শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উমৰাংছুত ভয়ংকৰ ঘটনা, কয়লা খনিত আৱদ্ধ প্ৰায় ১৫ শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাৰ সহায় বিচাৰিছে মুখ্যমন্ত্ৰীয়ে…

উমৰাংছুৰ এটা কয়লা খনিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । তিনিকিলোৰ এটা কয়লা কুৱেৰীত ১৫ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰা খবৰ লাভ কৰা গৈছে । হঠাতে পানীৰে কুৱেৰীটো ভৰি পৰাৰ ফলতে শ্ৰমিক কেইজন আৱদ্ধ হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

উমৰাংছুত ভয়ংকৰ ঘটনা, কয়লা খনিত আৱদ্ধ প্ৰায় ১৫ শ্ৰমিক, উদ্ধাৰৰ বাবে সেনাৰ সহায় বিচাৰিছে মুখ্যমন্ত্ৰীয়ে…
উমৰাংছুৰ কয়লা খনিImage Credit source: X Handle
manas-borah
Manas Borah | Updated On: 06 Jan 2025 20:35 PM

অসমৰ ডিমা হাছাও জিলাৰ এটা কয়লা খনিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে । তিনিকিলোৰ এটা কয়লা কুৱেৰীত ১৫ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰা খবৰ লাভ কৰা গৈছে । হঠাতে পানীৰে কুৱেৰীটো ভৰি পৰাৰ ফলতে শ্ৰমিক কেইজন আৱদ্ধ হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । সূত্ৰৰ খবৰ অনুসৰি, কিমান জন শ্ৰমিক কুৱেৰীটোত অৱদ্ধ হৈ আছে সেই কথা স্পষ্ট নহয় যদিও হঠাতে পানীয়ে কুৱেৰীটো ভৰি পৰাৰ ফলত এই ঘটনা সংঘটিত হয় বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

সূত্ৰৰ মতে, জিলাখনৰ উমৰাংছ’ৰ তিনিকিলো অঞ্চলত অৱস্থিত এটা কয়লা কুৱেৰীত সংঘটিত হৈছে এই ঘটনা। কুৱেৰীৰ কৰ্মচাৰীৰ মতে খনিটোৰ ভিতৰত প্ৰায় ১৫ জন শ্ৰমিক আছিল যদিও কৰ্তৃপক্ষই এতিয়ালৈ শ্ৰমিকৰ সংখ্যা নিশ্চিত কৰা নাই। ইফালে এই ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও দুখ প্ৰকাশ কৰি সামাজিক মাধ্যম এক্স হেণ্ডেলত এটা পোষ্ট দিছে । এই পোষ্টৰ জৰিয়তে উদ্ধাৰ অভিযানৰ বাবে সেনাৰ সহায়ো বিচাৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সামাজিক মাধ্যম এক্স হেণ্ডেলত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে যে, ‘উমৰাংছুৰ কয়লা খনিত শ্ৰমিক আবদ্ধ হৈ পৰা খবৰটো অতি দুখজনক। সঠিক সংখ্যা আৰু অৱস্থা এতিয়াও জানিব পৰা হোৱা নাই। উপায়ুক্ত, এছ পি আৰু মোৰ সহকৰ্মী কৌশিক ৰায় লৰালৰিকৈ ঘটনাস্থলীত উপস্থিত হৈছে । সকলোৰে সুৰক্ষাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ।’

উদ্ধাৰ অভিযানত সেনাৰ সহায় বিচৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে । তেওঁ কয়,’ চলি থকা উদ্ধাৰ অভিযানত আমি সেনাবাহিনীৰ সহায় বিচাৰিছো। এছডিআৰএফ আৰু এনডিআৰএফও এই উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ঘটনাস্থলীত উপস্থিত হৈছে।’ ইফালে ডিমা হাছাওৰ আৰক্ষী অধীক্ষক মায়ংক ঝাই সংবাদ মাধ্যমৰ আগত কয় যে, কেইবাজনো শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

প্ৰত্যক্ষদৰ্শীৰ বিৱৰণী আৰু প্ৰাৰম্ভিক মূল্যায়নৰ পৰা অনুমান কৰা হৈছে যে, অভাৱনীয়ভাৱে কুৱৰীটোত পানী ভৰি পৰাত শ্ৰমিকসকলে খনিৰ পৰা ওলাই আহিব নোৱাৰিলে । এই ঘটনা সংঘটিত হোৱাৰ পাছতে উদ্ধাৰ অভিযান তৎক্ষণাত আৰম্ভ কৰা হয় বুলি বিষয়াসকলে জানিবলৈ দিছে ।

Latest News