবিধাৰে আগবঢ়াইছে বেষ্ট প্লেন
কমেডি ষ্টাৰ গোবিন্দাৰ সেইসমূহ ছবি, যিবোৰৰ নিৰ্মাণ এতিয়ালৈ সম্পূৰ্ণ নহ'ল...
নৱবৰ্ষত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'বনৰজা'।