শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গামোচাৰ পৰা শিল্পীৰ মাননিলৈ, অসমৰ অৰ্থনীতিত ৰঙালী বিহুৰ প্ৰভাৱ

মাঘতেই লখিমীয়ে ভঁৰাল ভৰাৰ পাছত টনকিয়াল হয় অসমীয়াৰ অৱস্থা । বিহুৱে আৰ্থিক দিশতো প্ৰভাৱ পেলোৱা দেখা যায় । শিপিনীয়ে তাঁতশালত বোৱা গামোচাখনৰ পৰা আৰম্ভ কৰি বৰ্তমান মঞ্চত গীত পৰিৱেশন কৰা শিল্পীগৰাকীলৈ, বিহুৰ আৰ্থিক লাভা-লাভৰো এটা দিশ আছে । সেয়াও আমি আলোচনা কৰা উচিত ।

গামোচাৰ পৰা শিল্পীৰ মাননিলৈ, অসমৰ অৰ্থনীতিত ৰঙালী বিহুৰ প্ৰভাৱ
ৰঙালী বিহুImage Credit source: Getty images
raj-saikia
Raj Saikia | Published: 17 Apr 2025 15:15 PM

ৰাজ্যজুৰি অসমীয়া জাতিয়ে উদযাপন কৰিছে বাপতি সাহোন ৰঙালী বিহু । ঢোল-পেঁপাৰ মাতে ৰজনজনোৱা এই সময়তে জাতিয়ে আদৰিছে অসমীয়া নতুন বছৰক । বাপতি সাহোন বিহুটি কেৱল জানো উদযাপনৰে অনুষ্ঠান! ই জাতিৰ আয়ুস, জাতিৰ পৰিচয় । সুধাকণ্ঠই তাহানিতে গাইছিল “ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুসৰেখা, গণ জীৱনৰ ই সাহ…।” সঁচাকৈয়ে জাতিয়ে কঁকালত টঙালি বান্ধি ন-সাহেৰে নতুন সময়ৰ দিশে আগুৱাই ব’হাগত ।

মাঘতেই লখিমীয়ে ভঁৰাল ভৰাৰ পাছত টনকিয়াল হয় অসমীয়াৰ অৱস্থা । বিহুৱে আৰ্থিক দিশতো প্ৰভাৱ পেলোৱা দেখা যায় । শিপিনীয়ে তাঁতশালত বোৱা গামোচাখনৰ পৰা আৰম্ভ কৰি বৰ্তমান মঞ্চত গীত পৰিৱেশন কৰা শিল্পীগৰাকীলৈ, বিহুৰ আৰ্থিক লাভা-লাভৰো এটা দিশ আছে । সেয়াও আমি আলোচনা কৰা উচিত ।

বিহুৰ সৈতে আৰ্থিক দিশটো এতিয়া নহয়, তাহানিৰ পৰাই জড়িত হৈ আহিছে । ফাগুন-চ’তত মাহ-সৰিয়হ আদি তুলি মৰণা মাৰি অঁতাই কৃষকে । সেই মাহ-সৰিয়হ গোটাচেৰেক বিহুৰ সময়ত বিক্ৰী কৰি পা-পইচা দুটকামান ঘটিব পাৰে । তাৰোপৰি শিপিনীসকলে তাঁতশালত গামোচা, চেলেং, ৰুমাল, চাদৰ, মেখেলা আদি বিধে বিধে কাপোৰ বৈ নিজলৈও সাঁচে আৰু বিক্ৰীও কৰে । এনেকৈয়ে মহিলাসকলৰ হাতলৈও দুই-এপইচা আহে । বিহুৰ বজাৰখনৰ বিষয়ে দুআষাৰ পাতোঁ আহক ।

বিহুটো বুলিলে বহু বস্তুৰেই প্ৰয়োজন হয় । সেইবোৰ বস্তু বহুতেই নিজাকৈ যোগাৰ কৰে বা বজাৰৰ পৰা কিনি আনে । এই সমূহ বস্তু বজাৰত উলিয়াই দি বিক্ৰেতাসকলেও দুপইচা ঘটাৰ সুযোগ পায় । এই ধৰক গোহালিৰ গৰু কেইটাৰ বাবে পঘা । বহুতেই ঘৰতে পঘা বটে আৰু বহুতে বজাৰৰ পৰা কিনে । পঘা বটিব জনা বিভিন্নজনে বিহুৰ সময়ত বজাৰত পঘা বিক্ৰী কৰি বিহুৰ খৰচ উলিয়ায় । মাহ, হালধি, লাও, বেঙেনা, থেকেৰা, কেৰেলাৰ ক্ষেত্ৰতো তেনেকুৱা দেখা যায় । বজাৰত ভাগে ভাগে উপলব্ধ হয় এইবোৰ সামগ্ৰী । বিহু বুলি বিভিন্ন দামত এইবোৰ বিক্ৰী কৰে বিক্ৰেতাসকলে ।

লাৰু-পিঠায়ো এতিয়া বিহুৰ বজাৰ দখল কৰা দেখা গৈছে । আগেয়ে মানুহে ঘৰতেই পিঠা-লাৰু প্ৰস্তুত কৰিছিল যদিও এতিয়া ব্যস্ততাপূৰ্ণ জীৱনত বহুতেই বজাৰৰ পৰা পিঠা-লাৰু, জা-জলপান কিনে । বিহু বুলি চিৰা খুন্দা মিল সমূহেও ভাল এক ব্যৱসায় কৰে । কিয়নো সৰহ সংখ্যক লোকেই ঘৰতে ধান ৰ’দাই চিৰা খুন্দিবৰ বাবে মিললৈ নিয়ে । একাংশ মহিলাই বিহুৰ আগৰ পৰাই ভাগে ভাগে লাৰু-পিঠা আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰীৰ বাবে সাজু কৰে । যিয়ে তেওঁলোকক আৰ্থিকভাৱে কিছু সকাহ দিয়ে বিহুৰ বতৰত ।

গুৱালসকলে তেনেকৈ দৈ বিক্ৰী কৰি ধন ঘটাৰ এক সুযোগ পায় । আন আন খাদ্য বস্তুৰ বাবেও দোকানসমূহত গ্ৰাহকে ভিৰ কৰে । বহু মহিলাই বৰ্তমান সময়ত আত্মসহায়ক গোটৰ দ্বাৰাও লাৰু-পিঠা আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰে । তাৰ পৰা উপাৰ্জিত ধনে তেওঁলোকৰ লগতে পৰিয়ালকো আৰ্থিক সকাহ প্ৰদান কৰে ।

ব’হাগ বিহুত সকলোৱেই এসাজ নতুন কাপোৰ পিন্ধাৰ নিয়ম । এই ক্ষেত্ৰত বিহুত বস্ত্ৰ ব্যৱসায়ৰ ক্ষেত্ৰতো লাভালাভ দেখা যায় । গামোচা, চেলেং, ৰুমালৰ পৰা আৰম্ভ কৰি চাদৰ-মেখেলা, চোলা কাপোৰ আদিলৈকে বজাৰ উভৈনদী হৈ পৰে । অসমীয়া শিপিনীয়েও বিহুৰ বতৰত দুটকা অৰ্জনৰ সুবিধা লাভ কৰে । ব্যৱসায়িক ভিত্তিত চাদৰ-মেখেলা আদি প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰে বহু মহিলাই । গামোচাৰ চাহিদাও বিহুৰ সময়ত যথেষ্ট বৃদ্ধি পায় ।

অৱশ্যে মাজভাগতে পাৱাৰলুমৰ গামোচাই শিপিনীৰ ব্যৱসায়ত হেঙাৰ হৈছিল যদিও এতিয়াও বহুতেই অসমীয়া শিপিনীয়ে হাতে বোৱা গামোচাখন কিনাৰ আশা কৰে । একোখন গামোচা ৬০-৭০ টকাৰ পৰা হাজাৰ টকালৈকে বিক্ৰী হয় । চাদৰ-মেখেলাৰো দাম ইয়াৰ মান অনুযায়ী নিৰ্ধাৰণ হয় । বিহুত মুগাৰ সাজৰ চাহিদাও যথেষ্ট দেখা যায় ।

একেদৰে আমি জাপি, ঢোল, তাল, পেঁপা আদি নিৰ্মাণ কৰাসকলৰ ব্যৱসায়িক দিশটোৰ কথাও ক’ব পাৰোঁ । বিহুত ঢোল-পেঁপা নহ’লে জানো হয় । বিহুলৈ মাহচেৰেক থকাৰ পৰাই ঢোল নিৰ্মাণ কৰা শিল্পীসকলৰ দোকানত ব্যস্ততা দেখা যায় । কোনোৱে নতুন ঢোল কিনে আৰু আন কোনোৱে পুৰণি ঢোলটো নতুনকৈ চাবলৈ দিয়ে । ইয়াৰ দ্বাৰা এই শিল্পীসকলেও আৰ্থিক উপাৰ্জনৰ এক সুবিধা পায় । এইদৰেই বিহুৱে আৰ্থিক উপাৰ্জনৰ এখ বাট মুকলি কৰি দিয়ে বিভিন্নজনৰ ।

অৱশেষত আহোঁ শিল্পীসকলৰ প্ৰসংগলৈ । বিহুটি বুলিলে অসমৰ সংগীত জগতৰ সৈতে জড়িত শিল্পীসকলৰো ব্যস্ততা অনেক বৃদ্ধি পায় । গৰু বিহুৰ দিনটোৰ পৰাই প্ৰায় মাহজুৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হয় বিহু অনুষ্ঠান । এইসমূহ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হয় শিল্পীসকলক । গীত পৰিৱেশনৰ বাবে তেওঁলোকক নিৰ্ধাৰিত অনুসৰি মাননি প্ৰদান কৰা হয় । জুবিন গাৰ্গ, অংগৰাগ মহন্তৰ দৰে শিল্পীয়ে এখন মঞ্চত গীত পৰিৱেশনৰ বাবদ প্ৰায় ৮ ৰ পৰা ১২ লাখ টকা পৰ্যন্ত মাননি লয় ।

আন শিল্পী সকলেও একোখন মঞ্চৰ বাবদ লাখ টকাৰ মাননি লয় । এই মাননিৰ পৰাই তেওঁলোকৰ সৈতে বাদ্য সংগত কৰা লোকসকলকো পাৰিশ্ৰমিক প্ৰদান কৰে । স্থানীয় শিল্পীসকলেও বিহুৰ দিন কেইটাত গীত-নৃত্য পৰিৱেশনৰ দ্বাৰা আৰ্থিক উপাৰ্জনৰ এক সুবিধা পায় । অৱশ্যে অভিযোগ উঠা দেখা যায় যে বিহুৰ মঞ্চত লোকশিল্পীসকল উপেক্ষিত হয় আৰু উচিত মাননী নাপায় । সেই বিতৰ্কলৈ নাযাওঁ এতিয়া । কিন্তু বিহুৰ কেইদিনত শিল্পীসকলে বছৰটোৰ বাবে উপাৰ্জন কৰিব পাৰে । ইয়াৰ লগতে বিহু অনুষ্ঠানৰ পেণ্ডেল সজা, লাইট, চাউণ্ড যোগান ধৰা সকলেও ভাল উপাৰ্জন কৰা দেখা যায় । বিহুৱে এইদৰে বছৰে বছৰে আৰ্থিকভাৱেও সমৃদ্ধ কৰি আহিছে অসমৰ লোকসকলক ।