বিধানসভাত কি হৈছিল উপাধ্যক্ষ নোমল মমিনৰ সৈতে ? বিৰোধী বিধায়কে আক্ৰমণ কৰা অভিযোগ শাসকীয় দলৰ

আজি অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক সদনৰ ঠিক বাহিৰত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। প্ৰকৃততে কি হৈছিল ?

বিধানসভাত কি হৈছিল উপাধ্যক্ষ নোমল মমিনৰ সৈতে ? বিৰোধী বিধায়কে আক্ৰমণ কৰা অভিযোগ শাসকীয় দলৰ

অসম বিধানসভা

Published: 

24 Mar 2025 13:55 PM

বিধানসভাৰ ভিতৰত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ অস্বাভাৱিক আচৰণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আজি প্ৰতিবাদ সাব্য়স্ত কৰে বিৰোধী বিধায়কসকলে । ২১ মাৰ্চৰ দিনা বিধানসভাৰ ভিতৰত বিজেপিৰ বিধায়ক কুৰ্মীয়ে বিৰোধী বিধায়কক আক্ৰমণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিৰোধী বিধায়কক উদ্দেশ্যি গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছিল । এইলৈ আজি বিৰোধী কংগ্ৰেছৰ বিধায়সকলে ক’লা পোছাক পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে AIUDF ৰ বিধায়সকলে হাতত জেওৰা লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

এই প্ৰতিবাদৰ সময়তে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনক সদনৰ ঠিক বাহিৰত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। উল্লেখ্য যে, ২১ মাৰ্চত বিৰোধী বিধায়কক মৌখিকভাৱে গালি-গালাজ কৰা আৰু সদনৰ ভিতৰত শাৰীৰিক আক্ৰমণৰ চেষ্টা কৰা অভিযোগত শাসকীয় বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ক’লা পোছাক পৰিধান কৰি কংগ্ৰেছৰ বিধায়কসকলে অসম বিধানসভাত অংশগ্ৰহণ কৰে।

অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়কসকলে বিধানসভা ভৱনৰ অধ্যক্ষ চেম্বাৰৰ বাহিৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। প্ৰশ্ন ঘণ্টাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰে যে, “মমিনৰ পৰা হোৱাটছএপ পাইছিলোঁ যে, তেওঁক নুৰুল হুদাই আক্ৰমণ কৰিছিল আৰু তেওঁ এতিয়া চিকিৎসালয়ত ভৰ্তি হৈ আছে। সদনৰ বাহিৰত কি হৈছিল তাৰ তদন্তৰ বাবে আৰক্ষীৰ ওপৰত গোচৰ ৰুজু কৰিবলৈ অধ্যক্ষক অনুৰোধ জনাইছো আৰু আৰক্ষীয়ে তদন্ত কৰিব।”

তাৰ কিছু মুহূৰ্তৰ আগতে মমিনক সদনৰ ভিতৰত বহি অধিৱেশনত অংশগ্ৰহণ কৰা দেখা গৈছিল। এই বিষয়টো পৰীক্ষা কৰিবলৈ বিষয়াসকলক কৈছে বুলি জানিবলৈ দিয়ে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে । মুখ্যমন্ত্ৰীৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভা ভৱনৰ ভিতৰত সংঘটিত হোৱাৰ ঘটনাক আৰক্ষীৰ গোচৰ দিয়াৰ পৰিৱৰ্তে সদন সমিতিৰ তদন্তৰ দাবী জনায়।

ইফালে, উপাধ্যক্ষগৰাকীয়ে সদনত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “সদনত প্ৰৱেশ কৰাৰ পূৰ্বে কংগ্ৰেছৰ বিধায়কে বাধা দিয়াৰ চেষ্টা কৰিছিল । বাধা প্ৰদান কৰাৰ সময়ত হোৱা ঠেলা-হেঁচাত হাতত আঘাত পাইছো ।” তেওঁ হাতৰ পৰা ৰক্তক্ষৰণ হোৱা বুলিও কয় উপাধ্যক্ষগৰাকীয়ে । উপাধ্যক্ষ নোমল মমিনে এই কথাও কয় যে, ক’লা পোছাক পৰিধান কৰি বিধায়ক নৰুল হুদা আৰু তেওঁ সহযোগীয়ে বাধা প্ৰদান কৰে । বিধানসভাত এই ধৰণৰ কাৰ্য পূৰ্বে কেতিয়াও হোৱা নাই বুলি কয় উপাধ্যক্ষগৰাকীয়ে ।

ৰিয়ান পৰাগ কিমান সম্পত্তিৰ মালিক? শুনি হ'ব আচৰিত...
শৰীৰৰ কোন ঠাইত তিল থকা শুভ? জানক ইয়াৰ প্ৰতিটো অৰ্থ...
Hanuman Chalisa: হনুমান চালিছা কেতিয়া আৰু কেনেকৈ পাঠ কৰিব লাগে?
Period Cramps: মাহেকীয়াত পেটৰ বিষৰ সমস্যা কিয় হয়?