বিশিষ্ট শিল্পী ড০ অনিমা চৌধুৰী, মুকুল ৰাভালৈ ২০২৫ বৰ্ষৰ শিল্পী বঁটা, ঘোষণা ২০২৪ৰ নটসূৰ্য ফণী শৰ্মা বঁটা…
২০২৫ বৰ্ষৰ শিল্পী বঁটা কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ লগতে বিশিষ্ট লোকশিল্পী মুকুল ৰাভালৈও আগবঢ়োৱা হ'ব। অসমীয়া সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত গাইছে। লগতে আন ৩ গৰাকী বৰেণ্য ব্যক্তিলৈ প্রদান কৰা হ’ব ৩টাকৈ ৰাজ্যিক পৰ্যায়ৰ বঁটা।
ঘোষণা কৰা হৈছে ২০২৫ বৰ্ষৰ শিল্পী বঁটা আৰু ২০২৪ৰ নটসূৰ্য ফণী শৰ্মা বঁটা৷ লগতে সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটা, ভীমবৰ দেউৰী বঁটাও ঘোষণা৷ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে ঘোষণা কৰিলে বঁটা প্ৰাপকৰ নাম । বিশিষ্ট শিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ ২০২৫ বৰ্ষৰ শিল্পী বঁটা৷
এই সন্দৰ্ভত দিছপুৰত সংবাদমেল সম্বোধন কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। ২০২৫ বৰ্ষৰ শিল্পী বঁটা কণ্ঠশিল্পী ড০ অনিমা চৌধুৰীৰ লগতে বিশিষ্ট লোকশিল্পী মুকুল ৰাভালৈও আগবঢ়োৱা হ’ব। অসমীয়া সংগীত জগতৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু এলবামত কেইবাটাও জনপ্ৰিয় গীত গাইছে। তেওঁ আধুনিক গীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বিহুগীত, টোকাৰী গীত, বিয়ানাম, নামঘোষা, ৰাজস্থানী গীত, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত আদি বিভিন্ন ধৰণৰ গীতত কণ্ঠদান কৰিছে৷
বিশিষ্ট অভিনেত্রী ৰেবা ফুকনক প্ৰদান কৰা হ’ব ২০২৪ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা। নাট্য সাহিত্যৰ বাবে অভিনেত্রীগৰাকীলৈ এই বঁটা। অভিনেত্রী হীৰা নেওগলৈ আগবঢ়োৱা হ’ব সাহিত্যাচাৰ্য অতুল চন্দ্র হাজৰিকা বঁটা । ভ্ৰাম্যমাণ থিয়েটাৰত নিজৰ অৱদানৰ বাবে প্ৰতি ৩ বছৰৰ মূৰে মূৰে আগবঢ়োৱা হয় এই বঁটা। আৱাহন, কহিনুৰ, হেঙুল আদি নাট্যগোষ্ঠিৰ এগৰাকী পৰিচিত শিল্পী হীৰা নেওগ। দেউতা, মাটিৰ গাড়ী, শৰাগুৰি চাপৰি, অসীমত যাৰ হেৰাল সীমা, বাঘজাল, আইৰ চকুলো, শংকৰদেৱ, কৱৰ আৰু কংকাল, মুখ্যমন্ত্ৰী, মৃত্যুঞ্জয়, মহানদী গংগা আদি বহু মঞ্চ নাটকত তেওঁৰ বলিষ্ঠ অভিনয়েৰে সকলোৰে মন জয় কৰিছে। লগতে উপ-পথ, শেৱালী, এই দেশ মোৰ দেশ , শেষ উপহাৰ, উজনিৰ দুজনি গাভৰু, গৰম বতাহ, মন, ৰিচাং আদি বিভিন্ন কথাছবিটো তেওঁ অভিনয় কৰিছে।
Addressed the media today to announce the recipients of the prestigious “Silpi Awards 2025” amongst others.
Was proud to announce that the government of Assam has decided to confer the awards to
🏆Silpi Award 2025
*️⃣ Dr. Anima Choudhury – Eminent Playback Singer
*️⃣ Mukul… pic.twitter.com/ST52m1q3Xg— Bimal Borah (@BimalBorah119) January 5, 2025
ইয়াৰ উপৰিও আন ৩ গৰাকী বৰেণ্য ব্যক্তিলৈ প্রদান কৰা হ’ব ৩টাকৈ ৰাজ্যিক পৰ্যায়ৰ বঁটা। ভীমবৰ দেউৰী বঁটাৰ বাব মনোনীত কৰা হৈছে বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্রহ্মক । প্ৰতি ২ বছৰৰ মূৰে মূৰে ভীমবৰ দেউৰীৰ স্মৃতিত আগবঢ়োৱা হয় এই বঁটাজনজাতীয় সমাজখনৰ এক শক্তিশালী সমন্বয় স্থাপন কৰাৰ অৰ্থে প্ৰদান কৰা এই বঁটা। এই প্রতিটো বঁটাত আছে নগদ দুই লাখ টকাৰ নগদ ধন, মানপত্র আৰু অংগবস্ত্র ।
উল্লেখ্য যে ১৭ জানুৱাৰীত প্ৰতি বছৰে ৰাজ্যত উদযাপন কৰা হয় শিল্পী দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদ্যাপন কৰা হয় এই দিনটো। এই ৰাজ্য চৰকাৰে গোলাঘাটত ৰাজ্য চৰকাৰে আয়োজন কৰিছে শিল্পী দিৱস। উক্ত কাৰ্যসূচীতে বিশিষ্ট শিল্পীসকলক প্ৰদান কৰা হ’ব এই বঁটাসমূহ। দিছপুৰত সংবাদমেল সম্বোধন কৰি এই ঘোষণা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ।