শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিহুৰ সময়ত কেৱল জুবিন গাৰ্গে গাব পাৰিব হিন্দী গীতঃ বিহু সমিতিৰ সিদ্ধান্ত

ৰঙালী বিহু মঞ্চত কেৱল জুবিন গাৰ্গে হিন্দী গীত পৰিৱেশন কৰিব পাৰিব। এখন বিহু সমিতিৰ সিদ্ধান্তই এতিয়া তীব্ৰ চৰ্চা লাভ কৰিছে। উল্লেখ্য যে, ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।

বিহুৰ সময়ত কেৱল জুবিন গাৰ্গে গাব পাৰিব হিন্দী গীতঃ বিহু সমিতিৰ সিদ্ধান্ত
জুবিন গাৰ্গImage Credit source: Facebook (Zubeen garg)
barasha-sarma
Barasha Sarma | Published: 06 Apr 2025 15:11 PM

বিহুৰ মঞ্চত হিন্দী গীত পৰিৱেশন কৰিব পাৰিব জুবিন গাৰ্গে- এই সিদ্ধান্ত এখন বিহু কমিটীৰ।  ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। এই সময়চোৱাত হেঁপাহৰ বিহুটিত আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। সমান্তৰালকৈ শিল্পীসকলো সাজু হৈছে আগন্তুক বিহু অনুষ্ঠানক লৈ। প্ৰতিবাৰৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি পাপন মহন্ত, শংখুৰাজলৈ বিভিন্নজনে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। এই সকলোবোৰৰ মাজতে বিহু কেন্দ্ৰিক এক বিতৰ্কই গা কৰি উঠিছে।

একাংশই দাবী জনাই আহিছে যে বিহু মঞ্চত হিন্দী গীত গাব নোৱৰিব শিল্পীয়ে।  কিন্তু বেলতলা ব’হাগী উৎসৱ সমিতিয়ে এক সিদ্ধান্ত গ্ৰহণ কৰি কয় যে, এই বছৰৰ বিহু অনুষ্ঠানত কেৱল জুবিন গাৰ্গেহে বিহু মঞ্চত হিন্দী গীত পৰিবেশন কৰিব পাৰিব। জুবিনৰ বাহিৰে আন সকলো শিল্পীয়ে অসমীয়াত গীত পৰিৱেশন কৰিব পাৰিব। বিহু কমিটীয়ে কয় যে, মুষ্টিমেয় গায়কে পাৰিব হিন্দী গীত গাব। বেলতলা বিহু সমিতিৰ এই আজৱ সিদ্ধান্তই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে।

প্ৰতিবছৰে বেলতলাত আয়োজন কৰা হয় ব’হাগী উৎসৱ। চলিত বৰ্ষত ১০, ১১, ১২ ব’হাগত তিনিদিনীয়াকৈ এই অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এইবাৰ বেলতলাত গীত পৰিৱেশন কৰিব কনিকা ভট্টাচাৰ্য, প্ৰিয়ংকা ভৰালী, জুবলী বৰুৱা, ৰূপালী কাশ্যপ, জুবিন গাৰ্গে। ইয়াৰোপৰি বিহুৰ পূৰ্বে জুবিন গাৰ্গলৈ এই বৰ্ষৰ সৰ্বোচ্চ সন্মান ড° ভূপেন হাজৰিকা বঁটা আগবঢ়োৱা সিদ্ধান্ত লোৱা হৈছে। লগতে বিভিন্ন মঞ্চত বিহুৰাণী, বৰ বিহুৱতী, বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰা শ্রেষ্ঠ বিহুৱটি সকলৰ মাজত অনুষ্ঠিত প্রতিযোগিতাত বিজয়ীক প্ৰদান কৰা হ’ব এই পাটমাদৈ বঁটা।

বেলতলাত হুঁচৰি প্ৰতিযোগিতাৰ বিজয়ী দলক এইবাৰ প্ৰদান কৰা হ’ব ট্ৰফীসহ নগদ ১ লাখ ১ টকাৰ মাননি। দ্বিতীয় পুৰস্কাৰ প্ৰাপ্ত হুঁচৰি দলক আগবঢ়োৱা হ’ব ৫১ হাজাৰ টকা। লগতে পাটমাদৈ বিজেতাক প্ৰদান কৰা হ’ব ট্ৰফীসহ ২ লাখ টকা।

উল্লেখ কৰা প্ৰয়োজন যে, ২০১৭ চনত জুবিন গাৰ্গ আৰু নুনমাটি বিহু কমিটিক লৈ বিতৰ্কৰ সূচনা হৈছিল। । নুনমাটি বিহু কমিটীয়ে কেৱল অসমীয়া গীত গাবলৈ জুবিনক কৈছিল।  কিন্তু এই কথা মানি নলৈ জুবিনে মাননি ঘূৰাই গীত পৰিৱেশন নকৰাকৈ অনুষ্ঠান সামৰণি মাৰিছিল।

এইবাৰো বিহুৰ পূৰ্বে এই বিতৰ্কই গা কৰি উঠিছে। কিছুদিন পূৰ্বে আলফা (স্বা)য়ে এক জাননী জাৰি কৰি কোনো শিল্পীক ৰঙালী বিহুৰ ৭ বিহুৰ সময়ত মঞ্চত হিন্দীত গীত পৰিৱেশন নকৰিবলৈ আহ্বান জনাইছিল।

 

অন্য খবৰ পঢ়কঃ আলফা(স্বা)ৰ সকীয়নিঃ বিহুৰ সময়ত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব কোনোৱে, অন্যথা…