5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

জামিন নাকচ, যিকোনো মুহূৰ্তত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ সম্ভাৱনা

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। এগৰাকী যুৱতীয়ে আনিছিল প্ৰতাৰণাৰ গুৰুতৰ অভিযোগ। আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোক ফৰিয়াদী মাখন ফুকনে। পূৰ্বে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰ বৰুৱাই।

জামিন নাকচ,  যিকোনো মুহূৰ্তত শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ সম্ভাৱনা
শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ সম্ভাৱনা
Follow Us
trishna-kalita
Trishna Kalita | Published: 21 Sep 2024 18:59 PM

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ জামিন নাকচ। কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে জামিন। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে শংকৰজ্যোতি বৰুৱা। এগৰাকী যুৱতীয়ে আনিছিল প্ৰতাৰণাৰ গুৰুতৰ অভিযোগ। আদালতত চৰকাৰী পক্ষৰ হৈ যুক্তি দৰ্শাইছিল লোক ফৰিয়াদী মাখন ফুকনে। পূৰ্বে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰ বৰুৱাই।

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে বহু বিস্ফোৰক আৰু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী যুৱতীয়ে৷ যুৱতীগৰাকীয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতিৰ বিৰুদ্ধে প্ৰেমৰ নামত প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰিছিল। কিছুদিন পূৰ্বে আছু সাধাৰণ সম্পাদকৰ পদ এৰিছিল শংকৰজ্যোতি বৰুৱাই।

যুৱতীগৰাকীয়ে উল্লেখ কৰা অনুসৰি দীৰ্ঘদিন ধৰি শংকৰজ্যোতি বৰুৱাৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল তেওঁ। দুয়োৰে বিয়া পতাৰ কথাও আছিল কিন্তু চলিত বৰ্ষৰ প্ৰথম ভাগত ছাত্ৰ নেতাগৰাকীয়ে যুৱতীগৰাকীক প্ৰতাৰণা কৰে। শংকৰজ্যোতি বৰুৱাৰ এনে কাণ্ডৰ পাছতেই যুৱতীগৰাকী শাৰীৰিক আৰু মানসিকভাৱে ভাগি পৰিছিল আৰু আৰম্ভ কৰিছিল ঔষধ সেৱন কৰাৰ। এনেকৈয়ে মানসিক হতাশাৰ বলি হৈ যুৱতীগৰাকীয়ে অত্যাধিক মাত্ৰাত টেবলেট খাই আত্মহত্যাৰ চেষ্টা চলায়। প্ৰায় ২ দিন পূৰ্বে নিশা প্ৰায় ১২.৩০ মান বজাত ছাত্ৰীৰগৰাকীৰ মুমূৰ্ষ অৱস্থাত জি এম চি এইচত ভৰ্তি কৰোৱা হয়। জি এম চি এইচৰ অধীক্ষক অভিজিত শৰ্মাৰ মতে ছাত্ৰীগৰাকীয়ে কেইবাটাও এন্টিবায়টিক সেৱন কৰাৰ ফলত মানসিক অৱস্থাৰ অৱনতি ঘটিছিল।

পাছত যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ কথা স্বীকাৰ কৰি শংকৰজ্যোতি বৰুৱাই কয় যে, “মোৰ যুৱতীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। মই ভাবো, প্ৰেম কোনো অপৰাধ নহয়। বিশ্ববিদ্যালয়ৰ এখন সভালৈ যাওঁতে তেওঁৰ লগত চিনাকী হৈছিল আৰু পাছত আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। যোৱা ১ বছৰৰ পৰা আমাৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু পৰৱৰ্তী সময়ত এই সংঘাত বাঢ়ি গৈছিল। যুৱতীগৰাকীয়ে কোৱা ধৰণে বিগত ৬ মাহ ধৰি যুৱতীগৰাকীৰ লগত মোৰ কোনো সম্পৰ্ক নাই। তেওঁ কোৱো সকলো কথায়েই সত্য। তেওঁ মোৰ মাৰ লগতো কথা পাতিছে।”

ঘটনাৰ কিছুদিন পাছতে সামাজিক মাধ্যমযোগে অব্যাহতি লোৱাৰ কথা ঘোষণা কৰে শংকৰে। তাৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হ’ব চৰ্জুন হান্সে। নাৰীকেন্দ্ৰিক বিতৰ্কত সোমাই পৰা শংকৰজ্যোতি বৰুৱাই ১২ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদকৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ পাছতেই ১৮ ছেপ্টেম্বৰত প্ৰাথমিক সদস্যৰ পদো ত্যাগ কৰে। তাৰ পাছতে আছুৰ কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে জনজাতীয় নেতা চৰ্জুন হান্সেৰ হাতত দিয়া হ’ব আছুৰ দায়িত্ব।

Latest News