এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ সৈতে দেওবাৰে সন্ধিয়া কি ঘটিছিল ? অসম আৰক্ষীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তই তেওঁৰ লগত সংঘটিত ঘটনাকলৈ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেব চালকজনৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ২৯ ডিচেম্বৰত গুৱাহাটীত জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক অপদস্থ কৰিছিল এগৰাকী কেব চালকে ।

এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ সৈতে দেওবাৰে সন্ধিয়া কি ঘটিছিল ? অসম আৰক্ষীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

30 Dec 2024 12:24 PM

ৰাজ্য়ৰ জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক এগৰাকী কেব চালকে অপদস্থ কৰাৰ ঘটনাকলৈ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি । অধিকাংশ সচেতন লোকে এই ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ লগতে কেব চালকজনৰ বিৰুদ্ধে আৰক্ষীয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাইছে সচেতন লোকে । ইফালে জ্যেষ্ঠ সাংবাদিক গৰাকীয়েও কেব চালকজনৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে ।

উল্লেখ্য যে, জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তই তেওঁৰ লগত সংঘটিত ঘটনাকলৈ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰাৰ সময়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেব চালকজনৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ২৯ ডিচেম্বৰত গুৱাহাটীত জ্যেষ্ঠ সাংবাদিক মাইনী মহন্তক অপদস্থ কৰিছিল এগৰাকী কেব চালকে ।

অভিযোগ অনুসৰি, দেওবাৰে আবেলি পাঞ্জাবাৰীৰ এক অনুষ্ঠানৰ পৰা এখন কেবত ঘৰলৈ উভতি অহাৰ সময়ত মাইনী মহন্তৰ সৈতে এই ঘটনা সংঘটিত হয় । জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে অভিযোগ কৰে যে, গাড়ীখনত এচি দিয়া নিদিয়া বিষয়তে তেওঁৰ সৈতে অসৎ আচৰণ কৰিছিল কেব চালকজনে । একেদৰে আধা ৰাস্তাতে কেবৰ পৰা নমাই দিয়াৰো অভিযোগ উত্থাপন কৰিছে মাইনী মহন্তই । কলাক্ষেত্ৰৰ পৰা সন্ধিয়া নিজৰ বাসগৃহলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা।

এক্স হেণ্ডেলৰ জৰিয়তে মাইনী মহন্তই ঘটনাৰ সন্দৰ্ভত কয় যে, ‘বুজাই দিলে যে, ধূলিৰ এলাৰ্জীৰ বাবে এয়াৰ কণ্ডিচনাৰ অন কৰিবলৈ কোৱা এটা সাধাৰণ অনুৰোধ কেনেকৈ গালি-গালাজ আৰু শাৰীৰিক ভাবুকিলৈ পৰিণত হয়। তেওঁ কয় যে, ‘কালি নিশা গুৱাহাটীত ওবেৰ প্ৰিমিয়াৰ বুকিং কৰিলোঁ। ড্ৰাইভাৰক এচি অন কৰিবলৈ ক’লোঁ যদিও তেওঁ “এচি ৰাইড বুকিং কৰা নাই” বুলি নাকচ কৰিলে। যেতিয়া মোৰ ধূলিৰ এলাৰ্জীৰ বাবে মই তেওঁক এচি অন কৰিবলৈ অনুৰোধ কৰিলোঁ, তেতিয়া তেওঁ মোক অভদ্ৰভাৱে ক’লে যে, মই যদি এচি বিচাৰো তেন্তে গাড়ীৰ পৰা নামি যাব লাগে।’

‘ওবেৰৰ এনে কোনো কেটেগৰী আছে নেকি বুলি সোধা-পোছা কৰিবলৈ স্বামীক ফোন কৰিলোঁ । ইয়াৰ পাছতে ড্ৰাইভাৰে নিৰ্জন পথত গাড়ীখন ৰখাই দিলে আৰু লগতে গালি-গালাজ কৰিলে আৰু জোৰ কৰি গাড়ীৰ পৰা নমাই দিবলৈ চেষ্টা কৰিলে । জীৱনৰ ভয়ত মই গাড়ীৰ পৰা নামি আহিলোঁ ।’ এই ঘটনাটো এইদৰে বাখ্যা কৰিছে মাইনী মহন্তই । উল্লেখ্য যে, অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টেগ কৰি সামাজিক মাধ্যমত ঘটনাৰ বিৱৰণ দাঙি ধৰিছে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে ।

ইফালে, এই সন্দৰ্ভত দিছপুৰ থানাত এফআইআৰ দাখিল কৰাৰ কথা উল্লেখ কৰিছে মাইনী মহন্তই । জানিব পৰা মতে, আৰক্ষীয়ে ইতিমধ্য়ে তদন্ত আৰম্ভ কৰিছে ।

পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি
খেলৰত্ন বঁটা বিজয়ী হিচাপে মনু, গুকেশ, হৰমনপ্ৰীত আৰু প্ৰবীণে কিমান ধন লাভ কৰিব জানেনে?