এসপ্তাহত বিজেপিৰ সদস্যপদ ল'লে ৰাজ্যৰ ১৩ লাখ লোকে ! | Sanghatan Parva, Sadasyata Abhiyan 2024 : 13 lakh enrolled as BJP members in one week in Assam: Himanta Biswa Sarma Assam news - Assam Tv9

এসপ্তাহত বিজেপিৰ সদস্যপদ ল’লে ৰাজ্যৰ ১৩ লাখ লোকে !

Updated On: 

09 Sep 2024 18:33 PM

ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদস্য ভৰ্তি অভিযানৰ অগ্ৰগতি বিষয়ে আলোচনা কৰে । এই সময়তে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দেশজুৰি আৰম্ভ হোৱা সদস্য ভৰ্তি অভিযানৰ প্ৰথম সপ্তাহৰ ভিতৰতে ৰাজ্যৰ প্ৰায় ১৩ লাখ লোক বিজেপিৰ সদস্য হৈছে ।

এসপ্তাহত বিজেপিৰ সদস্যপদ ললে ৰাজ্যৰ ১৩ লাখ লোকে !

বিজেপি (প্ৰতীকী ফটো)

Follow Us On

দেশজুৰি সদস্য ভৰ্তি অভিযান-২০২৪ অব্যাহত ৰাখিছে অসম ৰাজ্যিক বিজেপিয়ে । ৰাজ্যিক বিজেপিৰ কাৰ্যালয় ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদস্য ভৰ্তি অভিযানৰ অগ্ৰগতি বিষয়ে আলোচনা কৰে । এই সময়তে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দেশজুৰি আৰম্ভ হোৱা সদস্য ভৰ্তি অভিযানৰ প্ৰথম সপ্তাহৰ ভিতৰতে ৰাজ্যৰ প্ৰায় ১৩ লাখ লোক বিজেপিৰ সদস্য হৈছে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, যোৱা বছৰ সদস্যৰ সংখ্যা আছিল ১৮ লাখ । এই বছৰ এই সংখ্যা বৃদ্ধি পাব বুলি ৰাজ্যিক বিজেপিয়ে আশা কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শৰ্মাই কয়, ‘দেশজুৰি সদস্য ভৰ্তি অভিযান চলি আছে। সদস্যপদ নবীকৰণ হৈ আছে আৰু নতুন সদস্যও দলত অন্তৰ্ভুক্ত হৈছে ।’

তেওঁ লগতে কয় যে, ২ ছেপ্টেম্বৰৰ পৰা বিজেপিৰ সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হৈছিল । আৰম্ভ হোৱা দিনটোৰ পৰা সোমবাৰৰ বিয়লিলৈকে নতুন সদস্যকে ধৰি ১২.৯০ লাখ সদস্য দলটোত অন্তৰ্ভুক্ত হৈছে । ‘সাত দিনৰ ভিতৰত আমাৰ প্ৰায় ১৩ লাখ সদস্য আছে আৰু এই ক্ষেত্ৰত আমি শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত আছো। ২৫ ছেপ্টেম্বৰলৈকে এই অভিযান চলি থাকিব আৰু মই ৰাইজক এটা নিৰ্দিষ্ট নম্বৰত মিছড কল দি নিজকে বিজেপিৰ সদস্য হিচাপে নামভৰ্তি কৰিবলৈ আহ্বান জনাইছো।’ সাংবাদিকৰ আগত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, যোৱা বছৰ ১৮ লাখ সদস্যই পঞ্জীয়ন কৰিছিল আৰু এইবাৰ ৰাজ্যত এই সংখ্যা বৃদ্ধিৰ হ’ব বুলি দলটো আশাবাদী। তেওঁ কয়, ‘সময় থাকিলে আমি সদস্য নামভৰ্তিৰ বাবেও মেনুৱেল ফৰ্ম ব্যৱহাৰ কৰিম। যিবোৰ গাঁৱত ইণ্টাৰনেট নাই, সেইবোৰ গাঁৱত আমি হাতেৰে কামটো কৰিবলৈ চেষ্টা কৰিম।’ তিনি ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সদস্যপদ নবীকৰণ কৰিছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version