5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

আছুত উজনি-নামনি! ছাত্ৰ সন্থাৰ আভ্যন্তৰীণ বিষয়সমূহ আভ্যন্তৰীণভাৱে সমাধান হোৱাটো আমাৰ কাম্যঃ শংকৰজ্যোতি বৰুৱা

আছুত উজনি-নামনিৰ বিদ্ৰোহৰ উকমুকনি! আছুৰ দৰে জাতীয় অনুষ্ঠান এটাত বিভাজনকামী সিদ্ধান্তই পেলাইছে প্ৰভাৱ। সামাজিক মাধ্যমত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই দিলে এই বিশেষ পোষ্ট।

আছুত উজনি-নামনি! ছাত্ৰ সন্থাৰ আভ্যন্তৰীণ বিষয়সমূহ আভ্যন্তৰীণভাৱে সমাধান হোৱাটো আমাৰ কাম্যঃ শংকৰজ্যোতি বৰুৱা
আছুৰ উজনি-নামনি প্ৰতিক্ৰিয়াক লৈ মন্তব্য শংকৰজ্যোতি বৰুৱাৰ
Follow Us
barasha-misra
Barasha Misra | Published: 11 Sep 2024 16:35 PM

সদৌ অসম ছাত্ৰ সন্থাত সৃষ্টি হৈছে উজনি-নামনি। শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল’বলৈ আছু নেতৃত্বই পৰামৰ্শ দিয়াৰ পিছতে উজনিত বিদ্ৰোহৰ উকমুকনি হৈছে। বিভিন্নজনে সামাজিক মাধ্যমত লিখিছে যে, এয়া শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ।

কি অভিযোগ আছিল শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে ?

কিছুদিন পূৰ্বে আছুৰ সাধাৰণ সম্পাদকৰ পদত থকা শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে অভিযোগ উত্থাপন কৰিছিল যে ছাত্ৰ নেতাগৰাকীয়ে যুৱতীগৰাকীক প্ৰতাৰণা কৰিছে। যুৱতীগৰাকীয়ে মানসিক হতাশাৰ বলি হৈ অত্যাধিক মাত্ৰাত টেবলেট খাই মুমূৰ্ষ অৱস্থাত জি এম চি এইচত ভৰ্তি হ’বলগীয়া হৈছিল। ইয়াৰ পাছতে সামাজিক মাধ্যমত ছাত্ৰ নেতাগৰাকীৰ বিৰুদ্ধে বিভিন্ন কথা সমালোচনা হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে শংকৰজ্যোতি বৰুৱাই সকলো কথা সংবাদমাধ্যমৰ আগত জনায়।

ড৹ সমু্জ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি কৈছিল?

শংকজ্যোতি বৰুৱাৰ নাৰীকেন্দ্ৰিক বিৰ্তকক লৈ গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসত আছুৰ মুখ্য উপদেষ্টা আৰু সভাপতিয়ে মঙলবাৰে এক সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলতে মুখ্য উপদেষ্টা ড৹ সমু্জ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় “সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি আৰু সাংগঠনিক দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক অব্যাহতি ল’বলৈ বা ছুটীত থাকিবলৈ আমি পৰামৰ্শ দিছোঁ । আমি আশাবাদী তেওঁ আমাৰ কথাবোৰ মানি ল’ব ।”

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে ই সমগ্ৰ অসমতে ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ইয়াৰ লগতে শীঘ্ৰেই এখন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে ।

ইয়াৰ পিছতো যেন আছুত বিতৰ্ক শেষ হোৱা নাই

সংবাদমেলত শংকৰজ্যোতি বৰুৱাক অব্যাহতি ল’বলৈ বা ছুটীত থাকিবলৈ পৰামৰ্শ দিয়াৰ পিছত একাংশ আছু কৰ্মীয়ে সামাজিক মাধ্যমত লিখিবলৈ আৰম্ভ কৰিলে-”যুদ্ধ ঘোষণা কৰিলেই যেতিয়া আমি যুদ্ধ কৰিব সাজু। উজনিৰ ল’ৰা দুৰ্বল নহয়।” আন কোনোৱে লিখিছে– ”সদৌ অসম ছাত্ৰ সন্থা কাৰো ব্যক্তিগত সম্পত্তি নহয়। দুই-তিনিজন মুষ্টিমেয় ব্যক্তিয়ে নিজৰ মইমতালিৰে ছাত্ৰ সন্থা পৰিচালনা কৰাটো আমাৰ দৰে প্ৰাথমিক সদস্যসকলৰ বাবে অতি চিন্তনীয়। যি সময়ত জাতীয় জীৱনৰ দলিলস্বৰূপ NRC ৰ লগত ছাত্ৰ সন্থাৰ কিছু ব্যক্তি জড়িত আছে বুলি অভিযোগ দি আহিছে,সেই ক্ষেত্ৰতো ছাত্ৰ সন্থাৰ ভাৱমূৰ্তিত দাগ লাগিছে। কিন্তু ইমান অভিযোগৰ পিছতো সেই ব্যক্তিসকলৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। যিটো সময়ত ছাত্ৰ সন্থাক একাংশ ব্যক্তিয়ে বৃদ্ধ সন্থা বুলি কটাক্ষ কৰি সমাজৰ আগত হেয় প্ৰতিপন্ন কৰি আহিছে এই ক্ষেত্ৰতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে শীৰ্ষ নেতৃত্বই। কিন্তু তাৰে পৰিপ্ৰেক্ষিতত সাধাৰণ সম্পাদক গৰাকীৰ ব্যক্তিগত কাৰণৰ ওপৰত কেন্দ্ৰীয় নেতৃত্বই লোৱা এনে সিদ্ধান্তই কুটিল ষড়যন্ত্ৰৰ নিৰ্দেশ দিয়ে,যিটো সংগঠনৰ বাবে অশুভ লক্ষণ। ছাত্ৰ সন্থাৰ উজনি-নামনি এই লবি‌য়ে বিভিন্ন সময়ত বহুতো সম্ভাৱনাপূৰ্ণ নেতাৰ পাখি কটা(সাংগঠনিকভাৱে নিঃশেষ) ষড়যন্ত্ৰৰ বলি হৈছে। এই বেলিকাও এই কাণ্ড যে পৃথক নহয় আমাৰ দৰে সাধাৰণ সদস্যৰ মনে কয়।”

আছুত উজনি-নামনি!

আছুত উজনি-নামনি!

কি ক’লে শংকৰজ্যোতি বৰুৱাই?

এনেকৈয়ে আছুত উজনিত বিদ্ৰোহৰ উকমুকনি হয়। শংকৰৰ পক্ষত থাকি একাংশই এনেধৰণৰ বিতৰ্কমূলক পোষ্ট শ্বেয়াৰ কৰা পিছত আজি শংকৰজ্যোতি বৰুৱাই সামাজিক মাধ্যমত লিখে- ”ছাত্ৰ সন্থাৰ সকলো পৰ্যায়ৰ কৰ্মকৰ্তালৈ টানি অনুৰোধ জনাও যে সাম্প্ৰতিক সময়ত সৃষ্টি হোৱা বিতৰ্কক লৈ উজনি-নামনিৰ যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সেই চিন্তাৰ পৰা আঁতৰি থাকক । যিসকলে সামাজিক মাধ্যমত উজনি-নামনিৰ কথাবিলাক প্ৰকাশ কৰিছে সকলোকে অঁতৰাই দিবলৈ আহ্বান জনালোঁ । ছাত্ৰ সন্থাৰ আভ্যন্তৰীণ বিষয়সমূহ আভ্যন্তৰীণভাৱে সমাধান হোৱাটো আমাৰ কাম্য।”

 

Latest News