বামুণীমৈদামত ভয়ংকৰ ঘটনা ! জেলৰ পৰা ওলাই আহিয়েই পত্নী-কন্যাক হত্যা কৰি চৰমপন্থা ল’লে লোহিতে…

বামুণীমৈদামৰ ৰে'লৱে আবাসিক কলনীৰ এটা ঘৰৰ কোঠাত উদ্ধাৰ কৰা হৈছে তিনিটাকৈ মৃতদেহ । জানিব পৰা মতে, এই মৃতদেহ তিনিটা একেটা পৰিয়ালৰে বুলি অনুমান কৰিছে আৰক্ষীয়ে ।

বামুণীমৈদামত ভয়ংকৰ ঘটনা ! জেলৰ পৰা ওলাই আহিয়েই পত্নী-কন্যাক হত্যা কৰি চৰমপন্থা ললে লোহিতে...

প্ৰতিনিধিত্বমূলক ফটো

Updated On: 

12 Feb 2025 18:35 PM

গুৱাহাটীৰ বামুণীমৈদামত এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰৰ খবৰ অনুসৰি বামুণীমৈদামৰ ৰে’লৱে আবাসিক কলনীৰ এটা ঘৰৰ কোঠাত উদ্ধাৰ কৰা হৈছে তিনিটাকৈ মৃতদেহ । জানিব পৰা মতে, এই মৃতদেহ তিনিটা একেটা পৰিয়ালৰে বুলি অনুমান কৰিছে আৰক্ষীয়ে । ইফালে ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে ।

এক সূত্ৰৰ খবৰ অনুসৰি, কোঠাটোৰ ভিতৰত উদ্ধাৰ হোৱা মৃতদেহ তিনিটা পিতৃ-মাতৃ-কন্যা বুলি জানিব পৰা গৈছে । মৃত অৱস্থাত উদ্ধাৰ হোৱা লোক কেইজনৰ নাম হৈছে- লোহিত ঠাকুৰীয়া, জুলি ডেকা আৰু কন্যা ঋত্বিকা । ইফালে,  প্ৰথমে পত্নী-কন্যাক হত্যা কৰি লোহিত ঠাকুৰীয়া নামৰ লোকজনে চৰমপন্থা লোৱা বুলি সন্দেহ প্ৰকাশ হৈছে । মনকৰিবলগীয়া যে, উদ্ধাৰ হোৱা তিনিওটা মৃতদেহত আঘাতৰ চিন আছে বুলি জানিব পৰা গৈছে ।

দুপৰীয়া ভাগত ঘৰটোৰ পৰা কোনো ওলাই নহাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে । ইয়াৰ পাছতে আৰক্ষীৰ দল সেই ঘৰটোত উপস্থিত হয় । আৰক্ষী উপস্থিত হোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

কিন্তু প্ৰাথমিক পৰ্যায়ত পাৰিবাৰিক কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ইফালে আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, লোহিত ঠাকুৰীয়া জুলি ডেকাৰ দ্বিতীয় স্বামী বুলি প্ৰাথমিক পৰ্য়ায়ত তথ্য পোহৰলৈ আহিছে । সমান্তৰালভাৱে যিগৰাকী কন্যাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সেই কন্যাগৰাকীৰ প্ৰকৃত পিতৃ নহয় লোহিত ঠাকুৰীয়া । কন্যাগৰাকী পূৰ্বৰ পিতৃ আগতেই মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

অৰ্থাৎ কন্যাগৰাকীৰ পূৰ্বৰ পিতৃৰ মৃত্যুৰ পাছতে তেওঁৰ মাতৃ লোহিত নামৰ এই মৃত লোকজনৰ সৈতে স্বামী-স্ত্ৰী হিচাপে আছিল।

এগৰাকী আৰক্ষীৰ বিষয়াই সদৰী কৰা মতে, বামুণীমৈদামৰ ৰে’লৱে কলনীৰ যিটো কোঠাত এই হত্যাকাণ্ড সংঘটিত হৈছে সেই কোঠাটো জুলি ডেকা নামৰ মহিলাৰগৰাকীৰ নাম আছে । জুলি ডেকাই ৰে’লৱে মেকানিকেল বিভাগত কাম কৰিছিল । কন্যাৰ সৈতে ৰে’লৱে কলনীতে আছিল জুলি ডেকা ।

ইফালে, লোহিত ঠাকুৰীয়া সৈতে জুলি ডেকাই দ্বিতীয় বিবাহ কৰা বুলিও সদৰী কৰিছে আৰক্ষীয়ে । প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰে যে, কালি সন্ধিয়া জুৰি ডেকা ঘৰলৈ আহিছিল লোহিত ঠাকুৰীয়া । মনকৰিবলগীয়া যে, জুলি ডেকাই যোৱা বছৰ POCSO আইনৰ অধীনত লোহিতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিতে লোহিতক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে । কাৰাগাৰৰ পৰা ওলাই আহিয়ে এই হত্যাকাণ্ড সংঘটিত কৰি নিজে চৰমপন্থা লয় লোহিতে ।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?