পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি পদত সৰ্বানন্দ সোণোৱালঃ মনোনয়ন প্ৰত্যাহাৰ ১৩ মন্ত্ৰী, বিধায়কৰ | Sarbananda Sonowal elected president of Assam Olympic Association Himanta Biswa Sarma Assam news - Assam Tv9

পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি পদত সৰ্বানন্দ সোণোৱালঃ মনোনয়ন প্ৰত্যাহাৰ ১৩ মন্ত্ৰী, বিধায়কৰ

Updated On: 

22 Sep 2024 21:00 PM

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুনৰ এবাৰ অসম অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত হৈছে। আনহাতে লক্ষ্য কোঁৱৰ নিৰ্বাচিত হৈছে সন্থাৰ সাধাৰণ সম্পাদক হিচাপে। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে বিজেপিৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়কে মনোনয়ন প্ৰত্যাহাৰ কৰে।

পুনৰ অসম অলিম্পিক সন্থাৰ সভাপতি পদত সৰ্বানন্দ সোণোৱালঃ মনোনয়ন প্ৰত্যাহাৰ ১৩ মন্ত্ৰী, বিধায়কৰ

অসম অলিম্পিক সন্থা

Follow Us On

আজি অনুষ্ঠিত হয় অসম অলিম্পিক সন্থাৰ নিৰ্বাচন। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুনৰ এবাৰ অসম অলিম্পিক সন্থাৰ সভাপতি নিৰ্বাচিত হৈছে। বিনা প্ৰতিদ্বন্দিতাৰেই তেওঁ নিৰ্বাচিত হৈছে সভাপতি হিচাপে। আনহাতে লক্ষ্য কোঁৱৰ নিৰ্বাচিত হৈছে সন্থাৰ সাধাৰণ সম্পাদক হিচাপে। লক্ষণীয়ভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েই অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে পৰম্পৰাগতভাৱে দায়িত্ব বহন কৰি আহিছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদ গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ নকৰাৰ পিছত সৰ্বানন্দ সোণোৱালক পুনৰ দায়িত্ব প্ৰদান কৰা হয়।

ইফালে অলিম্পিক সন্থাৰ এই নিৰ্বাচনত মন্ত্ৰী বিধায়কসহ বিজেপিৰ কেইবাগৰাকীও নেতাই প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ পিছত মনোনয়ন প্ৰত্যাহাৰ কৰে। পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, মানৱ ডেকা, তৰংগ গগৈ, ৰূপক শৰ্মা, দিগন্ত কলিতা, নব কুমাৰ দলেও এই তালিকাত আছিল বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মেই ৰাজ্যত এক সুস্থ ক্ৰীড়া পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হয় বুলি পীযুষ হাজৰিকাই জানিবলৈ দিয়ে। ইফালে ডিব্ৰুগড় আউটড’ৰ ষ্টেডিয়ামত এক অনুষ্ঠানৰ সময়ত অসম ফুটবল সন্থাৰ সভাপতি নব কুমাৰ দলেই নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে।

সাধাৰণ সম্পাদক পদৰ বাবে মুঠ ৫ জনে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। লক্ষ্য কোঁৱৰৰ লগতে বিজেপি নেতা তথা অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, বিজেপি নেতা তথা ছাত্ৰ যুৱকল্যাণ পৰিষদৰ সচিব গীতাৰ্থ গোস্বামী, অসম সাঁতোৰ সন্থাৰ ভাস্কৰ ৰঞ্জন দাস আৰু অসম বক্সিং সন্থাৰ সম্পাদক তথা ভাৰতীয় বক্সিং সন্থাৰ সচিব হেমন্ত কলিতা প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছিল।

ইফালে ৮ গৰাকী প্ৰাৰ্থীক সন্থাৰ সহকাৰী সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে। তেওঁলোক হৈছে ক্ৰমে হিমাংশু শ্বেখৰ বৈশ্য, অৰূপ কুমাৰ ঠাকুৰীয়া, অংশুমান দত্ত, আফতাব হুছেইন, বেনাজীৰ ৰছিদ, জাহিৰুল হক, ৰবীন শইকীয়া আৰু ৰাজেশ বৰা। যুটীয়া সম্পাদকৰ পদত বিজয়ী হৈছে উজ্জল বৰুৱা, তপন দাস, হীৰেন গগৈ, শান্তনু কলিতা, ৰাতুল শৰ্মা, নিৰঞ্জন শইকীয়া।

অশোক কুমাৰ ভৰালী এই নতুন সমিতিৰ কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। উপসভাপতি পদত নিৰ্বাচিত হৈছে সুশান্ত বিশ্ব শৰ্মা, শিলাদিত্য দেৱ, ৰাজীৱ শৰ্মা, সুবুধ মল্ল বৰুৱা, মৃগাংক দেৱবৰ্মন, মুৰুলীধৰ চৌধুৰী, কবিৰঞ্জন ব্ৰহ্ম, ৰাজ ককাতী, বাণীব্ৰত দাস, প্ৰশান্ত প্ৰতিম কাঠকটিয়া।

একেদৰে কাৰ্যকৰী সদস্য হিচাপে নিৰ্বাচিত হৈছে ক্ৰমে কৰুণা শইকীয়া, শান্তনু পূজাৰী, গীতাৰ্থ দাস, জীতেন বৰঠাকুৰ, ৰঞ্জিত বড়ো, আদৰ্শ চৌধুৰী, জিতু বৰদলৈ, পংকজ ৰাম বড়ো, এল হেমন্ত সিং, হিমাঞ্জন শৰ্মা, তুহিন হাজৰিকা, দুষ্মন্ত বৰা, বিৰ্জু ৰাম, শৰত হাজৰিকা আৰু প্ৰণিল দৈমাৰী।

ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version