5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

উত্তৰ ছিকিমত তুষাৰপাতৰ ফলত আবদ্ধ ৬ অসমৰ পৰ্যটকক উদ্ধাৰ…

ছিকিম আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, উত্তৰ ছিকিমত প্ৰচণ্ড তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰা মটৰ চাইকেলেৰে যাত্ৰা কৰা অসমৰ ৬ গৰাকী পৰ্যটকক উদ্ধাৰ কৰা হয়। দেওবাৰে নিশা মংগন জিলাৰ লাচুঙৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত থকা য়াকচেত আবদ্ধ হৈ পৰে পৰ্যটকসকল।

উত্তৰ ছিকিমত তুষাৰপাতৰ ফলত আবদ্ধ ৬ অসমৰ পৰ্যটকক উদ্ধাৰ…
গেংটক, ছিকিমImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 30 Dec 2024 17:08 PM

উত্তৰ ছিকিমত প্ৰচণ্ড তুষাৰপাতে পৰ্যটক সকলৰ বাবে ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে । বিশেষকৈ তুষাৰপাতৰ ফলত যাত্ৰা কৰাত অসুবিধা সন্মুখীন হৈছে মটৰ চাইকেলেৰে যাত্ৰা কৰাৰ পৰ্যটকসকল । শেহতীয়াকৈ উত্তৰ ছিকিমত প্ৰচণ্ড তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰা মটৰ চাইকেলেৰে যাত্ৰা কৰা অসমৰ ৬ গৰাকী পৰ্যটকক উদ্ধাৰ কৰাৰ খবৰ লাভ কৰা গৈছে । এই তথ্য প্ৰকাশ কৰিছে ছিকিম আৰক্ষীয়ে ।

সোমবাৰে ছিকিম আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, উত্তৰ ছিকিমত প্ৰচণ্ড তুষাৰপাতৰ বাবে আবদ্ধ হৈ পৰা মটৰ চাইকেলেৰে যাত্ৰা কৰা অসমৰ ৬ গৰাকী পৰ্যটকক উদ্ধাৰ কৰা হয়। দেওবাৰে নিশা মংগন জিলাৰ লাচুঙৰ পৰা প্ৰায় ১০ কিলোমিটাৰ নিলগত থকা য়াকচেত আবদ্ধ হৈ পৰে পৰ্যটকসকল।

আবদ্ধ হৈ পৰা এই পৰ্যটকসকলক স্থানীয় ৰাইজৰ সহযোগত ছিকিম আৰক্ষীয়ে উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে । পথত ক’লা বৰফৰ পৰাৰ বাবে মটৰ চাইকেল চলাচল কৰাত অসম্ভৱ হৈ পৰে । ইয়াৰ ফলতে এই পৰ্যটকসকল সেই স্থানত আবদ্ধ হৈ পৰে বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিছে ।

উদ্ধাৰ অভিযানৰ অন্তত সোমবাৰে পুৱালৈকে সীমান্ত পথ সংস্থাই(Border Roads Organisation) যুমথাং উপত্যকালৈ যোৱা পথটো মুকলি কৰি দিয়ে। কৰ্তৃপক্ষই অৱশ্যে ভ্ৰমণকাৰীসকলক সাৱধান হ’বলৈ আহ্বান জনাইছে, কাৰণ ক’লা বৰফ(black ice) এতিয়াও সম্ভাৱ্য বিপদ হৈয়ে আছে। বিষয়াসকলে যাত্ৰাৰ পূৰ্বে পথৰ অৱস্থা পৰীক্ষা কৰি প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ দিছে ।

ইফালে, সূত্ৰ খবৰ অনুসৰি, অহা ১ জানুৱাৰীত ভাৰত-চীন সীমান্তৰ সমীপৰ ছিকিমৰ নাথুলালৈ পৰ্যটকক যাত্ৰা কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ছিকিম প্ৰশাসনে । ২০২৫ চনৰ প্ৰথম দিনটোত পৰ্যটকসকলক নাথুলা ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ২০২৫ চনৰ ১ জানুৱাৰীত নাথুলাত এখন বিশেষ সীমান্ত কৰ্মীৰ বৈঠক অনুষ্ঠিত হ’ব । ইয়াৰ বাবে নাথুলা আৰু ইয়াৰ আশে-পাশে থকা পৰ্যটক আৰু সাধাৰণ নাগৰিকৰ চলাচলত দিনটোৰ বাবে সাময়িকভাৱে বাধা আৰোপ কৰা হৈছে । বৈঠকৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিছে ।

ইয়াৰ সমান্তৰালভাৱে আন আন পৰ্যটনস্থলী যেনে টছমগো হ্ৰদ আৰু বাবা মন্দিৰ দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব। সেই অনুসৰি ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ পৰ্যটকসকলক আহ্বান জনাইছে বিষয়াসকলে।

INPUT-PTI

Latest News