বৃদ্ধি পাব ত্ৰিপাক্ষিক বাণিজ্য ! আজি মুকলি কৰা হ’ল যোগীঘোপাৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেল…
ভূটান-বাংলাদেশৰ সৈতে বাণিজ্য বৃদ্ধিৰ আশাৰে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল যোগীঘোপাৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেল (আই ডব্লিউ টি) । মঙলবাৰে অসমৰ যোগীঘোপাৰ এই আভ্যন্তৰীণ জলপথ টাৰ্মিনেল (আই ডব্লিউ টি)মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

অপেক্ষাৰ অন্ত পৰিল । ভূটান-বাংলাদেশৰ সৈতে বাণিজ্য বৃদ্ধিৰ আশাৰে আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল যোগীঘোপাৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেল (আই ডব্লিউ টি) । মঙলবাৰে অসমৰ যোগীঘোপাৰ এই আভ্যন্তৰীণ জলপথ টাৰ্মিনেল (আই ডব্লিউ টি)মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই উপলক্ষে বঙাইগাঁও জিলাৰ যোগীঘোপাত অনুষ্ঠিত এক অনুষ্ঠানত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰীয়ে ভূটানৰ উদ্যোগ, বাণিজ্য আৰু নিয়োগ মন্ত্ৰী লিয়নপ’ নামগ্যাল দৰ্জীৰ উপস্থিতিত টাৰ্মিনেলটো দেশবাসীৰ বাবে মুকলি কৰে বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা হৈছে ।
ইয়াত লগতে কোৱা হৈছে যে, এই উপলক্ষে বাংলাদেশলৈ কয়লা আৰু চিপছ কঢ়িয়াই নিয়া দুখন জাহাজ আৰু দুখন বাৰ্জক কেন্দ্ৰীয় মন্ত্ৰীয়ে ফ্লেগ অফ কৰে। ভূটানৰ গেলেফুৰ পৰা ৯১ কিলোমিটাৰ দূৰত্বত, ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ১০৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা ১৪৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই টাৰ্মিনেলটোৱে কৌশলগত বাণিজ্যিক গুৰুত্ব লাভ কৰিছে।
Press interaction at the inauguration of IWT Terminal in Jogighopa| 📽️ https://t.co/lUGALhjTD5
— Sarbananda Sonowal (@sarbanandsonwal) February 18, 2025
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়,”টাৰ্মিনেলটো বাংলাদেশ আৰু ভূটানৰ সৈতে আমাৰ ত্ৰিপাক্ষিক বাণিজ্যিক সম্পৰ্কৰ বাবে অতি গুৰুত্বপূৰ্ণ।” ২০২৭ চনৰ ভিতৰত এই টাৰ্মিনেলটোৱে বছৰি ১১ লাখ টন সামগ্ৰী পৰিচালনা কৰাৰ সম্ভাৱনা আছে বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, আজিৰ দিনটোত এম ভি পদ্ম নেভিগেচন-II জাহাজৰ লগতে বাৰ্জ অজয় আৰু দিক্ষুৱে ১১০ মেট্ৰিক টন কয়লা কঢ়িয়াই নিয়াৰ বিপৰীতে এম ভি ত্ৰিশূলে বাংলাদেশলৈ ষ্টোন চিপছ কঢ়িয়াই লৈ নিছে।
কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, “জোগীঘোপাৰ আই ডব্লিউ টি টাৰ্মিনেলে অঞ্চলটোৰ সংযোগক শক্তিশালী কৰাৰ লগতে ভূটান আৰু বাংলাদেশৰ সৈতে আমাৰ ত্ৰিপাক্ষিক বাণিজ্যক শক্তিশালী কৰিবলৈ সাজু হৈছে। ইয়াৰ কৌশলগত অৱস্থানে অঞ্চলটোৰ অৰ্থনৈতিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।” উল্লেখ্য যে, ৮২ কোটি টকাতকৈ অধিক ব্যয়ৰে নিৰ্মাণ কৰা হৈছে যোগীঘোপা এই টাৰ্মিনেলটো ।