5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল ভিডিঅ’! শিলচৰত দুটা ভয়ংকৰ ঘটনা

মানুহ যিমানেই শিক্ষিত হৈছে সিমানেই যেন নীচ হৈ পৰিছে! বৰ্তমান সময়ত সমাজত সংঘটিত কিছুমান ঘটনাই এই কথাই যে প্ৰমাণ কৰে। শেহতীয়াকৈ শিলচৰৰ পৰা পোহৰলৈ আহিছে মৰেল পুলিচিঙৰ ঘটনা। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিল ভিডিঅ’! শিলচৰত দুটা ভয়ংকৰ ঘটনা
প্ৰতীকি ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 23 Dec 2024 18:04 PM

মানুহ যিমানেই  শিক্ষিত, আধুনিক হৈছে সিমানেই যে নীচ হৈ পৰিছে! একাংশলোকৰ কৰ্ম কাণ্ডই এই কথাই যেন প্ৰমাণিত কৰে। শিক্ষিত সমাজ লজ্জিত কৰা এনে দুই ঘটনা পোহৰলৈ আহিছে ৰাজ্যৰ দুটা পৃথক অঞ্চলৰ পৰা। পোহৰলৈ অহা তথ্য অনুসৰি দেওবাৰৰ দিনা কাছাৰৰ শিলচৰ চহৰত সংঘটিত হৈছে দুটাকৈ মৰেল পুলিচিঙৰ ঘটনা।  দিনৰ পোহৰতে এই ঘটনা শিলচৰৰ চদৰঘাত অঞ্চলত সংঘটি হৈছে। এই সমগ্ৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ বিৰাজ কৰিছে।

জানিব পৰা মতে, ইয়াৰে এটা ঘটনা সংঘটিত হৈছে শিলচৰৰ চদৰঘাটৰ স্বামী বিবেকানন্দ মূৰ্তিৰ সন্মুখত। অবৈধ বাংলাদেশী বুলি একাংশলোকে এজন লোকক নৃশংসভাৱে আক্ৰমণ কৰে। ঘটনা সন্দৰ্ভত অৱগত হৈ লগে লগে উক্ত স্থানত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে। কিন্তু আৰক্ষীৰ কথালৈ গুৰুত্ব নিদি একাংশলোকে লোকজনক প্ৰহাৰ কৰিয়েই থাকে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে ভুক্তভোগীক উদ্ধাৰ কৰি থানালৈ লৈ যায়।

জানিব পৰা মতে ভুক্তভোগী লোকজন কাইয়ুম আহমেদ খান বুলি চিনাক্ত হৈছে। তেওঁ মণিপুৰৰ ইম্ফলৰ বাসিন্দা আৰু মণিপুৰ আৰক্ষীত কৰ্মৰত। কোনো কামৰ বাবে তেওঁ মণিপুৰৰ পৰা শিলচৰলৈ আহিছিল। কিন্তু অবৈধ বাংলাদেশী বুলি সন্দেহ কৰি ৭-৮ জনীয়া এটা দলে তেওঁক চদৰঘাট এলেকাত মাৰপিট কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আজিৰ দিনটোতেই শিলচৰত আন এক মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে। দ্বিতীয়টো ঘটনা সংঘটিত হৈছে কাছাৰৰ বৰাক নৈৰ ওপৰত থকা চদৰঘাট দলঙত। জানিব পৰা মতে মানসিকভাৱে বিকাৰগ্ৰস্ত এজনলোকক সোধা পোছাৰ বাবে একাংশলোকে আটক কৰে। পৰৱৰ্তী সময়ত এই দলটোয়ে ভুক্তভোগী লোকজনক দলঙৰ ওপৰত থকা খুঁটাত বান্ধি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে।

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অৱগত হৈ উক্ত স্থানত আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে ভুক্তভোগী লোকজনক উদ্ধাৰ কৰি হাস্পাতাললৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। উল্লেখ কৰা প্ৰয়োজন যে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত অভিযুক্তৰ মুখ স্পষ্ট হৈ আছে। বৰ্তমানলৈকে এই ঘটনাৰ লগত জড়িত কোনোলোকক আৰক্ষীয়ে আটক কৰিব পৰা নাই।  ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব।

মনকৰিবলগীয়া যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পাৰ প্ৰায়ে এনে ধৰণৰ বিক্ষিপ্ত ঘটনা পোহৰলৈ আহে। এনে ধৰণৰ ঘটনাই সমগ্ৰ মানৱ জাতিক লজ্জিত কৰি যায়। শিলচৰৰ এই দুটা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা হাতত লয় সেয়া সময়ত হ’ব লক্ষণীয়।

Latest News