5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিস্ময়েৰে বিস্মিত কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল শশী ফুকন..

শুকুৰবাৰে নিশা প্ৰায় ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় আলোচনী বিস্ময়ৰ প্ৰকাশক তথা প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ। দীৰ্ঘদিনীয়া শাৰীৰিত অসুস্থাতাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা চিৰনিদ্ৰাত ঢলি পৰে অসমীয়া সাহিত্যত এক বিশেষ যুগৰ স্ৰষ্টাগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

বিস্ময়েৰে বিস্মিত কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল শশী ফুকন..
শশী ফুকনৰ দেহাৱসান
monjit-dutta
Monjit Dutta | Published: 26 Oct 2024 08:13 AM

অন্ত পৰিল অসমীয়া সাহিত্যৰ এক অনন্য যুগৰ। অসমীয়া আলোচনী সাহিত্যৰ জগতখনত এক অবিস্মৰণীয় পৰশ দি চিৰদিনৰ বাবে চকু মুদিলে শশী ফুকনে। পাঠকক বিস্ময়েৰে বিস্মিত কৰি তুলি নিজেই এক স্মৃতি হৈ পৰিল অসমীয়া সাহিত্যৰ এইগৰাকী কাণ্ডাৰী। শুকুৰবাৰে নিশা প্ৰায় ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় আলোচনী বিস্ময়ৰ প্ৰকাশক তথা প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ। দীৰ্ঘদিনীয়া শাৰীৰিত অসুস্থাতাৰ সৈতে যুঁজি অৱশেষত শুকুৰবাৰে নিশা চিৰনিদ্ৰাত ঢলি পৰে অসমীয়া সাহিত্যত এক বিশেষ যুগৰ স্ৰষ্টাগৰাকী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

শাৰীৰিক অসুস্থতাৰ বাবে শশী ফুকন বিগত প্ৰায় ডেৰমাহ সময় চিকিৎসাধীন অৱস্থাত আছিল। প্ৰথমে তেওঁক গুৱাহাটী মহানগৰৰে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হয় ৷ অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালৰ বিচনাত মৃত্যুৰ সৈতে কঠিন যুঁজৰ অন্তত কালি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে সন্ধিয়া দুটাকৈ ষ্ট্ৰোক অহাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছিল। এনে পৰিস্থিতিত তেওঁক সুস্থ কৰি তোলাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকলে পাৰ্যমানে চেষ্টা চলায় যদিও চিকিৎসকসকলৰ এই চেষ্টা মূৰকত অথলে যায় আৰু মৃত্যুৰ হিমশীতল কোলাত শুই পৰে শশী ফুকন। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে শোকস্তব্ধ হৈ পৰে ৰাজ্য।

উল্লেখ্য যে অসমীয়া আলোচনী সাহিত্যক এক ন-গতি দিছিল শশী ফুকনে। এক ব্যতিক্ৰমী ৰূপত তেওঁ ১৯৬৮ চনত প্ৰকাশ কৰি উলিয়াইছিল বিস্ময় নামৰ এখন মাহেকীয়া আলোচনী। বিস্ময়ে অসমীয়া সাহিত্যৰ পুৰণি সাহিত্যিকসকলৰ সমান্তৰালকৈ নতুন লেখকসকলকো সাহিত্য চৰ্চাৰ এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰে আৰু ন-পুৰণিৰ সাহিত্য সমন্বয়েৰে এই আলোচনীখনে ক্ৰমাৎ অসমীয়া সাহিত্য ক্ষেত্ৰৰ এক উল্লেখনীয় কীৰ্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰে।

গত ২০১৮ চনত ৫০ বছৰ সম্পূৰ্ণ কৰা বিস্ময়ৰ পাততে আত্মপ্ৰকাশ ঘটে বহুকেইগৰাকী অসমীয়া সাহিত্যিকৰ। যোৱা পাঁচাটা দশক ধৰি প্ৰজন্মৰ পিছত প্ৰজন্মৰ শৈশক-কৈশোৰ তথা যৌৱনক আলোড়িত কৰি ৰাখিছিল শশী ফুকনৰ সম্পাদনাত প্ৰাণ পাই উঠা বিস্ময়ে। সেয়ে বিস্ময় আলোচনী হৈ পৰে অসমীয়া আলোচনী সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ তথা জনপ্ৰিয় আলোচনী।

পাঁচটাকৈ দশক জুৰি অসমীয়া পাঠকক অনন্য স্বাদ প্ৰদান কৰি অহা বিস্ময়ৰ প্ৰকাশ শেহতীয়াকৈ বন্ধ হৈ পৰিছিল। কিন্তু নিজৰ মানসপুত্ৰস্বৰূপ এই আলোচনীখনক পুনৰবাৰ ন-ৰূপত সজাই তুলি প্ৰকাশ কৰিবলৈ বদ্ধপৰিকৰ আছিল শশী ফুকন। আৰু এই প্ৰচেষ্টাতে চলিত মাহত প্ৰকাশ পায় বিস্ময়ৰ নতুন সংখ্যা। পিছে বিস্ময়ৰ এই ন-জাগৰণ প্ৰত্যক্ষ কৰিবলৈ আৰু জীয়াই নাথাকিল শশী ফুকন।

Latest News