শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Rongali bihu: ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ… বিহুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ…

Rongali Bihu: পদুলিত হেঁপাহৰ ৰঙালী বিহু। বিহু মানেই অসমীয়াৰ প্ৰাণ। সময়ে সময়ে বিহুৰ পৰম্পৰা সলনি হ'লেও অসমীয়াৰ আবেগ একেই আছে। কিয়নো বিহু থাকিলেহে অসমীয়া থাকিব।

Rongali bihu:  ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ… বিহুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ…
ৰঙালী বিহু
barasha-sarma
Barasha Sarma | Updated On: 13 Apr 2025 20:12 PM

পদুলিমুখত হেঁপাহৰ ৰঙালী বিহু। হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। বহু অসমীয়া জাতীয় জীৱনৰ আয়স ৰেখা। সেয়ে জাতি-বৰ্ণ, ধৰ্ম নিৰ্বিশেষে অতীতৰ পৰা অসমত সকলোৱে পালন কৰে বিহু।  যদি বিশ্বই অসমৰ কথা কয় তেতিয়া প্ৰথমে হয়তো কাজিৰঙাৰ গঁড় আৰু বিহুৰ কথাই আহিব। অসমৰ বাহিৰৰ মানুহে বিহু বুলিলে সাধাৰণতে ৰঙালী বিহুকহে বুজে। সংস্কৃতি অবিহনে আধৰুৱা এটা জাতি।সেয়ে  বিহু অসমীয়াৰ সাস্কৃতিক পৰিচয়।

সময়ৰ লগে লগে বিহু  সলনি হৈছে। অতীতৰ বিহু আৰু এতিয়াৰ বিহুৰ মাজত আকাশা-পাতাল পাৰ্থক্য। অৱশ্যে বিহুক লৈ মানুহৰ অনুভৱ বা সম্পৰ্ক একেবাৰেই কমি যোৱা বিহু ক’ব নোৱাৰি। যেনেকৈ সময় সলনি হৈছে তেনেকৈ বিহুৰ স্বৰূপ সলনি হৈছে। এটা সময়ত বিহু মানে আছিল পথাৰ, বিহু মানে আছিল গছৰ তলত।  সেই বিহু এতিয়া মঞ্চ গৈ পাইছেগৈ।

বিহু কেতিয়াৰ পৰা আৰম্ভ হৈছিল কোনে আৰম্ভ কৰিছিল তাৰ কোনো বিতং তথ্য নাই। অৱশ্যে কোৱা হয়, মংগোলীয়সকলে বিহুৰ আৰম্ভণি কৰিছিল।  বিহুক লৈ ইতিমধ্যে বহু গৱেষণা হৈছে। এই গৱেষণাতে এনে তথ্য প্ৰকাশ পাইছে।  কোৱা হয়,  শদিয়াৰ ফালে চুতীয়াসকলৰ এখন ৰাজ্য আছিল।  গতিকে আহোমসকলৰ আগৰ পৰা চুতীয়াসকলে আৰম্ভ কৰা সেই ৰাজ্যত বিহুৰ আৰম্ভণি কৰা বুলি ক’ব পাৰি। পৰৱৰ্তী সময়ত আহোমসকলে ইয়াক নতুন ৰূপ দিছিল আৰু মানুহৰ মাজত জনপ্ৰিয় হৈ পৰিছিল।

কোৱা হয়, আহোমসকলৰ দিনত বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সম্ভৱতঃ সেইবাবে ৰংঘৰৰ বিহু জনপ্ৰিয়।  বিহুক লৈ সঠিককৈ একো ক’ব পৰা নাযায়, কিয়নো বিহুক লৈ বিভিন্নজনৰ বিভিন্ন মত আছে।  জয়ধ্বংজ সিংহৰ দিনত মিৰজুমলাই আহোম ৰাজ্য আক্ৰমণ কৰিছিল। সেই সময়ত তেওঁৰ লগত অহা ইতিবাসবিদ ছিহাবুদ্দিন তালিছে অসমক লৈ লিখা লিখনিত বিহুৰ বিষয়েও উল্লেখ আছিল।

স্বৰ্গদেই ৰুদ্ৰসিংহই বিহুক উৎসৱৰ মৰ্যদা দিছিল। পৰৱৰ্তী সময়ত ব্ৰিটিছৰ শাসনকালত বিহুলৈ নামি আহিছিল ঘোৰ অন্ধকাৰ। পাশ্চাত্য সংস্কৃতিৰ প্ৰৱেশ আৰু একাংইশ বিহুক বিজতৰীয়া কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। আনকি সেই সময়ত অৰুণোদয়, অসম বান্ধৱ আদিত বিহুৰ বিৰোধিতা চলিছিল।

১৮২৯ চনত হলিৰাম ঢেকিয়াল ফুকনৰ বিহুৰ বিৰোধিতাৰ পৰা , ইংৰাজে বিহুক নিষিদ্ধ কৰাৰ চেষ্টালৈকে, বিহুয়ে বহু ঘাট প্ৰতিঘাটৰ মাজেৰে অসমীয়া জাতীয় জীৱনৰ সৈতে সংপৃক্ত হৈ আছে।  তথ্য অনুসৰি, ১৮৮৯ চনত প্ৰথমখন ইংৰাজী অভিধান প্ৰণেতা বুধিনন্দ্ৰ নাখ ভট্টাচাৰ্যই বিহুক নটৰিয়াজ বুলি প্ৰৱন্ধ লিখিছিল।

কিন্তু অসমীয়াৰ মনৰ পৰা  বিহু ওলাই যাব পৰা নাছিল। এবাৰ গুৱাহাটীত গৰ্ডন চাহাবৰ আগত নগাঁৱৰ আনন্দ দাস, হালোৱা গাঁৱৰ ঢোলৰ ওজা মৈমত টিটিঙা হাজৰিকা আৰু তেওঁৰ ভনীয়েক চেনী গাভৰুৱে বিহু প্ৰদৰ্শন কৰিছিল।  একাংশ অসমীয়াই বিহুক অশ্লীলতাৰ পয়োভৰ বুলি উপস্থানপ কৰিব বিচাৰিছিল যদিও নৃত্য চাই গৰ্ডন চাহাবে বুজিছিল যে বিহুত অশ্লীলতা নাই। সেই সময়ত বিহুৰ পক্ষত থিয় দিছিল লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱলা, ৰজনীকান্ত বৰদলৈ আদিয়ে।

লাহে লাহে বিহুৰ জনপ্ৰিয়তা বৃদ্ধি পাইছিল আৰু  ই মঞ্চ বিহুলৈ ৰূপান্তৰিত হৈছিল। ১৯৩৪ চনত গোলাঘাটত মঞ্চ বিহু অনুষ্ঠিত কৰা হৈছিল আৰু ১৯৫৩ চনত গুৱাহাটীত ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত লতাশিল খেলপথাৰত বিহু সন্মিলনৰ আয়োজন কৰা বহৈছিল।  পৰৱৰ্তী সময়ত ভূপেন হাজৰিকা, খগেন মহন্ত আদিৰ দৰে লোকে এই বিহু ৰাইজৰ মাজলৈ লৈ গৈছিল। এনেকৈ বহু ঘাট-প্ৰতিঘাটৰ মাজেৰে বিহু অসমীয়াৰ জাতীয় উৎসৱ হৈছিল।

বৰ্তমান আৰু ভৱিষ্যত

সময়ৰ লগে লগে বিহু সলনি হৈছে। এটা সময়ত বিহু বুলিলে  আহতৰ তলত বিহু নাচা বুজাইছিল। গৰু বিহুৰ দিনা গৃহস্থই গৰু নদীৰ পাৰলৈ নি গা ধুৱাইছিল। পিছে এতিয়া সময় সলনি হৈছে। এতিয়া নদীৰ সলনি কিছুমানে পুুখুৰীত বা কিছুমানে ঘৰতেই গা ধুৱাই গৰু বিহু পালন কৰে। ইয়াৰোপৰি বিহুৰ সময়ত এতিয়া সাংস্কৃতিক সন্ধিয়া, ন-পুৰণি গায়কৰ গীতৰ শৰাই,  বিভিন্ন প্ৰতিযোগিতা আদি দেখিবলৈ পোৱা যায়। সম্ভৱতঃ আগন্তুক সময়ত বিহুৰ প্ৰতি ধাৰণা আৰু সলনি হ’ব।

কিন্তু বিহু অসমীয়াৰ আৱেগ। বিহুৰ ৰীতি-নীতি, পৰম্পৰা সলনি হ’লেও বিহুৰ প্ৰতি অসমীয়াৰ টান সদায় থাকিব।  বিহু অসমীয়াৰ প্ৰাণ। সেয়ে কোৱা হয় যেতিয়ালৈকে বিহু থাকিব তেতিয়ালৈকে অসময়ী থাকিব।