শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তালিবানীৰ দৰে মোক মঞ্চৰ পৰা নমাই দিয়া হ’ল: সংবাদমেল সম্বোধন কৰি দিগন্ত ভাৰতীয়ে দিলে দুটা চৰ্ত

অসমৰ প্ৰখ্যাত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। মঞ্চলৈ মাতি নি শিল্পীগৰাকীক অপদস্থ কৰাৰ অভিযোগ বিহু কমিটীখনৰ বিৰুদ্ধে। চানমাৰিৰ  পূৱ গুৱাহাটীৰ বিহু মঞ্চত সংঘটিত হৈছে এই ঘটনা। তাৰ পাছত জাঙোৰা খাই উঠিছে ৰাজ্যৰ সচেতন মহল। তেওঁক অপমান কৰাতো সহ্যকৰ কৰা নহ'ব বুলি উল্লেখ কৰে একাংশ লোকে।

তালিবানীৰ দৰে মোক মঞ্চৰ পৰা নমাই দিয়া হ’ল:  সংবাদমেল সম্বোধন কৰি দিগন্ত ভাৰতীয়ে দিলে দুটা চৰ্ত
কণ্ঠশিল্পী দিগন্ত ভাৰতী
trishna-kalita
Trishna Kalita | Updated On: 17 Apr 2025 15:18 PM

আকৌ এবাৰ বিতৰ্কত সোমাই পৰিছে অসমৰ বিহু কমিটী। পুনৰ এবাৰ বিহু মঞ্চত শিল্পীক অপমানিত কৰাৰ অভিযোগ। বৰ্তমান ৰাজ্যৰ চৌদিশে চলিছে বিহু অনুষ্ঠান। গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে জনপ্ৰিয় কণ্ঠশিল্পীসকলক। বিহু অনুষ্ঠানত কৰা অশালীন ব্যৱহাৰৰ বাবে প্ৰায় প্ৰতিবছৰে বিতৰ্কত সোমাই পৰে অসমৰ বিভিন্ন বিহু কমিটী। এইবাৰো ইয়াৰ ব্যাতিক্ৰম নহ’ল। আকৌ বিহু মঞ্চতে অপমানিত হ’বলগীয়া হ’ল অসমৰ এগৰাকী প্ৰখ্যাত শিল্পী। যাক লৈ এতিয়া ৰাজ্যজুৰি চলিছে চৰ্চা। বিহু কমিটীখনৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে সাংস্কৃতিপ্ৰেমী ৰাইজ। সামাজিক মাধ্যমত বিভিন্নজনে আগবঢ়াইছে বিভিন্ন মন্তব্য।

ঘটনা অনুসৰি অসমৰ প্ৰখ্যাত কণ্ঠশিল্পী দিগন্ত ভাৰতীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। মঞ্চলৈ মাতি নি শিল্পীগৰাকীক অপদস্থ কৰাৰ অভিযোগ বিহু কমিটীখনৰ বিৰুদ্ধে। চানমাৰিৰ  পূৱ গুৱাহাটীৰ বিহু মঞ্চত সংঘটিত হৈছে এই ঘটনা। তাৰ পাছত জাঙোৰা খাই উঠিছে ৰাজ্যৰ সচেতন মহল। তেওঁক অপমান কৰাতো সহ্যকৰ কৰা নহ’ব বুলি উল্লেখ কৰে একাংশ লোকে। লগতে পূব গুৱাহাটী চান্দমাৰী বিহু কমিটীয়ে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনায়। বিহু কমিটীৰ লোকে মদ্যপান কৰি কণ্ঠশিল্পীগৰাকীক অপদস্থ কৰাৰ অভিযোগ।

ইফালে আজি এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে কণ্ঠশিল্পী দিগন্ত ভাৰতীয়ে। তেওঁ কয়,   “প্ৰথম কথা কালি মই গীত গাবলৈ যোৱা নাছিলোঁ। চানমাৰিত মোৰ পৰিবাৰৰ অনুষ্ঠান আছিল, মই দৰ্শক হৈ গৈছিলোঁ। তেওঁলোকৰ অনুৰোধতহে গীত গাবলৈ গৈছিলোঁ। তালিবানীৰ দৰে কিয় মোক মঞ্চৰ পৰা নমাই দিয়া হ’ল। ভদ্ৰভাৱে যদি কথা খিনি ক’লে হয় মই মানি ল’লো হয়। মোৰ পত্নীয়ে গীত গাই থাকোতে মাইকটো বন্ধ কৰি দিছে। মুখত তেওঁ লোকৰ মদৰ গোন্ধ। মোৰ সন্দেহ হৈছে যে,কমিটি দুটা ভাগত বিভক্ত হৈছে। পূৰ্বেও চানমাৰি বিহু মঞ্চ‌ই শিল্পীক অপমান কৰিছে।”

তেওঁ লগতে কয়, “আমি ইতিবাচক মানুহ। মই সদায় পাহৰি যোৱা মানুহ। মই আজিলৈ ক’তো বিতৰ্ক কৰা নাই। গালি-গালাজো পৰা নাই, কাকো বেয়াকৈ কোৱা নাই। এয়া মোৰ সাংস্কৃতিক কেৰিয়াৰৰ প্ৰথম এনেকুৱা ঘটনা।  মই সন্মান বিচাৰি যোৱা নাছিলো। আন দৰ্শকৰ দৰে মই দৰ্শকৰ শাৰীতহে আছিলো। এই ঘটনাই মোক বহুত কষ্ট দিলে তেওঁলোকে ক্ষমা খুজিব লাগিব আৰু মোৰ পত্নীৰ অনুষ্ঠান পৰিৱেশনৰ মাননি ঘৰত দি থৈ যাওঁক আয়োজক সমিতিয়ে।”

উল্লেখ্য যে, বুধবাৰে মহানগৰীৰ চানমাৰিৰ বিহু মঞ্চত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী। য’ত দিগন্ত ভাৰতীক মঞ্চত দেখা পাই গীত পৰিৱেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজকে। কিন্তু তাৰ পাছতে অনুষ্ঠানৰ মাজতে সংঘটিত হয় এই ঘটনাটো। মঞ্চত থাকোঁতে আয়োজকে শিল্পীগৰাকীৰ হাতৰ পৰা মাইক্ৰ’ফোন কাঢ়ি নিয়ে। জিন্স পিন্ধি মঞ্চত উঠাৰ বাবেই চৰম অপমান কণ্ঠশিল্পী দিগন্ত ভাৰতীক।