ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন,মহানগৰীৰ পাণ্ডুঘাটত ‘সামুদ্রিক বিমান’ৰ ট্ৰায়েল ৰান!

ৰাজ্যৰ যাতায়াত, পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ বিশেষ পদক্ষেপ৷ মহানগৰীৰ পাণ্ডুঘাটত SEAPLANEৰ ট্ৰায়েল ৰান৷ মেছাৰ্ছ ডি হাভিলেণ্ড কানাডাৰ সহযোগত SEAPLANEৰ পৰীক্ষণ৷ বৰঝাৰৰ পৰা পাণ্ডুলৈ চি-প্লেনত পৰীক্ষামূলক ভ্ৰমণ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ।

ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন,মহানগৰীৰ পাণ্ডুঘাটত সামুদ্রিক বিমানৰ ট্ৰায়েল ৰান!

মহানগৰীৰ পাণ্ডুঘাটত 'সামুদ্রিক বিমান'ৰ ট্ৰায়েল ৰান!

Updated On: 

15 Nov 2024 13:02 PM

পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ বাবে চৰকাৰৰ পদক্ষেপ। অন্ধ্ৰপ্ৰদেশ, মেঘালয়ৰ পিছত এইবাৰ অসমত SEAPLANE। পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে উত্তৰ পূবত SEAPLANE।মেঘালয়ৰ উমিয়ামত SEAPLANEৰ সফল পৰীক্ষণ। আজি গুৱাহাটীত SEAPLANEৰ সফল পৰীক্ষণ। অচিৰেই অসম তথা মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত SeaPlane ৰ সংযোজনে সূচনা কৰিব এক নতুন দিগন্তৰ। গুৱাহাটী বিমানবন্দৰৰ পৰা পাণ্ডু ঘাটলৈ SEAPLANEৰ পৰীক্ষণ। দেশৰ যাতায়াত আৰু পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ পদক্ষেপ। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উদ্যোগত দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে SEAPLANEৰ পৰীক্ষণ প্ৰক্ৰিয়া।

ৰাজ্যৰ যাতায়াত, পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে কেন্দ্ৰৰ এই বিশেষ পদক্ষেপ৷ মহানগৰীৰ পাণ্ডুঘাটত আজি অনুষ্ঠিত হয় SEAPLANEৰ ট্ৰায়েল ৰান৷  মেছাৰ্ছ ডি হাভিলেণ্ড কানাডাৰ সহযোগত SEAPLANEৰ পৰীক্ষণ কৰা হয়৷ বৰঝাৰৰ পৰা পাণ্ডুলৈ ছিপ্লেনত পৰীক্ষামূলক ভ্ৰমণ মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ।

এই সন্দৰ্ভত সামজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মন্ত্রী জয়ন্ত মল্লবৰুৱাই লিখিছে- “অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন আশাৰ ৰেঙণি!আজি পুৱা মেছাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে আয়োজন কৰা সামুদ্রিক বিমানৰ (seaplane / amphibian airplane) প্ৰদৰ্শনী উৰণত অংশগ্ৰহণ কৰোঁ। আমি LGBI বিমানবন্দৰৰ পৰা উৰা মাৰি এটা চমকপ্ৰদ অভিজ্ঞতাৰে পাণ্ডু ঘাটত অৱতৰণ কৰোঁ৷ এই প্ৰদৰ্শনে নিশ্চিতভাৱে অসমৰ পৰ্যটন খণ্ডৰ শ্রীবৃদ্ধিৰ বাবে ছিপ্লেনৰ সম্ভাৱনীয়তাক উজ্জ্বল কৰি তুলিছে। এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে মেচাৰ্ছ ডি হেভিলেণ্ড কানাডা আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অদূৰ ভৱিষ্যতে তেওঁলোকৰ সহযোগিতাৰে অসমৰ পৰ্যটনক উন্নীত কৰিবলৈ আমি আগ্ৰহী।”

 

এই পৰীক্ষামূলক প্ৰক্ৰিয়াই সংযোগ আৰু পৰ্যটন উদ্ভাৱনৰ এক নতুন অধ্যায় চিহ্নিত কৰিছে। য’ত সাগৰীয় বিমানবোৰে পানীৰ পৃষ্ঠৰ লগতে পৰম্পৰাগত বিমানবন্দৰৰ ৰানৱেত উৰণ আৰু অৱতৰণ কৰিবলৈ সক্ষম। এই পদক্ষেপে নদী, হ্ৰদ আৰু উপকূলীয় অঞ্চলত পূৰ্বে উপলব্ধ গন্তব্য স্থানসমূহক সংযোগ কৰি ভ্ৰমণৰ বিকল্প বৃদ্ধি আৰু অধিক পৰ্যটন আকৰ্ষিত কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। স্থানীয় কৰ্তৃপক্ষ আৰু বিমান বিশেষজ্ঞসকল আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু দূৰৱৰ্তী স্থানত ভ্ৰমণ অধিক সুলভ কৰি তোলাত SEAPLANEৰ ভূমিকাক লৈ আশাবাদী।

 

কোন আছিল ভগৱান কৃষ্ণৰ গুৰু, যাৰ পৰা ১৪টা বিদ্যা, ৬৪টা কলা শিকিছিল?
মহানগৰীৰ পাণ্ডুঘাটত SEAPLANEৰ পৰীক্ষণমূলক প্ৰদৰ্শন
বিলাহী খালে শৰীৰৰ কি কি উপকাৰ হয়?
আপোনাৰ স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী মিঠা আলু